--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰতিটো বস্তাত ৪৫ কিলোগ্ৰামকৈ সাৰ থকাৰ ফলত জব্দকৃত সাৰৰ মুঠ পৰিমাণ প্ৰায় ২২ হাজাৰ ৫০০ কিলোগ্ৰাম।

ডিজিটেল ডেস্ক: লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ। লাইলাপুৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ। মিজোৰামলৈ সৰবৰাহৰ উদ্দেশ্যে নিয়া হৈছিল এই বিপুল পৰিমাণৰ ইউৰিয়া সাৰ।


লাইলাপুৰ আৰক্ষী চেকপ’ষ্টত মিজোৰাম অভিমুখে গৈ থকা AS-01-OC-6736 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে আটক কৰে। ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ কৰে।


প্ৰতিটো বস্তাত ৪৫ কিলোগ্ৰামকৈ সাৰ থকাৰ ফলত জব্দকৃত সাৰৰ মুঠ পৰিমাণ প্ৰায় ২২ হাজাৰ ৫০০ কিলোগ্ৰাম।


আৰক্ষীৰ তথ্য অনুসৰি, জব্দ কৰা এই সাৰৰ ক’লা বজাৰৰ মূল্য প্ৰায় ৬ লাখ টকা। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকচালক, ত্ৰিপুৰাৰ পানীসাগৰৰ বাসিন্দা বদৰুদ্দিনক আৰক্ষীয়ে আটক কৰিছে।


ঘটনাৰ সন্দৰ্ভত লাইলাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত