--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ত ভাৰতীয় বায়ু সেনাই (আই এ এফ) ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি পাকিস্তানৰ প্ৰধান বিমান ঘাটি আৰু সামৰিক ঘাটিত আঘাত হানিছিল। ৭ মে'ৰ মাজনিশা পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় বায়ু সেনাই আক্রমণ চলাই বহুকেইটা সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰাৰ পাছত পাকিস্তানেও ভাৰতৰ নাগৰিক, বিমান ঘাটি আৰু ধর্মীয় স্থানক লক্ষ্য কৰি আক্ৰমণ চলায়। 

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ১০ মে'ত বিমান আক্রমণ চলাই পাকিস্তানৰ এছ এ এ বি-২০০০ শীর্ষক এখন যুদ্ধ বিমান ধ্বংস কৰে। পাকিস্তানৰ এলেকাৰ ৩১৫ কিল'মিটাৰ ভিতৰলৈ গৈ ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমানে বহুকেইখন পাকিস্তানী যুদ্ধ বিমান আৰু এখন সেনা পৰিবহণ যুদ্ধ বিমান ধ্বংস কৰে।

ভাৰতীয় বায়ু সেনাৰ বিষয়াৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ প্ৰায় ৩১৫ কিল'মিটাৰ ভিতৰত এছ এ এ বি-২০০০ 'এয়াৰব'ৰ্ন আর্লি বার্নিং ছিষ্টেম' এটা ধ্বংস কৰাৰ উপৰি এখন জে এফ-১৭ ফাইটাৰ জেট, দুখন এফ-১৬ জেট ধ্বংস কৰিবলৈ সক্ষম হয়। ভাৰতীয় বায়ু সেনাই ৰাফেল আৰু চু-৩০ এম কে আইৰ পৰা স্কেল্প আৰু ব্ৰহ্মছ ক্ষেপণাস্ত্র নিক্ষেপ কৰি পাকিস্তানক ধৰাশায়ী কৰে। ইয়াৰ পাছতেই ইছলামাবাদ দিশহাৰা হৈ যুদ্ধ-বিৰতিৰ বাবে আমেৰিকাৰ শৰণাপন্ন হ'বলৈ বাধ্য হয়। 

তদুপৰি, ভাৰতীয় বায়ু সেনাই প্ৰকাশ কৰা অনুসৰি, 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত ভাৰতৰ এছ ৪০০ বায়ু প্ৰতিৰক্ষা পদ্ধতি আদমপুৰ বিমান ঘাটিত ১১বাৰ সক্ৰিয় কৰিবলগা হৈছিল। পাকিস্তানী আকাশ মণ্ডলৰ শতাধিক কিল'মিটাৰ ভিতৰলৈ গৈ পাকিস্তানী এছ এ এ বি-২০০০ যুদ্ধ বিমানো ধ্বংস কৰে। ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ নৰ্ডার্ন এয়াৰ কমাণ্ডৰ নিয়ন্ত্ৰণত থকা চাকালাৰ নূৰ খান বিমান ঘাটি বিধ্বস্ত কৰাৰ লগতে জেক'বাবাদ আৰু ভোলাৰী বিমান ঘাটিও বিধ্বস্ত কৰে। ভাৰতীয় বায়ু সেনাৰ পৰাক্ৰমত পাকিস্তানৰ বহুতো মূল বিমান ঘাটি তচনচ হৈছিল।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ