--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ৰাজধানী পাটনাত গ্ৰেজুৱেট চায় গাৰ্ল হিচাপে জনাজাত প্ৰিয়ংকা গুপ্তাই আৰু এতিয়াৰ পৰা ষ্ট’লত চাহ বিক্ৰী নকৰে। এতিয়াৰে পৰা প্ৰিয়ংকাই সৰু চাহৰ দোকানত চাহ বিক্ৰী নকৰে। সৰু চাহ দোকানৰ পৰিৱৰ্তে এখন ডাঙৰ ফ্ৰুট ট্ৰাকত চাহ বিক্ৰী কৰিব প্ৰিয়ংকাই। এই ফ্ৰুট ট্ৰাকখন সম্পূৰ্ণৰূপে সজোৱা হ'ব। গ্ৰেজুৱেট চায় গাৰ্ল প্ৰিয়ংকা গুপ্তাই এতিয়াৰে পৰা সৰু চাহ দোকানৰ সলনি এখন আকৰ্ষণীয় দোকানত চাহ বিক্ৰী কৰিব।


প্ৰিয়ংকা গুপ্তাই এই সন্দৰ্ভত কয়, ‘মই গ্ৰেজুৱেট। কঠোৰ পৰিশ্ৰমৰ পাছতো ক’তো মই চাকৰি নাপালো।’ চাকৰি নাপাই হাত সাৱটি বদি থকা নাছিল প্ৰিয়ংকাই। চাহ বিক্ৰীৰ সিদ্ধান্ত লয় প্ৰিয়ংকাই। চাকৰি নোপাৱা প্ৰিয়ংকাৰ চকু গৈছিল প্ৰফুল্ল বিলোৰৰ এটা ভিডিঅ'লৈ। 

এমবিএ উত্তীৰ্ণ কোনো ব্যক্তিয়ে যদি চাহ বিক্ৰী কৰিব পাৰে, তেতিয়া স্নাতক হৈ চাহ বিক্ৰেতা হ'ব নোৱাৰে কিয়? এনে প্ৰশ্নৰ উদয় হৈছিল প্ৰিয়ংকাৰ মনত। স্বাভাৱিকতে, প্ৰফুল্ল বিলোৰৰ এটা ভিডিঅ’ই সলনি কৰি দিছিল প্ৰিয়ংকাৰ জীৱন। তাৰপাছত আৰু পিছলৈ চাবলগীয়া হোৱা নাই প্ৰিয়ংকাই। ইয়াৰ পিছতে, প্ৰিয়ংকাই পাটনাত তেওঁৰ বন্ধুবৰ্গৰ সহায়ত চাহ বিক্ৰেতা হিচাপে আত্মপ্ৰকাশ কৰে। 


সম্প্ৰতি, নিজৰ ব্যৱসায় আৰু অলপ বিস্তাৰ কৰাৰ পৰিকল্পনা কৰিছে প্ৰিয়ংকাই। প্ৰিয়ংকাৰ এনে সাহসীকতাই এতিয়া দৃষ্টি কাঢ়িছে লক্ষজনৰ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ