--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এতিয়া দবা খেলৰ এক বিশেষ পৰিবেশ সৃষ্টি হৈছে। গুৱাহাটীত কেইবাখনো দেশৰ দবাৰুৰ অংশগ্ৰহণেৰে আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পিছত এইবাৰ গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ৩জুলাইৰ পৰা ৮ জুলাই ২০২২লৈ   দবা খেলুৱৈ  অভিভাৱক সন্থাই এখন আন্তৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আয়োজন কৰিছে। 

মুঠ দুই লাখ টকা প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখনত প্ৰথম বিশটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হব।

 ইয়াৰ বাহিৰেও শ্ৰেষ্ঠ মহিলা, ভেটাৰেণ খেলুৱৈ,  আৰু বয়স ভিত্তিত অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১বছৰ,  অনুৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰৰ খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হব।  অসম আৰু গুৱাহাটীৰ খেলুৱৈৰ বাবে বিশেষ পুৰস্কাৰ থাকিব।

প্ৰতিযোগিতাখনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।  

প্ৰতিযোগিতা খন ইতিমধ্যে ভাৰতীয় দবা মহাসংঘই (AICF) আৰু বিশ্ব দবা মহাসংঘই (FIDE) স্বীকৃতি প্ৰদান কৰিছে।

প্ৰতিযোগিতা খনত যোগদান কৰিবলৈ আৰু সবিশেষ জানিবলৈ ছুজা উল ইছলাম হাজৰিকা (ফোন +919435041776) আৰু প্ৰণৱ কুমাৰ নাথৰ ( ফোন 9864911937) লগত  যোগাযোগ কৰিব পাৰিব বুলি আয়োজকসকলে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ