--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে স্পষ্ট কৰি দিছিল যে কুতুব মিনাৰ কমপ্লেক্সত খনন কৰিবলৈ কোনো নিৰ্দেশ দিয়া হোৱা নাই। কেন্দ্ৰীয় মন্ত্ৰীজনে দাবী কৰিছিল যে কুতুব মিনাৰত খনন কাৰ্যৰ ওপৰত কেন্দ্ৰৰ নিৰ্দেশনাৰ প্ৰতিবেদন সম্পূৰ্ণ ভুল আৰু উৰাবাতৰি আছিল।

জ্ঞানৱাপী মছজিদৰ পিছত, এইবাৰ কুতুব মিনাৰ। দিল্লীৰ এই ঐতিহ্যমণ্ডিত স্থাপত্য কোনে নিৰ্মাণ কৰিছিল? এয়া প্ৰকৃততে হিন্দু ৰজা ৰাজা বিক্ৰমাদিত্য নে কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিছিল? খবৰ অনুসৰি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ক 'সত্য' বিচাৰিবলৈ কুতুব মিনাৰ খনন কৰিবলৈ কোৱা হৈছিল। কিন্তু এই কথা পোহৰলৈ অহাৰ লগে লগে সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দাবী কৰে যে সকলো কথাই ভিত্তিহীন আছিল।

জ্ঞানৱাপী মছজিদক লৈ হোৱা বিতৰ্কৰ মাজতে সংস্কৃতি মন্ত্ৰালয়ৰ সচিব গোবিন্দ মোহনে শনিবাৰে ঐতিহ্যৰ গাঁথনি পৰিদৰ্শন কৰে। তাৰ পিছত, বাতৰিটো বিয়পি পৰে যে এএছআইয়ে হিন্দুত্ববাদী আদৰ্শৰ সত্যতা বিচাৰি জৰীপ আৰু খনন কৰিব।

মথুৰাৰ শ্বাহি ইদগাহ মছজিদ আৰু তাজমহলক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰমবীৰ শৰ্মাই দাবী কৰে যে কুতুবুদ্দিন আইবাকে নহয়,  কুতুব মিনাৰ প্ৰকৃততে ৰজা বিক্ৰমাদিত্যৰ দ্বাৰাহে নিৰ্মাণ কৰা হৈছিল। তেওঁ ক'য় যে, "এয়া প্ৰকৃততে কুতুব মিনাৰ নহয়, ই হৈছে চান টাৱাৰ। ইয়াক পঞ্চম শতিকাত ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল। তেওঁৰ ওচৰত  ইয়াৰ উপযুক্ত প্ৰমাণ থকাৰ কথাও কয় বিষয়াজনে। তেওঁ লগতে কয়, "কুতুব মিনাৰটো ২৫ ইঞ্চি হেলনীয়া। কিয়নো, ২১ জুনত, ইয়াক সূৰ্যৰ অৱস্থান পৰ্যবেক্ষণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল, যাতে মিনাৰৰ ছাঁ সূৰ্যৰ পোহৰত নপৰে। এইটো বৈজ্ঞানিকভাৱে কৰা হৈছে। তেওঁ লগতে কয়, "কুতুব মিনাৰ হৈছে এক স্বয়ংসম্পূৰ্ণ স্থাপত্য। ওচৰৰ মছজিদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কুতুব মিনাৰৰ গেটৰ মুখখন উত্তৰদিশে আছে। ৰাতিৰ আকাশত যাতে তৰাবোৰ দেখা যায়। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ