--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অভাৱনীয়ভাৱে আঁতৰি গ’ল প্ৰখ্যাত সংগীতশিল্পী কে কে। কলকাতাৰ নজৰুল মঞ্চত সংগীত পৰিৱেশন কৰি উঠাৰ পাছতেই হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱালে। সমগ্ৰ দেশৰ সাংস্কৃতিক জগত ডুব গ’ল অন্তহীন শূন্যতাত। ইমান আকস্মিকভাৱে শিল্পীগৰাকীক বিদায় দিবলগীয়া হোৱা কথাটোক কোনেও সহজভাৱে ল’ব পৰা নাই। কোনেও বিদায় জনাব পৰা নাই প্ৰিয় শিল্পীক। তেওঁৰ মৃত্যুৰ শোকে এফালে যিদৰে সকলোকে স্তব্ধ কৰি পেলাইছে ঠিক একেদৰে তেওঁৰ এই অস্বাভাৱিক মৃত্যুক লৈ প্ৰশ্নবোধকৰো সৃষ্টি হৈছে।

 

তেওঁৰ মৃত্যুৰ পাছতে শিল্পীগৰাকীৰ শেষ সময়ৰ এটা ভিডিঅ’ এটা ভাইৰেল হৈ পৰিছে। মঞ্চত অনুষ্ঠান সামৰি তেওঁ একপ্ৰকাৰ ছটফটাই নামি আহিছিল মঞ্চৰ পৰা। মুখ হৈ পৰিছিল বিবৰ্ণ। প্ৰচণ্ড গৰম আৰু শ্বাসৰুদ্ধ কৰা অৱস্থা এটাৰ তেওঁ সন্মুখীন হোৱা বুলি চৰ্চা চলিছে। তেওঁ মঞ্চৰ পৰা অতি বিবৰ্ণ অৱস্থাত নামি অহাৰ পাছতে তেওঁক ততালিকৈ লৈ যোৱা হৈছিল হোটেললৈ। তেওঁৰ নিৰাপত্তাৰক্ষী আৰু সহযোগীয়ে ঘেৰি ধৰি তেওঁক তাৰ পৰা আঁতৰাই লৈ গৈছিল। কিন্তু তাৰ পাছত অধিক অসুস্থ হৈ পৰা শিল্পীগৰাকীক চিএমআৰআই হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

 

এই শোকাৱহ ঘটনাৰ পাছতে এই অনুষ্ঠানৰ আয়োজকসকলৰ অব্যৱস্থাপনাক লৈ ব্যাপক চৰ্চা চলিছে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে, ২৫০০ লোকৰ বহন সক্ষমতা থকা হলটো মঙলবাৰৰ অনুষ্ঠানত ৫০০০লোকে ভৰি আছিল। যাৰ ফলত হলটোৰ পৰিৱেশ হৈ পৰিছিল অস্বাস্থ্যকৰ। শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে প্ৰচণ্ড গৰম আৰু আৰ্দ্ৰ পৰিৱেশক লৈ আপত্তি দৰ্শোৱাৰ ভিডিঅ’ও এতিয়া ভাইৰেল হৈ পৰিছে। এনে অস্বাস্থ্যকৰ পৰিৱেশৰ বাবেই শিল্পীগৰাকী অসুস্থ হৈ পৰা আৰু আকস্মিকভাৱে মৃত্যুমুখত পৰা বুলি এতিয়া অভিযোগ উঠিছে।

RECOMMENDED

ইফালে, আয়োজকৰ এনে অব্যৱস্থাপনা আৰু পয়ালগা সা-সুবিধাৰ প্ৰসংগ উত্থাপন কৰি সৰৱ হৈ উঠিছে বিভিন্নজন লোক। বংগ বিজেপিৰ প্ৰাক্তন সভাপতি দিলীপ ঘোষে বুধবাৰে তেওঁ কয় যে, ‘যেতিয়া এনে এগৰাকী প্ৰখ্যাত তাৰকাই অনুষ্ঠান পৰিৱেশৰ বাবে আহে তেতিয়া বহু অব্যস্থাপনাৰ সৃষ্টি হ’ব পাৰে। কিন্তু প্ৰশাসনৰ দায়িত্ব থাকে এনে তাৰকা এগৰাকীক সুৰক্ষা প্ৰদান কৰাৰ। এনে গৰম পৰিৱেশ এটাচ এচিৰ ছুইচ এফ কৰি ৰখাৰ ফলত কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেয়া সহজেই কল্পনা কৰিব পাৰে।’ তেওঁ চৰকাৰকো এই পৰিস্থিতিৰ বাবে জগৰীয়া কৰে আৰু ৰাজ্যৰ কোনো পৰিস্থিতিক ওপৰতে চৰকাৰৰ নিয়ন্ত্ৰণ নাই বুলি অভিযোগ কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ