--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ টেনিছ ইতিহাসৰ শ্ৰেষ্ঠ খেলুৱৈৰ তালিকাত ছানিয়া মিৰ্জাৰ নাম সদায়ে সন্নিৱিষ্ট হৈ আছে। ছানিয়া মিৰ্জাই হৈছে টেনিছৰ মহিলা একক ৰেংকিঙত শীৰ্ষ-১০০ ত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় মহিলা। ২০০৭ চনত ছানিয়াই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ২৭ তম স্থানত উপনীত হৈছিল। কেৰিয়াৰত স্বেতলানা কুজনেৎসোভা, ভেৰা জভোনাৰেভা আৰু মেৰিয়ন বাৰ্টোলিৰ, মাৰ্টিনা হিঙ্গিছ, দিনাৰা চাফিনা আৰু ভিক্টোৰিয়া আজাৰেঙ্কাৰ দৰে তাৰকা খেলুৱৈক পৰাজিত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে। 

অৱশ্যে চিংগলছতকৈ কেৰিয়াৰত এগৰাকী ডাবলছ খেলুৱৈ হিচাপেহে অধিক সফল আছিল ছানিয়া। ছানিয়াই মহিলাৰ ডাবলছ আৰু মিক্সড ডাবলছৰ কেৰিয়াৰত ৬ টাকৈ গ্ৰেণ্ডশ্লেম অৰ্জন কৰিছে। ডাবলছৰ বিশেষজ্ঞ খেলুৱৈ হিচাপে সুনাম অৰ্জা ছানিয়া মিৰ্জাই ডাবলছ ৰেংকিঙত শীৰ্ষস্থানো দখল কৰিছিল। ভাৰতৰ এই টেনিছ চাঞ্চল্যগৰাকীয়ে ২০১০ চনত পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অৱশ্যে বিবাহসূত্ৰে পাকিস্তানী হ’লেও ছানিয়াই এতিয়ালৈকে ভাৰতৰ হৈছে আন্ত:ৰাষ্ট্ৰীয় টেনিছত প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছে। ইতিমধ্যে ৩৫ বৰ্ষীয় তাৰকাগৰাকীয়ে চলিত বৰ্ষৰ পাছতেই টেনিছ কেৰিয়াৰ সামৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে।

ছানিয়াৰ এই পৰিকল্পনাৰ কথা প্ৰকাশ পোৱাৰ পাছতে পাকিস্তানৰ এগৰাকী শীৰ্ষ টেনিছ তাৰকাই ছানিয়ালৈ আগবঢ়াইছে এক বিশেষ আহ্বান। আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ ছানিয়াৰ স্বামী মালিককো অনুৰোধ জনাইছে তাৰকাগৰাকীয়ে। মেহক খোখা নামৰ এই পাকিস্তানী টেনিছ খেলুৱৈগৰাকীক দেশখনৰ শীৰ্ষ-৪ গৰাকী মহিলা টেনিছ খেলুৱৈৰ ভিতৰত স্থান দিয়া হয়। মেহাকেই এতিয়া পাকিস্তানৰ বোৱাৰী তথা ভাৰতীয় তাৰকা ছানিয়া মিৰ্জাক এক বিশেষ আবেদন জনাইছে। 

এক সাক্ষাৎকাৰত ভাগ লোৱাৰ সময়ত মেহাকে ছানিয়া মিৰ্জাক পাকিস্তানী খেলুৱৈসকলক প্ৰশিক্ষণ দিবলৈ আহ্বান জনাইছে। সাক্ষাৎকাৰটোত মেহাকে কয়, “ ভাৰতীয় খেলুৱৈগৰাকী প্ৰায়ে পাকিস্তান ফেড কাপকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে পাকিস্তানলৈ যায়। মই ছানিয়া মিৰ্জাক পাকিস্তান মহিলা দলৰ খেলুৱৈসকলক প্ৰশিক্ষণ দিবলৈ অনুৰোধ জনাইছো যাতে আমি তেওঁলোকৰ অভিজ্ঞতাৰ সুবিধা ল'ব পাৰো। '

মেহকে এই আহ্বান ছানিয়াৰ স্বামী ছোৱেব মালিকৰ সন্মুখতো উপস্থাপন কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ছানিয়া বৌক পাকিস্তান টেনিছ দলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত সঁহাৰি লাভৰ বাবে আমি ছোৱেব মালিককো অনুৰোধ জনাম। ছানিয়া মিৰ্জাৰ দৰে এগৰাকী অভিজ্ঞ খেলুৱৈৰ পৰামৰ্শই পাকিস্তানৰ টেনিছ খেলুৱৈসকলক যথেষ্ট লাভান্বিত কৰিব বুলি মেহাকে মত পোষণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ