--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় পিছপৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ কৰ্মচাৰী ফেডাৰেচনে ২৫ মে'ত ভাৰত বন্ধৰ আহ্বান জনাইছে। বহুজন মুক্তি পাৰ্টিৰ চাহাৰনপুৰ জিলা সভাপতি নীৰজ ধিমানৰ মতে, কেন্দ্ৰই অ'বিচিৰ জাতি-ভিত্তিক লোকপিয়ল অনুষ্ঠিত নকৰাৰ বাবে এই বন্ধৰ আহ্বান জনোৱা হৈছে। তেওঁ নিৰ্বাচনত ই ভি এম ৰ ব্যৱহাৰ আৰু ব্যক্তিগত খণ্ডত অনুসূচীত জাতি/অনুসূচীত জনজাতি/অ'বিচিৰ বাবে সংৰক্ষণ কাৰ্যকৰী নকৰা সম্পৰ্কীয় বিষয়সমূহো উত্থাপন কৰে। বহুজন মুক্তি পাৰ্টিৰ কাৰ্যকৰী ৰাজ্যিক সভাপতি ডি পি সিঙেও ভাৰত বন্ধ সফল কৰিবলৈ ৰাইজক আহ্বান জনায়। 

সংগঠনটোৱে বিভিন্ন কাৰণত ভাৰত বন্ধৰ আহ্বান জনাইছে যাৰ ভিতৰত আছে:

# কেন্দ্ৰই জাতিৰ ওপৰত আধাৰিত কৰি অ'বিচি লোকপিয়ল নকৰা
# ই ভি এম কেলেংকাৰী
# ব্যক্তিগত খণ্ডত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচি সংৰক্ষণ
# কৃষকসকলক এমএছপি নিশ্চিত কৰাৰ বাবে এখন আইন প্ৰস্তুত কৰা
# এনআৰচি/চিএএ/এনপিআৰৰ বিৰুদ্ধে
# পুৰণি পেঞ্চন আঁচনি পুনৰ আৰম্ভ 
# মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ পঞ্চায়ত নিৰ্বাচনত অ'বিচি সংৰক্ষণত পৃথক নিৰ্বাচক মণ্ডলী কাৰ্যকৰী কৰিব লাগে
# পৰিৱেশ সুৰক্ষাৰ নামত জনজাতীয় লোকসকলৰ স্থানচ্যুতিৰ বিৰোধিতা
# টিকাকৰণৰ ওপৰত বলপূৰ্বক চাপৰ বিৰোধিতা
বহুজন মুক্তি পাৰ্টিৰ কাৰ্যকৰী ৰাজ্যিক সভাপতি ইঞ্জি ডিপি সিঙে ও ভাৰত বন্ধসফল কৰিবলৈ ৰাইজক আহ্বান জনাইছিল। সংগঠনটোৱে ২৫ মে'ত ব্যৱসায় আৰু ৰাজহুৱা পৰিবহণ বন্ধ কৰিবলৈ সামাজিক মাধ্যমতো আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সামাজিক মাধ্যম টুইটাৰৰ যোগেদি সংগঠনটোৱে তেওঁলোকৰ দাবী সম্বলিত পষ্টাৰে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ