--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ম'হ সৰবৰাহকাৰীৰূপী চালকৰ ঘৰ বৰপেটা হাউলীৰ ৮ নম্বৰ ৱাৰ্ডত আৰু হেণ্ডিমেনৰ ঘৰ বৰপেটা নিচুকা ১ নম্বৰ ৱাৰ্ডত। জব্দকৃত ম’হভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-15 BC-0907

ডিজিটেল ডেস্ক: অসম বংগ সীমান্তৰ ছাগলীয়াত ২৯ টাকৈ ম’হ জব্দ। আটক দুই সৰবৰাহকাৰী। পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ হয় ম’হকেইটা। মালবাহী ট্ৰাকত ধানৰ পতানৰ বস্তাৰ তলত গোপন চেম্বাৰত চোৰাংভাৱে আনিছিল ২৯ টাকৈ ম’হ। 


গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই মালবাহী ট্ৰাকখন ৰখাবলৈ দিয়ে। মালবাহী ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ২৯টাকৈ ম’হ জব্দ কৰে লগতে চালক আৰু হেণ্ডিমেনক আটক কৰে। ধৃত চালক আৰু হেণ্ডিমেন দুজন ৰাকিবুল ইছলাম (২৫) আৰু সাহিদুল ইছলাম (৩১)। 


ম'হ সৰবৰাহকাৰীৰূপী চালকৰ ঘৰ বৰপেটা হাউলীৰ ৮ নম্বৰ ৱাৰ্ডত আৰু হেণ্ডিমেনৰ ঘৰ বৰপেটা নিচুকা ১ নম্বৰ ৱাৰ্ডত। জব্দকৃত ম’হভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-15 BC-0907। 


অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ম’হসমূহৰ মালিক বৰপেটাৰ ৰফিকুল। উল্লেখ্য যে ম’হসমূহ বৰপেটালৈ গৈ আছিল। পূৰ্বতেও এইখন বাহনৰে বৰপেটাত ম’হ সৰবৰাহ কৰিছিল। ছিণ্ডিকেট বাহিনীক ধন দি এটা মেছেজ দিলে বৰপেটালৈকে কোনো আৰক্ষীয়ে আটক নকৰে বাহন। ছিণ্ডিকেট বাহিনীক ধন নিদিলে ছিণ্ডিকেট বাহিনীয়ে আৰক্ষীক বাহনৰ খবৰ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত