--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংস্কৃতত এটা শ্লোক আছে 'মূকং কৰোতি বাচালং, পংগু লংঘয়তে গিৰি।' শ্লোকটোৰ অৰ্থ ঈশ্বৰৰ কৃপাত বোবাজনেও কথা কয়, পংগুৱেও পাহাৰ বগায়। তেনে এগৰাকী মহিলা হৈছে ছোনজিন আংমো। হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ এখন আওহতীয়া গাঁৱৰ এই জনজাতি মহিলাগৰাকী সম্পূর্ণ দৃষ্টিহীন। কিন্তু তেওঁৰ এই অন্ধত্ব তেওঁৰ সপোনৰ বাটত হেঙাৰ হ'ব পৰা নাই। এই সপ্তাহৰ আৰম্ভণিতে যোৱা সোমবাৰে আংমোবে মাউন্ট এভাৰেষ্ট আৰোহণ কৰি, বিশ্বৰ সৰ্বোচ্চ পর্বত হিমালয়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পুতি থৈ আহিলে। 

এভাৰেষ্ট শৃংগ বিজয় কৰা ভাৰতৰ প্রথমগৰাকী দৃষ্টিহীন মহিলা আৰু বিশ্বৰ পঞ্চমগৰাকী তেনে ব্যক্তি ৰূপে ইতিহাস ৰচনা কৰিলে। সৰুতেই অন্ধ আৰু বধিৰ হোৱা আমেৰিকাৰ প্রখ্যাত লেখিকা হেলেন কেল্লাৰ হৈছে আংমোৰ আদৰ্শ। আংমোৱে কেল্লাৰৰ প্ৰজ্ঞাৰ বাণী 'অন্ধ হোৱাতকৈ শোচনীয় কথা হৈছে দৃষ্টি থাকিও সপোন নেদেখা।' 

আংমোৱে ৮ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুৱাইছিল। বর্তমান তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মিৰাণ্ডা হাউছৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ চেষ্টা কৰি আছে। তদুপৰি, তেওঁ দিল্লীত ছার্ভিচ এছ'চিয়েট হিচাপে ইউনিয়ন বেংক অব ইণ্ডিয়াত কৰ্মৰত। আংমোৱে কয় যে পৰ্বতৰ শৃংগ আৰোহণ কৰাটো তেওঁৰ আশৈশৱ সপোন। ২০২৪ চনৰ অক্টোবৰত আংমো ৫,৩৬৪ মিটাৰ উচ্চতাত থকা এভাৰেষ্টৰ বেছ কেম্পলৈ ট্রেকিং কৰা প্ৰথম ভাৰতীয় দৃষ্টিহীন মহিলা ৰূপে পৰিচিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত'ত আংমোৰ কথা উল্লেখ কৰিছিল। খেলৰ প্ৰতি থকা ৰাপৰ বাবে আংমোৱে সাঁতোৰত ৰাজ্যিক পৰ্যায়ত সোণৰ পদক লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথনত তেওঁ দুটা ব্ৰঞ্জৰ পদকো লাভ কৰিছিল। আংমোৱে মাণ্ডলিক আৰু ৰাষ্ট্ৰীয় পর্যায়ত ফুটবলো খেলিছিল। 

উল্লেখযোগ্য যে ২০২১ চনত অপাৰেশ্যন ব্লু ফ্রীডমৰ অধীনত কৰা ছিয়াচেন গ্লেচিয়াৰ আৰোহণ কৰা অন্যভাৱে সক্ষম পৰ্বতাৰোহী দলটোৰ একমাত্র মহিলা আছিল আংমো। উক্ত আৰোহণে এক নতুন অভিলেখো ৰচনা কৰিছিল। যোৱা বছৰ তেওঁ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ পৰা সৰ্বশ্রেষ্ঠ দিব্যাংগন ৰাষ্ট্ৰীয় বঁটাও গ্ৰহণ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ