--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় মহিলা ক্ৰিকেট দলক নেতৃত্ব দিয়া মিতালী ৰাজে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা আজি ঘোষণা কৰে। সোঁহতীয়াৰ বেটছমেনগৰাকীয়ে ২৩ বছৰৰ পাছত ক্ৰিকেট কেৰিয়াৰক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে। মিতালীয়ে নিজেই সামাজিক মাধ্যমত এই অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰে। 

তেওঁৰ অৱসৰ ঘোষণাৰ লগে লগে সামাজিক মাধ্যমৰ পৰা বিভিন্নজনে শুভেচ্ছা দিছিল। দেশ আৰু বিদেশৰ বহু প্ৰাক্তন তথা বৰ্তমান সকলো ক্ৰিকেটাৰে মিতালীক তেওঁৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছে। 

মিতালীয়ে ১৯৯৯ চনতে এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২৩২ খন খেলত ৭,৮০৫ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ ১২ খন টেষ্টত ৬৯৯ ৰাণ আছে। শিখৰ ধৱন, সুৰেশ ৰাইনা, দিনেশ কাৰ্তিকৰ পৰা ৱাছিম জাফৰলৈকে ক্ৰিকেটাৰসকলে মিতালীক শুভেচ্ছা জনাইছে। 

অৱসৰৰ বাৰ্তাত মিতালীয়ে কয়, 'ভাৰতৰ নীলা জাৰ্চী পিন্ধিবলৈ মোৰ যাত্ৰা অতি কম বয়সৰ পৰাই আৰম্ভ হৈছিল। এই যাত্ৰাত বহুতো ভাল সময় আৰু বেয়া সময় আহিছে। বহুতো উত্থান-পতন হৈছে। প্ৰতিটো ঘটনাই মোক কিবা নতুন শিকাইছে। যোৱা ২৩ বছৰ মোৰ জীৱনৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ, আটাইতকৈ আমোদজনক। আন সকলোবোৰৰ দৰে, এই যাত্ৰাটো সমাপ্ত হয়। আজি, মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছো। যেতিয়াই মই খেলপথাৰলৈ ওলাই গৈছিলো। মই ভাৰতক জিকাবলৈ যথাসাধ্য চেষ্টা কৰিছিলো। ত্ৰিৰংগাক প্ৰতিনিধিত্ব কৰাৰ প্ৰতিটো মুহূৰ্ত মই উপভোগ কৰিছিলো।'

এক টুইটযোগে তেওঁ কয় যে এই সময়ক অৱসৰৰ সঠিক সময় বুলি ভাবি আছে। কাৰণ এতিয়া ভাৰতীয় দলটো যুৱ আৰু যোগ্য খেলুৱৈৰ হাতত আছে। তেওঁ লগতে কৈছিল যে তেওঁ অৱসৰ ল'লেও, খেলৰ সৈতে জড়িত হৈ থাকিব আৰু ভাৰতীয় মহিলা ক্ৰিকেটৰ উন্নতিৰ বাবে কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ