--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে শেহতীয়াকৈ তৃতীয় মৰ্চা গঠনৰ চেষ্টাত ব্যস্ত হৈ আছে। তেওঁ সভাও অনুষ্ঠিত কৰিছে আৰু ভালেমান সমভাবাপন্ন বিৰোধী দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হৈছে। অহা জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে, তেওঁ এই প্ৰচেষ্টাক এক সুস্থিৰ ৰূপ দিব বিচাৰে আৰু ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এই প্ৰক্ষেপ কৰিবলগীয়া প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে।

‘ইক’নমিক টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি, কেচিআৰে নিৰন্তৰ বিৰোধী নেতাসকলক সাক্ষাৎ কৰি আহিছে আৰু তেওঁ এন ডি এৰ সহযোগী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককো এই মৰ্চাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে।কেচিআৰে কালি কেইবাজনো বিৰোধী নেতাৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো আছিল। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা তথা উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা অখিলেশ যাদৱকো সাক্ষাৎ কৰে। অখিলেশেও তৃতীয় মৰ্চাৰ অংশীদাৰ হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত অ-কংগ্ৰেছী আৰু অ-বিজেপি প্ৰাৰ্থী প্ৰদান কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰি আহিছে।

কেচিআৰে ২৬ মে'ত বাংগালুৰুত জনতা দল ছেকুলাৰৰ সভাপতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াকো সাক্ষাৎ কৰিব। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত, কেচিআৰে দেৱগৌড়াক অ-বিজেপি ফ্ৰণ্টৰ বাবে সমৰ্থন কৰিছিল। শেহতীয়াকৈ দেৱগৌড়াই কেচিআৰক বিজেপি আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে অভিনন্দন জনাইছিল। ২৬ মে'ত দেৱগৌড়াক সাক্ষাৎ কৰাৰ পাছত, কেচিআৰে ২৮ মে'ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিব। ৰাৱে বিজেপিৰ আদৰ্শ আৰু ৰাজনীতিৰ বিৰোধী সকলো নেতাক সাক্ষাৎ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা