--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ম'হ সৰবৰাহকাৰীৰূপী চালকৰ ঘৰ বৰপেটা হাউলীৰ ৮ নম্বৰ ৱাৰ্ডত আৰু হেণ্ডিমেনৰ ঘৰ বৰপেটা নিচুকা ১ নম্বৰ ৱাৰ্ডত। জব্দকৃত ম’হভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-15 BC-0907

ডিজিটেল ডেস্ক: অসম বংগ সীমান্তৰ ছাগলীয়াত ২৯ টাকৈ ম’হ জব্দ। আটক দুই সৰবৰাহকাৰী। পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ হয় ম’হকেইটা। মালবাহী ট্ৰাকত ধানৰ পতানৰ বস্তাৰ তলত গোপন চেম্বাৰত চোৰাংভাৱে আনিছিল ২৯ টাকৈ ম’হ। 


গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই মালবাহী ট্ৰাকখন ৰখাবলৈ দিয়ে। মালবাহী ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ২৯টাকৈ ম’হ জব্দ কৰে লগতে চালক আৰু হেণ্ডিমেনক আটক কৰে। ধৃত চালক আৰু হেণ্ডিমেন দুজন ৰাকিবুল ইছলাম (২৫) আৰু সাহিদুল ইছলাম (৩১)। 


ম'হ সৰবৰাহকাৰীৰূপী চালকৰ ঘৰ বৰপেটা হাউলীৰ ৮ নম্বৰ ৱাৰ্ডত আৰু হেণ্ডিমেনৰ ঘৰ বৰপেটা নিচুকা ১ নম্বৰ ৱাৰ্ডত। জব্দকৃত ম’হভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-15 BC-0907। 


অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ম’হসমূহৰ মালিক বৰপেটাৰ ৰফিকুল। উল্লেখ্য যে ম’হসমূহ বৰপেটালৈ গৈ আছিল। পূৰ্বতেও এইখন বাহনৰে বৰপেটাত ম’হ সৰবৰাহ কৰিছিল। ছিণ্ডিকেট বাহিনীক ধন দি এটা মেছেজ দিলে বৰপেটালৈকে কোনো আৰক্ষীয়ে আটক নকৰে বাহন। ছিণ্ডিকেট বাহিনীক ধন নিদিলে ছিণ্ডিকেট বাহিনীয়ে আৰক্ষীক বাহনৰ খবৰ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ