--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এতিয়া দবা খেলৰ এক বিশেষ পৰিবেশ সৃষ্টি হৈছে। গুৱাহাটীত কেইবাখনো দেশৰ দবাৰুৰ অংশগ্ৰহণেৰে আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পিছত এইবাৰ গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ৩জুলাইৰ পৰা ৮ জুলাই ২০২২লৈ   দবা খেলুৱৈ  অভিভাৱক সন্থাই এখন আন্তৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আয়োজন কৰিছে। 

মুঠ দুই লাখ টকা প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখনত প্ৰথম বিশটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হব।

 ইয়াৰ বাহিৰেও শ্ৰেষ্ঠ মহিলা, ভেটাৰেণ খেলুৱৈ,  আৰু বয়স ভিত্তিত অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১বছৰ,  অনুৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰৰ খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হব।  অসম আৰু গুৱাহাটীৰ খেলুৱৈৰ বাবে বিশেষ পুৰস্কাৰ থাকিব।

প্ৰতিযোগিতাখনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।  

প্ৰতিযোগিতা খন ইতিমধ্যে ভাৰতীয় দবা মহাসংঘই (AICF) আৰু বিশ্ব দবা মহাসংঘই (FIDE) স্বীকৃতি প্ৰদান কৰিছে।

প্ৰতিযোগিতা খনত যোগদান কৰিবলৈ আৰু সবিশেষ জানিবলৈ ছুজা উল ইছলাম হাজৰিকা (ফোন +919435041776) আৰু প্ৰণৱ কুমাৰ নাথৰ ( ফোন 9864911937) লগত  যোগাযোগ কৰিব পাৰিব বুলি আয়োজকসকলে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী