--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে স্পষ্ট কৰি দিছিল যে কুতুব মিনাৰ কমপ্লেক্সত খনন কৰিবলৈ কোনো নিৰ্দেশ দিয়া হোৱা নাই। কেন্দ্ৰীয় মন্ত্ৰীজনে দাবী কৰিছিল যে কুতুব মিনাৰত খনন কাৰ্যৰ ওপৰত কেন্দ্ৰৰ নিৰ্দেশনাৰ প্ৰতিবেদন সম্পূৰ্ণ ভুল আৰু উৰাবাতৰি আছিল।

জ্ঞানৱাপী মছজিদৰ পিছত, এইবাৰ কুতুব মিনাৰ। দিল্লীৰ এই ঐতিহ্যমণ্ডিত স্থাপত্য কোনে নিৰ্মাণ কৰিছিল? এয়া প্ৰকৃততে হিন্দু ৰজা ৰাজা বিক্ৰমাদিত্য নে কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিছিল? খবৰ অনুসৰি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ক 'সত্য' বিচাৰিবলৈ কুতুব মিনাৰ খনন কৰিবলৈ কোৱা হৈছিল। কিন্তু এই কথা পোহৰলৈ অহাৰ লগে লগে সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দাবী কৰে যে সকলো কথাই ভিত্তিহীন আছিল।

জ্ঞানৱাপী মছজিদক লৈ হোৱা বিতৰ্কৰ মাজতে সংস্কৃতি মন্ত্ৰালয়ৰ সচিব গোবিন্দ মোহনে শনিবাৰে ঐতিহ্যৰ গাঁথনি পৰিদৰ্শন কৰে। তাৰ পিছত, বাতৰিটো বিয়পি পৰে যে এএছআইয়ে হিন্দুত্ববাদী আদৰ্শৰ সত্যতা বিচাৰি জৰীপ আৰু খনন কৰিব।

মথুৰাৰ শ্বাহি ইদগাহ মছজিদ আৰু তাজমহলক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰমবীৰ শৰ্মাই দাবী কৰে যে কুতুবুদ্দিন আইবাকে নহয়,  কুতুব মিনাৰ প্ৰকৃততে ৰজা বিক্ৰমাদিত্যৰ দ্বাৰাহে নিৰ্মাণ কৰা হৈছিল। তেওঁ ক'য় যে, "এয়া প্ৰকৃততে কুতুব মিনাৰ নহয়, ই হৈছে চান টাৱাৰ। ইয়াক পঞ্চম শতিকাত ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল। তেওঁৰ ওচৰত  ইয়াৰ উপযুক্ত প্ৰমাণ থকাৰ কথাও কয় বিষয়াজনে। তেওঁ লগতে কয়, "কুতুব মিনাৰটো ২৫ ইঞ্চি হেলনীয়া। কিয়নো, ২১ জুনত, ইয়াক সূৰ্যৰ অৱস্থান পৰ্যবেক্ষণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল, যাতে মিনাৰৰ ছাঁ সূৰ্যৰ পোহৰত নপৰে। এইটো বৈজ্ঞানিকভাৱে কৰা হৈছে। তেওঁ লগতে কয়, "কুতুব মিনাৰ হৈছে এক স্বয়ংসম্পূৰ্ণ স্থাপত্য। ওচৰৰ মছজিদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কুতুব মিনাৰৰ গেটৰ মুখখন উত্তৰদিশে আছে। ৰাতিৰ আকাশত যাতে তৰাবোৰ দেখা যায়। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত