--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে ইতিমধ্যেই নিজকে প্ৰতিষ্ঠা কৰিছে বিৰাট কোহলীয়ে। এই সময়ত বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ক্ৰিকেটাৰো হৈছে বিৰাট। খেলপথাৰত নিজৰ বেটিং বিক্ৰমৰ বাবে জনাজাত কোহলীয়ে খেলপথাৰৰ বাহিৰতো নিজৰ ষ্টাইলিছ চেহেৰাই অনুৰাগীক আকৰ্ষিত কৰি আহিছে। ক্ৰিকেট ফিল্ডত এটাৰ পিছত আন এটাকৈ অভিলেখ ভাঙি নতুন অভিলেখ ৰচা কোহলীয়ে এইবাৰ গঢ়িছে এক ডিজিটেল অভিলেখ। 

ভাৰত আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে মঙলবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা অতিক্ৰম কৰে। এইদৰে সামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা স্পৰ্শ কৰা প্ৰথম ভাৰতীয় তথা এছিয়ান হিচাপে পৰিগণিত হৈছে কোহলী। 

লগতে সামগ্ৰিকভাৱে এই ঈৰ্ষণীয় মাইলষ্ট’ন অতিক্ৰম কৰা বিশ্বৰ ভিতৰতে কেৱল মাত্ৰ তৃতীয়গৰাকী খেলুৱৈতো পৰিণত হয় কোহলী। সামাজিক মাধ্যমত কেৱল লিঅ'নেল মেছি (৩৩৩ মিলিয়ন) আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰহে (৪৫০ মিলিয়ন) কোহলীতকৈ অধিক অনুৰাগী আছে।

দুশ মিলিয়ন অনুৰাগীৰ সংখ্যা স্পৰ্শ কৰাৰ লগে লগে কোহলীয়ে তেওঁৰ অনুৰাগী সকলক ধন্যবাদ জনায়। এটা ইনষ্টাগ্ৰাম পোষ্টত কোহলীয়ে কয়, "২০০ মিলিয়নেৰে শক্তিশালী। আপোনালোকৰ এই সমৰ্থনৰ বাবে ধন্যবাদ।" 

উল্লেখ্য যে শেহতীয়াকৈ ৰান মেচিন ৰূপে খ্যাত কোহলী নাই নিজৰ স্বাভাৱিক ফৰ্মত। বিগত দুটা বছৰত স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে কোহলী। এসময়ত বিশ্বমানৰ তাৰকা বলাৰক নিৰ্দয় প্ৰহাৰেৰে তড়িৎ গতিত ৰান সংগ্ৰহ কৰা কিং কোহলী শেহতীয়াকৈ হৈ পৰিছে তেনেই নিষ্প্ৰভ। এটাৰ পিছত এটাকৈ শতক অৰ্জনেৰে ক্ৰিকেট জগতত ‘আনষ্টপেবল ৰান মেচিন’ আখ্যা পোৱা কোহলীৰ বেটৰ পৰা বিগত দুটা বৰ্ষত নিৰ্গত হোৱা নাই এটাও শতক।

যোৱা বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপৰ পিছত কোহলীয়ে টি-২০ ফৰ্মেটৰ অধিনায়কৰ পদো ত্যাগ কৰিছিল। তাৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) কোহলীক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা আঁতৰাই ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত টেষ্ট অধিনায়কত্বও ত্যাগ কৰিছিল কোহলীয়ে। 

সদ্য সমাপ্ত আই পি এলৰ পূৰ্বে কোহলীৰ ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়ক পদৰ পৰাও অব্যাহতি লৈছিল কোহলীয়ে। অৱশ্যে দলৰ হৈ প্ৰতিযোগিতাখনত ভাগ লৈছিল যদিও ৰান সংগ্ৰহত ব্যৰ্থ হৈছিল কোহলী। 

ক্ৰিকেট ফিল্ডত এনেদৰে ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ অহাৰ পিছতো তাৰকাগৰাকীৰ প্ৰতি হ্ৰাস পোৱা নাই অনুৰাগীৰ মৰম। এতিয়াও কিং কোহলীৰ প্ৰতি আছে প্ৰতিজন তাৰকাৰে অগাধ বিশ্বাস। আৰু এই বিশ্বাসৰে প্ৰতিফলিত প্ৰমাণ সামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ মৰম। 

উল্লেখ্য যে ৯ জুনৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাত বিশ্ৰাম দিয়া হৈছে কোহলীক। কোহলীসহ দলৰ কেইবাগৰাকীও জেষ্ঠ খেলুৱৈ এই সময়ত ব্যস্ত থাকিব ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্টৰ বাবে অনুশীলনত। 

তদুপৰি চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। দলৰ বেটিং ক্ৰমৰ মূল স্তম্ভ হিচাপে কোহলী এনে সময়ত ফৰ্মলৈ ঘূৰি অহা অতি প্ৰয়োজন। অনুৰাগীৰ আশা, কোহলীয়ে তাৰ পূৰ্বেই নিজৰ স্বভাৱসিদ্ধ ফৰ্মৰ প্ৰমাণ দি সকলোকে আশ্বস্ত কৰিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ