--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবী গায়ক সিদ্ধু মুছেৱালা হত্যাক কেন্দ্ৰ কৰি পঞ্জাবত গেংৱাৰৰ আশংকা গাঢ় হৈ পৰিছে। এইবাৰ মুছেৱালা হত্যাৰ প্ৰতিশোধৰ হুংকাৰ দিছে আন এগৰাকী গেংষ্টাৰে। গেংষ্টাৰ নীৰজ বাৱানাৰ সৈতে সম্পৰ্কীত এটা ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা মুছেৱালাৰ অনুৰূপ আক্ৰমণৰ হুংকাৰ দিয়া হৈছে। বাৱানাৰ ফেচবুক একাউণ্টৰ ষ্টোৰীত লিখা হৈছে যে, ‘সিদ্ধু মুছেৱালা আছিল অন্তৰৰ ভাই। আমি দুদিনৰ ভিতৰত এটা ফলাফল দেখুৱাম।’

উল্লেখ্য যে, হত্যা, ধন দাবী, অপহৰণ আদি নানা গোচৰত অভিযুক্ত হৈ নীৰজ বাৱানা তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছে। তেওঁৰ নামৰ ফেচবুক একাউণ্টৰ পৰা কোনো এই পোষ্ট শ্বেয়াৰ কৰিছে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে, বাৱানাৰ সহযোগী তিল্লু তাজপুৰীয়া আৰু গেংষ্টাৰ দেৱিন্দৰ বামবিহাও আছে কাৰাগাৰত। জে’লৰ পৰাই তিল্লু তাজপুৰীয়াই দিয়া নিৰ্দেশ আৰু তেওঁৰ পৰিকল্পনাত ইয়াৰ পূ্ৰ্বেও আদালতৰ ভিতৰতে হত্যা কৰা হৈছিল প্ৰতিদ্বন্দ্বী গেংষ্টাৰক।

নীৰজ বাৱানাৰ হৈ কোনে এই পোষ্ট লিখিছে সেয়া নিশ্চিত হোৱা নাই। তেওঁৰ বিভিন্ন সহযোগী, দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানত সিচৰতি হৈ থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে, নীৰজ বাৱনাৰ ফেচবুক একাউণ্টৰ পৰা এনে পোষ্ট শ্বেয়াৰ হোৱাৰ দুদিনৰ আগেয়ে তেওঁৰ গেঙৰ সদস্য ভূপ্পি ৰানাৰ একাউণ্টৰ পৰাও অনুৰূপ পোষ্ট শ্বেয়াৰ কৰা হৈছিল। এই পোষ্টটোত সিদ্ধু মুছেৱালাৰ হত্যাৰ ঘটনাক হৃদয় বিদাৰক আখ্যা দিয়া হৈছিল আৰু ইয়াৰ বাবে লৰেন্স বিষ্ণয় আৰু গোল্ডী ব্ৰাৰৰ গেঙক জগৰীয়া কৰিছিল।

উল্লেখ্য যে, মুছাৱালা হত্যাৰ কিছুসময়ৰ পাছতে ‘লৰেন্স বিষ্ণয় জিআৰপি’ নামৰ এটা একাউণ্টৰ পৰা এইবুলি ঘোষণা কৰা হৈছিল যে, এই হত্যা অকালী দলৰ যুৱ নেতা বিক্ৰমজিৎ সিং ওৰফে বিকী মিড্ডুখেৰা হত্যাৰ প্ৰতিশোধকল্পে সংঘটিত কৰা হৈছে। মিড্ডুখেৰাক যোৱা বছৰ গুলীয়াই হত্যা কৰা হৈছিল আৰু বামবিহা গেঙে এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

ভূপ্পি ৰানাৰ একাউণ্টৰ পৰা দিয়া পোষ্টত অভিযোগ কৰা হৈছিল যে, বিষ্ণয় গেঙে মিড্ডুখেৰা আৰু পঞ্জাবৰ ছাত্ৰ নেতা গুৰলাল ব্ৰাৰ হত্যাত মুছেৱালাই সহযোগ কৰা বুলি মিছাকৈয়ে অভিযোগ কৰিছিল। পোষ্টটোত অভিযোগ কৰা হয় যে, সিদ্ধু মুছেৱালাই এই হত্যাবোৰত কোনো ভূমিকা গ্ৰহণ কৰা নাছিল। আমি এইকথা নিশ্চিত কৰি দিছোঁ। সিদ্ধু মুছেৱালাৰ হত্যাত যিসকল লোকে সহযোগ কৰিছে সকলোৰে হিচাপ লোৱা হ’ব। তেওঁৰ মৃত্যুৰ প্ৰতিশোধ শীঘ্ৰেই লোৱা হ’ব। আমি তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গক সদায়ে সহযোগ কৰি যাম।

ইফালে, মুছেৱালা হত্যাৰ ষড়যন্ত্ৰ তিহাৰ জে’লৰ পৰাই ৰচনা হোৱা বুলি অভিযোগ উঠিছে। ইতিমধ্যেই এই সন্দৰ্ভত জেৰাৰ বাবে লৰেন্স বিষ্ণয়ক দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে জিম্মাত লৈছে। হিন্দী ছবিৰ গেংৱাৰৰ শিহৰণকাৰী কাহিনীৰ দৰেই সিদ্ধু মুছেৱালা হত্যাক লৈ আন এক গেংৱাৰৰ সূত্ৰপাত হোৱাৰ আশংকা গাঢ় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ