--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবী গায়ক সিদ্ধু মুছেৱালা হত্যাক কেন্দ্ৰ কৰি পঞ্জাবত গেংৱাৰৰ আশংকা গাঢ় হৈ পৰিছে। এইবাৰ মুছেৱালা হত্যাৰ প্ৰতিশোধৰ হুংকাৰ দিছে আন এগৰাকী গেংষ্টাৰে। গেংষ্টাৰ নীৰজ বাৱানাৰ সৈতে সম্পৰ্কীত এটা ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা মুছেৱালাৰ অনুৰূপ আক্ৰমণৰ হুংকাৰ দিয়া হৈছে। বাৱানাৰ ফেচবুক একাউণ্টৰ ষ্টোৰীত লিখা হৈছে যে, ‘সিদ্ধু মুছেৱালা আছিল অন্তৰৰ ভাই। আমি দুদিনৰ ভিতৰত এটা ফলাফল দেখুৱাম।’

উল্লেখ্য যে, হত্যা, ধন দাবী, অপহৰণ আদি নানা গোচৰত অভিযুক্ত হৈ নীৰজ বাৱানা তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছে। তেওঁৰ নামৰ ফেচবুক একাউণ্টৰ পৰা কোনো এই পোষ্ট শ্বেয়াৰ কৰিছে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে, বাৱানাৰ সহযোগী তিল্লু তাজপুৰীয়া আৰু গেংষ্টাৰ দেৱিন্দৰ বামবিহাও আছে কাৰাগাৰত। জে’লৰ পৰাই তিল্লু তাজপুৰীয়াই দিয়া নিৰ্দেশ আৰু তেওঁৰ পৰিকল্পনাত ইয়াৰ পূ্ৰ্বেও আদালতৰ ভিতৰতে হত্যা কৰা হৈছিল প্ৰতিদ্বন্দ্বী গেংষ্টাৰক।

নীৰজ বাৱানাৰ হৈ কোনে এই পোষ্ট লিখিছে সেয়া নিশ্চিত হোৱা নাই। তেওঁৰ বিভিন্ন সহযোগী, দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানত সিচৰতি হৈ থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে, নীৰজ বাৱনাৰ ফেচবুক একাউণ্টৰ পৰা এনে পোষ্ট শ্বেয়াৰ হোৱাৰ দুদিনৰ আগেয়ে তেওঁৰ গেঙৰ সদস্য ভূপ্পি ৰানাৰ একাউণ্টৰ পৰাও অনুৰূপ পোষ্ট শ্বেয়াৰ কৰা হৈছিল। এই পোষ্টটোত সিদ্ধু মুছেৱালাৰ হত্যাৰ ঘটনাক হৃদয় বিদাৰক আখ্যা দিয়া হৈছিল আৰু ইয়াৰ বাবে লৰেন্স বিষ্ণয় আৰু গোল্ডী ব্ৰাৰৰ গেঙক জগৰীয়া কৰিছিল।

উল্লেখ্য যে, মুছাৱালা হত্যাৰ কিছুসময়ৰ পাছতে ‘লৰেন্স বিষ্ণয় জিআৰপি’ নামৰ এটা একাউণ্টৰ পৰা এইবুলি ঘোষণা কৰা হৈছিল যে, এই হত্যা অকালী দলৰ যুৱ নেতা বিক্ৰমজিৎ সিং ওৰফে বিকী মিড্ডুখেৰা হত্যাৰ প্ৰতিশোধকল্পে সংঘটিত কৰা হৈছে। মিড্ডুখেৰাক যোৱা বছৰ গুলীয়াই হত্যা কৰা হৈছিল আৰু বামবিহা গেঙে এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

ভূপ্পি ৰানাৰ একাউণ্টৰ পৰা দিয়া পোষ্টত অভিযোগ কৰা হৈছিল যে, বিষ্ণয় গেঙে মিড্ডুখেৰা আৰু পঞ্জাবৰ ছাত্ৰ নেতা গুৰলাল ব্ৰাৰ হত্যাত মুছেৱালাই সহযোগ কৰা বুলি মিছাকৈয়ে অভিযোগ কৰিছিল। পোষ্টটোত অভিযোগ কৰা হয় যে, সিদ্ধু মুছেৱালাই এই হত্যাবোৰত কোনো ভূমিকা গ্ৰহণ কৰা নাছিল। আমি এইকথা নিশ্চিত কৰি দিছোঁ। সিদ্ধু মুছেৱালাৰ হত্যাত যিসকল লোকে সহযোগ কৰিছে সকলোৰে হিচাপ লোৱা হ’ব। তেওঁৰ মৃত্যুৰ প্ৰতিশোধ শীঘ্ৰেই লোৱা হ’ব। আমি তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গক সদায়ে সহযোগ কৰি যাম।

ইফালে, মুছেৱালা হত্যাৰ ষড়যন্ত্ৰ তিহাৰ জে’লৰ পৰাই ৰচনা হোৱা বুলি অভিযোগ উঠিছে। ইতিমধ্যেই এই সন্দৰ্ভত জেৰাৰ বাবে লৰেন্স বিষ্ণয়ক দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে জিম্মাত লৈছে। হিন্দী ছবিৰ গেংৱাৰৰ শিহৰণকাৰী কাহিনীৰ দৰেই সিদ্ধু মুছেৱালা হত্যাক লৈ আন এক গেংৱাৰৰ সূত্ৰপাত হোৱাৰ আশংকা গাঢ় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ