--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণৰ ফাইনেলৰ বাবে লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন টেষ্টত অনিশ্চিত হৈ পৰিছে নিউজিলেণ্ডৰ পেচাৰ ট্ৰেণ্ট ব’ল্ট। আইপিএলৰ ফাইনেলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ট্ৰেণ্ট ব’ল্টে । ফাইনেলত দলটো মুখামুখি হৈছিল গুজৰাট টাইটানছৰ।

ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ২ জুনৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা। আইপিএলৰ ফাইনেলৰ অৱতীৰ্ণ হোৱা বাবে আগন্তুক টেষ্টৰ বাবে প্ৰস্তুত হ’বলৈ হাতত সময় কম ব’ল্টৰ। সেইবাবে প্ৰথম টেষ্টত ব’ল্টৰ অংশগ্ৰহণৰ সম্ভাৱনা ক্ৰমাত্‍ ক্ষীণ হৈ পৰিছে। নিউজিলেণ্ডৰ এটা সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

চেম্পিয়ন হ’ব নোৱাৰিলেও ৰাজস্থানক চূড়ান্ত পৰ্যায়লৈ লৈ যোৱাত ব’ল্টৰ অৰিহণা অনস্বীকাৰ্য। দ্বিতীয় কোৱালিফায়াৰত ৪ অ’ভাৰত ২৮ ৰান ব্যয়ৰে মাত্ৰ এটা উইকেট দখল কৰিছিল ট্ৰেণ্ট ব’ল্টে। গোটেই ছিজনটোত ১৫খন মেচত ১৫টা উইকেট দখল কৰিছে তাৰকা পেচাৰজনে।

ব’ল্টৰ সৈতে যোগদান কৰিছে নিউজিলেণ্ডৰ আক্ৰমণকাৰী  পেচাৰ টিম ছাউথী, কাইল জেমিছন, নীল ৱেগনাৰ, মেট হেনৰী, জেকব ডাফি, ব্লেয়াৰ টিকনাৰে। ব’ল্টৰ অনুপস্থিতিত নিউজিলেণ্ডৰ প্ৰথম টেষ্টত ছৌদি, জেমিছন, ৱেগনাৰ আৰু হেনৰীয়ে হ’ব মূল শক্তি। একমাত্ৰ স্পিনাৰ আজাজ পেটেলো দলত থাকিব।

স্মৰ্তব্য যে, নিউজিলেণ্ডৰ হৈ ৬৫ খন টেষ্টত ৩০১ টা উইকেট দখল কৰিছে ট্ৰেণ্ট ব’ল্টে। ইংলেণ্ডৰ বিৰুদ্ধে ১১খন খেলত ৫৪টা উইকেট দখল কৰিছে তেওঁ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ