--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ২২ এপ্রিলৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে স্থগিত ৰখা সিন্ধু জলচুক্তিৰ বিষয়ে মিছা তথ্য বিয়পোৱাৰ বাবে শনিবাৰে ভাৰতে পাকিস্তানক সমালোচনা কৰে। 

ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ স্থায়ী প্রতিনিধি, ৰাষ্ট্রদূত পাৰ্বথানেনী হৰীশে কয় যে 'বিশ্বৰ সন্ত্রাসবাদৰ অভিকেন্দ্ৰ' পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা ৰপ্তানি হোৱা সন্ত্রাসবাদলৈ সাহায্য-সমর্থন প্রত্যাহাৰ নকৰালৈকে ৬৫ বছৰীয়া এই চুক্তি স্থগিতাৱস্থাত থাকিব। 

'পানী জীৱন, যুদ্ধৰ অস্ত্ৰ নহয়' বুলি কৈ ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধিয়ে সিন্ধু জলচুক্তিৰ বিষয়টো উত্থাপন কৰাৰ প্রতিক্রিয়াত হৰীশে এইদৰে কয়। উল্লেখযোগ্য যে ২৬জন লোকৰ প্ৰাণ লোৱা পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ এদিনৰ পাছতেই ২৩ মে'ত ১৯৬০ চনৰ উক্ত চুক্তিখন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে। হৰীশে কয়, 'নদীৰ উজনিৰ ৰাষ্ট্ৰৰূপে ভাৰতে সদায় দায়িত্বশীলভাবে কাম কৰি আহিছে। সন্ত্রাসবাদৰ শোচনীয় প্ৰভাৱৰ কথা উল্লেখ কৰি হৰীশে কয় যে যোৱা চাৰিটা দশকত সন্ত্রাসবাদীৰ আক্ৰমণত ২০,০০০তকৈ অধিক ভাৰতীয়ৰ মৃত্যু হৈছে। 

তেওঁ কয়, 'ভাৰতে ৬৫ বছৰৰ আগতে এক বিশ্বাস লৈ সিন্ধু জলচুক্তিত স্বাক্ষৰ কৰিছিল। চুক্তিখনৰ প্ৰস্তাৱনাতে আছে যে কিদৰে এইখন উৎসাহ আৰু বন্ধুত্বৰে চুক্তিখনৰ বিষয়ে শেষ সিদ্ধান্তলৈ অহা হৈছিল। যোৱা চাৰে ছটা দশকত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে তিনিখন যুদ্ধ আৰু সহস্রাধিক সন্ত্রাসবাদী আক্রমণেৰে চুক্তিৰ সাৰ কথা উলংঘন কৰিছে। যোৱা চাৰিটা দশকত সন্ত্রাসবাদী আক্রমণত ২০,০০০তকৈ অধিক ভাৰতীয়ই প্রাণ হেৰুৱাইছে। 

অতি শেহতীয়াকৈ কাপুৰুষালিৰে পহলগামৰ পৰ্যটকক লক্ষ্য কৰি লোৱা হ'ল।' তদুপৰি, পাকিস্তানত সন্ত্রাসবাদীৰ প্ৰশিক্ষণ, পুঁজি যোগান আৰু জেহাদী প্রশিক্ষণ আৰু নতুন সদস্য ভর্তিকৰণ চলে বুলিও ৰাষ্ট্ৰসংঘৰ মজিয়াত হৰীশে সজোৰে উত্থাপন কৰে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত