--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় পিছপৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ কৰ্মচাৰী ফেডাৰেচনে ২৫ মে'ত ভাৰত বন্ধৰ আহ্বান জনাইছে। বহুজন মুক্তি পাৰ্টিৰ চাহাৰনপুৰ জিলা সভাপতি নীৰজ ধিমানৰ মতে, কেন্দ্ৰই অ'বিচিৰ জাতি-ভিত্তিক লোকপিয়ল অনুষ্ঠিত নকৰাৰ বাবে এই বন্ধৰ আহ্বান জনোৱা হৈছে। তেওঁ নিৰ্বাচনত ই ভি এম ৰ ব্যৱহাৰ আৰু ব্যক্তিগত খণ্ডত অনুসূচীত জাতি/অনুসূচীত জনজাতি/অ'বিচিৰ বাবে সংৰক্ষণ কাৰ্যকৰী নকৰা সম্পৰ্কীয় বিষয়সমূহো উত্থাপন কৰে। বহুজন মুক্তি পাৰ্টিৰ কাৰ্যকৰী ৰাজ্যিক সভাপতি ডি পি সিঙেও ভাৰত বন্ধ সফল কৰিবলৈ ৰাইজক আহ্বান জনায়। 

সংগঠনটোৱে বিভিন্ন কাৰণত ভাৰত বন্ধৰ আহ্বান জনাইছে যাৰ ভিতৰত আছে:

# কেন্দ্ৰই জাতিৰ ওপৰত আধাৰিত কৰি অ'বিচি লোকপিয়ল নকৰা
# ই ভি এম কেলেংকাৰী
# ব্যক্তিগত খণ্ডত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি সংৰক্ষণ
# কৃষকসকলক এমএছপি নিশ্চিত কৰাৰ বাবে এখন আইন প্ৰস্তুত কৰা
# এনআৰচি/চিএএ/এনপিআৰৰ বিৰুদ্ধে
# পুৰণি পেঞ্চন আঁচনি পুনৰ আৰম্ভ 
# মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ পঞ্চায়ত নিৰ্বাচনত অ'বিচি সংৰক্ষণত পৃথক নিৰ্বাচক মণ্ডলী কাৰ্যকৰী কৰিব লাগে
# পৰিৱেশ সুৰক্ষাৰ নামত জনজাতীয় লোকসকলৰ স্থানচ্যুতিৰ বিৰোধিতা
# টিকাকৰণৰ ওপৰত বলপূৰ্বক চাপৰ বিৰোধিতা
বহুজন মুক্তি পাৰ্টিৰ কাৰ্যকৰী ৰাজ্যিক সভাপতি ইঞ্জি ডিপি সিঙে ও ভাৰত বন্ধসফল কৰিবলৈ ৰাইজক আহ্বান জনাইছিল। সংগঠনটোৱে ২৫ মে'ত ব্যৱসায় আৰু ৰাজহুৱা পৰিবহণ বন্ধ কৰিবলৈ সামাজিক মাধ্যমতো আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সামাজিক মাধ্যম টুইটাৰৰ যোগেদি সংগঠনটোৱে তেওঁলোকৰ দাবী সম্বলিত পষ্টাৰে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত