ডিজিটেল ডেস্ক : বিমুদ্ৰাকৰণক কেন্দ্ৰ
কৰি দেশত নতুনকৈ সৃষ্টি হৈছে বিতৰ্ক। ২০১৬ৰ ৮ নৱেম্বৰৰ নিশা ৮ বজাত হঠাৎ টিভিৰ পৰ্দাত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ। লগে লগে সমগ্ৰ দেশত হাহাকাৰ
লাগিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল প্ৰধানমন্ত্ৰীয়ে নিশা ৮ বজাত ঘোষণা কৰাৰ চাৰি ঘণ্টা পাছৰে
পৰা ভাৰতত ৫০০ আৰু ১০০০টকীয়া নোট নিষিদ্ধ হৈছিল। ৰাইজক মাত্ৰ ৪ ঘণ্টা সময় দিছিল। ভাৰতৰ
ৰাজনীতিত এই ধৰণৰ ঘটনা এয়াই আছিল প্ৰথম। মানুহৰ হাতত থকা সাচতীয়া ৫০০ আৰু ১০০০টকীয়া
নোট নিষিদ্ধ কৰাৰ পাছত সেই নিশাই এটিএম আৰু বেংকৰ সন্মুখত দীঘলীয়া শাৰীৰ সৃষ্টি হৈছিল।
কোনোধৰণৰ আগতীয়া ঘোষণা অবিহনে প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণ আঁচনি ভাৰতবাসীৰ ওপৰত জাপি দিয়াক কেন্দ্ৰ কৰি বিতৰ্কৰো সূত্ৰপাত হৈছিল। টিভিৰ পৰ্দাত প্রধানমন্ত্ৰীয়ে কিহৰ বাবে বিমুদ্ৰাকৰণ ঘোষণা কৰিবলগীয়া হ’ল, তাৰ কেইটামান কাৰণ দাঙি ধৰিছিল। প্রথম কাৰণটো আছিল যে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ জৰিয়তে ভাৰতত ব্যাপক মাত্ৰাত নকল ৫০০ আৰু ১০০০টকীয়া নোট মেলি দিয়া হৈছিল। নকল নোটৰ ব্যাপক প্রচলনে ভাৰতত সমান্তৰাল অর্থনীতি গঢ়ি তোলাৰ বিৰুদ্ধে বিমুদ্ৰাকৰণ আঁচনি ল'বলৈ বাধ্য হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছিল। অৰ্থাৎ বিমুদ্ৰাকৰণৰ জৰিয়তে নকল নোটৰ প্রচলন বন্ধ কৰি দিব পৰা যাব বুলি ৰাইজক পতিয়ন নিওৱা হৈছিল। দ্বিতীয়তে, দেশত ব্যাপক মাত্ৰাত ক'লা ধনৰ প্রচলন ৰোধ কৰিবলৈ বিমুদ্ৰাকৰণ আঁচনি গ্রহণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে ২০১৬ৰ ৮ নৱেম্বৰৰ নিশা দেশবাসীক সম্বোধি মন্তব্য কৰিছিল। প্রধানমন্ত্ৰীৰ ঘোষণাৰ পাছত বেংকৰ সন্মুখত নিষিদ্ধ ঘোষিত ৫০০ আৰু ১০০০টকীয়া নোট জমা কৰিবলৈ গৈ ভাৰতত দুই শতাধিক লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।
প্ৰধানমন্ত্ৰীয়ে জাল আৰু ক’লা ধনৰ সৰবৰাহ বন্ধ কৰাৰ স্বাৰ্থতে বিমুদ্ৰাকৰণ আঁচনি লোৱা বুলি ছবছৰ পূৰ্বে কৰা ঘোষণা পুনৰ বিফল বুলি প্ৰমাণিত হৈছে। ২৯ মে’ ২০২২ত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা প্রকাশ কৰা প্রতিবেদনত কোৱা হৈছে যে দেশত ব্যাপক হাৰত নকল ৫০০ আৰু ২০০০টকীয়া নোটৰ প্রচলন আৰম্ভ হৈছে। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি এবছৰতে নকল ৫০০টকীয়া নোটৰ প্ৰচলন ১০১.৯ শতাংশলৈ বৃদ্ধি পাইছে। সেইদৰে নকল ২০০০টকীয়া নোটৰ প্রচলন ৫৪.১৬ শতাংশলৈ বৃদ্ধি হৈছে। ৰিজাৰ্ভ বেংকে ইয়াৰ পূৰ্বেও আৰ টি আইৰ প্রশ্নৰ উত্তৰ দি কৈছিল যে বিমুদ্ৰাকৰণৰ সময়ত বজাৰত প্রচলিত হৈ থকা ১০০ শতাংশ ধন ঘূৰি আহিছে। অৰ্থাৎ বিমুদ্ৰাকৰণে এক শতাংশ ক'লা ধনো চিনাক্ত কৰিব নোৱাৰিলে।
প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি বিমুদ্ৰাকৰণৰ দ্বাৰা বজাৰত প্রচলিত হৈ থকা ১০০ শতাংশ ক’লা ধন চিনাক্ত কৰিব পৰা যাব। ইয়াৰ বিপৰীতে ৰিজাৰ্ভ বেংকে স্বীকাৰ কৰিলে যে বজাৰত প্ৰচলিত হৈ থকা সমস্ত ধন বেংকলৈ ঘূৰি অহাৰ পাছত ক’লা ধনৰ পৰিমাণ উলিওৱাতো অসম্ভৱ হৈ পৰিল। বিমুদ্ৰাকৰণক লৈ বিভিন্ন সময়ত বিৰোধীয়ে কেতবোৰ প্রশ্ন উত্থাপন কৰি আহিছে যদিও বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ নীৰৱ। আনকি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিমুদ্ৰাকৰণ সন্দৰ্ভত তথা বিমুদ্ৰাকৰণৰ সফলতাক লৈ কোনো ধৰণৰ মন্তব্য কৰিব নিবিচাৰে। বিমুদ্ৰাকৰণক লৈ বিৰোধীয়ে তেতিয়াই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছিল। উত্তৰ প্রদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিহে বিমুদ্ৰাকৰণ আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বুলি অভিযোগ উঠিছিল।
২০১৬ৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণ ঘোষণাৰ চাৰি মাহৰ পাছত হৈছিল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। সেই সময়ত উত্তৰ প্রদেশত সমাজবাদী দলৰ চৰকাৰ আছিল। সমাজবাদী দল, পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ সম্ভাৱনাও ব্যক্ত কৰিছিল সংবাদ মাধ্যমে। বিভিন্ন ধনকুবেৰ আৰু ধনেৰে সমাজবাদী দলৰ প্রতিপত্তিৰ সন্মুখত বিজেপি প্রত্যাহ্বানৰ মুখত পৰিছিল। কোনো সিয়ান ৰাজনীতিকৰ পৰামৰ্শত বিমুদ্ৰাকৰণ আঁচনি ঘোষণা কৰি সমাজবাদী দলৰ হাতত থকা সমস্ত পুঁজি অচল কৰি পেলোৱা হৈছিল।
বিমুদ্ৰাকৰণে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিলে সমাজবাদী দলক। নিৰ্বাচনৰ আগমুহূৰ্তত দলটোৰ হাতত থকা পুঁজি নিষিদ্ধ হোৱাত প্রচাৰ চলোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। যি কি নহওক ২০১৭ৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্রদেশত সমাজবাদী দল পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু বিমুদ্ৰাকৰণৰ প্রভাৱ ভাৰতৰ অর্থনীতিৰ ওপৰত স্থায়ীভাৱে পৰিল। ভাৰতত বিমুদ্ৰাকৰণ ঘোষণা কৰাত কেইবাজনো আন্তৰ্জাতিক খ্যাতিসম্পন্ন অৰ্থনীতিবিদে ইয়াৰ বিৰোধ কৰিছিল। বিশেষকৈ অমৰ্ত্য সেন, ৰঘুৰাম ৰাজন, অভিষেক বেনাৰ্জীকে ধৰি প্রখ্যাত অর্থনীতিবিদে বিমুদ্ৰাকৰণৰ বিৰোধ কৰাই নহয়, ইয়াৰ প্রভাৱ ভাৰতৰবৰ্ষৰ জনসাধাৰণে ২০ বছৰলৈ ভোগ কৰিব বুলি ঘোষণা কৰিছিল। প্রধানমন্ত্ৰীয়ে কেইদিনমানৰ পাছত গোৱাৰ এখন ৰাজহুৱা সভাত ভাষণ দি বিমুদ্ৰাকৰণে ভাৰতৰ অর্থনীতি ধ্বংস কৰিলে বুলি চলোৱা প্রচাৰক ভুৱা আখ্যা দিয়ে। দেশবাসীৰ পৰা প্রধানমন্ত্ৰীয়ে মাত্ৰ ৫০দিন সময় বিচাৰে ভাৰতৰ অৰ্থনীতি সুস্থিৰ কৰি তোলাই নহয়, বিকাশৰ বাটেৰে লৈ যাবৰ বাবে।
ইতিমধ্যে বিভিন্ন সমীক্ষা আৰু গৱেষণাত পোহৰলৈ আহিছে যে ভাৰতৰ অৰ্থনীতি বিমুদ্ৰাকৰণে নিঃশেষ কৰি পেলালে। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তথা ২০১৬ৰ ৮ নৱেম্বৰৰ আগৰ অৱস্থালৈ উভতি যাবলৈ ভাৰতৰ অর্থনীতি কম পক্ষেও কুৰি বছৰ সময় লাগিব। ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশিত ভয়ংকৰ তথ্যটো হ’ল যে এই বছৰৰ ৩১ মাৰ্চলৈ বেংকবোৰত জমা হোৱা ৫০০ আৰু ২০০০টকীয়া নোটৰ ৮৭.১ শতাংশ জাল। আপোনাৰ-মোৰ হাতত থকা ৫০০ আৰু ২০০০টকীয়া নোটকেইখন যে নকল নহয়, তাৰো নিশ্চয়তা নাই৷ প্রতি বছৰে ভাৰতত নকল নোটৰ প্রচলন বৃদ্ধি পাবলৈ ধৰিছে।
২০২১ৰ ৩১ মাৰ্চপৰ্যন্ত বেংকত জমা হোৱা ৫০০ আৰু ২০০০টকীয়া নোটৰ ৮৫.৭ শতাংশ নকল। ভাৰতৰ অর্থনীতি আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেও ই এক চিন্তনীয় বিষয়। ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা অনুসৰি দেশত জাল নোটৰ প্রচলন অভাৱনীয়ভাৱে বাঢ়িবলৈ লৈছে। ৰিজাৰ্ভ বেংকেও ইয়াৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰতিৰোধ গঢ়ি তুলিব পৰা নাই। ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত আৰু উল্লেখ কৰিছে যে ভাৰতত অকল ৫০০ আৰু ২০০০টকীয়া নোটৰে জাল হোৱা নাই। লাহে লাহে ১০টকীয়া, ২০টকীয়া নোটৰো নকল বজাৰত উভৈনদী হৈ পৰিছে। তথ্য অনুসৰি জাল ১০-২০টকীয়া নোটৰ প্রচলন ১৬.৪ আৰু ১৬.৫ শতাংশলৈ বৃদ্ধি পাইছে।
নৰেন্দ্ৰ মোদী চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালত যিকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, তাৰ ভিতৰত বিমুদ্ৰাকৰণ সৰ্বাধিক চৰ্চিত আৰু উল্লেখযোগ্য ঘটনা। লাহে লাহে বিমুদ্ৰাকৰণ চূড়ান্তভাৱে বিফল প্রমাণিত হোৱাৰ পাছত দেশৰ অর্থনীতিও বিধ্বস্ত হৈ পৰিছে। বৰ্তমান ভাৰতৰ জি ডি পি মাইনাছৰ পৰা উঠিব পৰা নাই। শ্ৰীলংকাৰ দেউলীয়া অর্থনীতিৰ পাছত আন এখন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ অর্থনীতিও দেউলীয়া হোৱাৰ পথত আগবাঢ়িছে। ৰাষ্ট্ৰখনত ৰাতিটোৰ ভিতৰতে উৰ্ধ্বমুখী হৈছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। অন্যান্য খাদ্য-সামগ্ৰীৰো বাঢ়িছে দাম। এনেদৰে উৰ্ধ্বমুখী মূল্যই শ্ৰীলংকাক শেষ কৰিছিল। পাকিস্তানৰ অৱস্থা দেখি ভাৰতৰো সচেতন মহলৰ মাজত নানা আশংকা বিৰাজ কৰিছে। ভাৰতৰ অৰ্থনীতিৰ কামিহাড় ভাঙি দিয়া বিমুদ্ৰাকৰণৰ বিফলতাৰ প্রতিবেদন ৰিজাৰ্ভ বেংকে ৰাজহুৱা কৰাৰ পাছত দেশখনৰ অৰ্থনীতিক লৈ নানা প্রশ্ন উঠিছে। এই মুহূৰ্তত কেনদ্ৰায় চৰকাৰে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তই ভাৰতক অৰ্থনীতিক হয় গতি দিব, নহয় নিঃশেষ কৰাৰ সন্তাৱনা ফুটি উঠিছে।