--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ২২ এপ্রিলৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে স্থগিত ৰখা সিন্ধু জলচুক্তিৰ বিষয়ে মিছা তথ্য বিয়পোৱাৰ বাবে শনিবাৰে ভাৰতে পাকিস্তানক সমালোচনা কৰে। 

ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ স্থায়ী প্রতিনিধি, ৰাষ্ট্রদূত পাৰ্বথানেনী হৰীশে কয় যে 'বিশ্বৰ সন্ত্রাসবাদৰ অভিকেন্দ্ৰ' পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা ৰপ্তানি হোৱা সন্ত্রাসবাদলৈ সাহায্য-সমর্থন প্রত্যাহাৰ নকৰালৈকে ৬৫ বছৰীয়া এই চুক্তি স্থগিতাৱস্থাত থাকিব। 

'পানী জীৱন, যুদ্ধৰ অস্ত্ৰ নহয়' বুলি কৈ ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধিয়ে সিন্ধু জলচুক্তিৰ বিষয়টো উত্থাপন কৰাৰ প্রতিক্রিয়াত হৰীশে এইদৰে কয়। উল্লেখযোগ্য যে ২৬জন লোকৰ প্ৰাণ লোৱা পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ এদিনৰ পাছতেই ২৩ মে'ত ১৯৬০ চনৰ উক্ত চুক্তিখন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে। হৰীশে কয়, 'নদীৰ উজনিৰ ৰাষ্ট্ৰৰূপে ভাৰতে সদায় দায়িত্বশীলভাবে কাম কৰি আহিছে। সন্ত্রাসবাদৰ শোচনীয় প্ৰভাৱৰ কথা উল্লেখ কৰি হৰীশে কয় যে যোৱা চাৰিটা দশকত সন্ত্রাসবাদীৰ আক্ৰমণত ২০,০০০তকৈ অধিক ভাৰতীয়ৰ মৃত্যু হৈছে। 

তেওঁ কয়, 'ভাৰতে ৬৫ বছৰৰ আগতে এক বিশ্বাস লৈ সিন্ধু জলচুক্তিত স্বাক্ষৰ কৰিছিল। চুক্তিখনৰ প্ৰস্তাৱনাতে আছে যে কিদৰে এইখন উৎসাহ আৰু বন্ধুত্বৰে চুক্তিখনৰ বিষয়ে শেষ সিদ্ধান্তলৈ অহা হৈছিল। যোৱা চাৰে ছটা দশকত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে তিনিখন যুদ্ধ আৰু সহস্রাধিক সন্ত্রাসবাদী আক্রমণেৰে চুক্তিৰ সাৰ কথা উলংঘন কৰিছে। যোৱা চাৰিটা দশকত সন্ত্রাসবাদী আক্রমণত ২০,০০০তকৈ অধিক ভাৰতীয়ই প্রাণ হেৰুৱাইছে। 

অতি শেহতীয়াকৈ কাপুৰুষালিৰে পহলগামৰ পৰ্যটকক লক্ষ্য কৰি লোৱা হ'ল।' তদুপৰি, পাকিস্তানত সন্ত্রাসবাদীৰ প্ৰশিক্ষণ, পুঁজি যোগান আৰু জেহাদী প্রশিক্ষণ আৰু নতুন সদস্য ভর্তিকৰণ চলে বুলিও ৰাষ্ট্ৰসংঘৰ মজিয়াত হৰীশে সজোৰে উত্থাপন কৰে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ