--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণৰ ফাইনেলৰ বাবে লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন টেষ্টত অনিশ্চিত হৈ পৰিছে নিউজিলেণ্ডৰ পেচাৰ ট্ৰেণ্ট ব’ল্ট। আইপিএলৰ ফাইনেলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ট্ৰেণ্ট ব’ল্টে । ফাইনেলত দলটো মুখামুখি হৈছিল গুজৰাট টাইটানছৰ।

ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ২ জুনৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা। আইপিএলৰ ফাইনেলৰ অৱতীৰ্ণ হোৱা বাবে আগন্তুক টেষ্টৰ বাবে প্ৰস্তুত হ’বলৈ হাতত সময় কম ব’ল্টৰ। সেইবাবে প্ৰথম টেষ্টত ব’ল্টৰ অংশগ্ৰহণৰ সম্ভাৱনা ক্ৰমাত্‍ ক্ষীণ হৈ পৰিছে। নিউজিলেণ্ডৰ এটা সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

চেম্পিয়ন হ’ব নোৱাৰিলেও ৰাজস্থানক চূড়ান্ত পৰ্যায়লৈ লৈ যোৱাত ব’ল্টৰ অৰিহণা অনস্বীকাৰ্য। দ্বিতীয় কোৱালিফায়াৰত ৪ অ’ভাৰত ২৮ ৰান ব্যয়ৰে মাত্ৰ এটা উইকেট দখল কৰিছিল ট্ৰেণ্ট ব’ল্টে। গোটেই ছিজনটোত ১৫খন মেচত ১৫টা উইকেট দখল কৰিছে তাৰকা পেচাৰজনে।

ব’ল্টৰ সৈতে যোগদান কৰিছে নিউজিলেণ্ডৰ আক্ৰমণকাৰী  পেচাৰ টিম ছাউথী, কাইল জেমিছন, নীল ৱেগনাৰ, মেট হেনৰী, জেকব ডাফি, ব্লেয়াৰ টিকনাৰে। ব’ল্টৰ অনুপস্থিতিত নিউজিলেণ্ডৰ প্ৰথম টেষ্টত ছৌদি, জেমিছন, ৱেগনাৰ আৰু হেনৰীয়ে হ’ব মূল শক্তি। একমাত্ৰ স্পিনাৰ আজাজ পেটেলো দলত থাকিব।

স্মৰ্তব্য যে, নিউজিলেণ্ডৰ হৈ ৬৫ খন টেষ্টত ৩০১ টা উইকেট দখল কৰিছে ট্ৰেণ্ট ব’ল্টে। ইংলেণ্ডৰ বিৰুদ্ধে ১১খন খেলত ৫৪টা উইকেট দখল কৰিছে তেওঁ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত