--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অক্টোবৰ-নৱেম্বৰ মাহত ৰাজ্যখনত খেতিয়কে খেতি চপোৱাৰ পাছত প্রায় ২০ মিলিয়ন নৰাৰ সৃষ্টি হয় আৰু কৃষকে এই নৰাবোৰ পুৰি পেলোৱাৰ বাবে দিল্লী আৰু এন চি আৰত ব্যাপক বায়ু প্রদূষণৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক : যোৱা আগষ্ট মাহত প্রলয়ংকৰি বানে বিধ্বস্ত কৰা পঞ্জাবৰ খেতিয়কে এতিয়া উদং খেতিপথাৰ প্ৰত্যক্ষ কৰি মূৰে-কপালে হাত দিছে। দেশৰ ভিতৰত সৰ্বাধিক ধান খেতি কৰা ৰাজ্য পঞ্জাবত এতিয়া কৃষকসকলৰ নাজল-নাথল অবস্থা।


অক্টোবৰ-নৱেম্বৰ মাহত ৰাজ্যখনত খেতিয়কে খেতি চপোৱাৰ পাছত প্রায় ২০ মিলিয়ন নৰাৰ সৃষ্টি হয় আৰু কৃষকে এই নৰাবোৰ পুৰি পেলোৱাৰ বাবে দিল্লী আৰু এন চি আৰত ব্যাপক বায়ু প্রদূষণৰ সৃষ্টি হয়। কিন্তু এইবাৰৰ পৰিস্থিতি সুকীয়া। কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনৰ খেতিয়কসকলে বিধ্বংসী বানৰ পাছত খেতি চপাব যোৱা নাই, কাৰণ হেক্টৰে হেক্টৰে কৃষিভূমি বালিত পোত গৈছে। 


কৃষকে তেজ পানী কৰি শ্ৰমেৰে ৰোপণ কৰা ৩ লাখ হেক্টৰ ভূমিৰ খাদ্য-শস্য নষ্ট হৈ গৈছে। বাৰিষাৰ সময়ত ৰবি, শতদ্রু আৰু বিপাশা নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰি ৰাজ্যখনৰ অধিকাংশ কৃষিভূমি বুৰাই পেলাইছিল আৰু ৰাজ্যখনৰ খাদ্য শস্যৰ ক্ষতি কৰিছিল। পঞ্জাবৰ কাপুৰতলা জিলাৰ নুৰোৱাল গাঁৱৰ এজন খেতিয়ক সুখবীৰ সিঙে কয়, 'ৰোপণ কৰা শস্য গ'লেই, কিন্তু এতিয়া প্রায় ৪ ফুট বালিয়ে খেতিৰ পথাৰ পুতি পেলাইছে। পুনৰ খেতি কৰাৰ বাবে খেতিপথাৰ উপযোগী কৰিবলৈও উপায়হীন হৈ পৰিছোঁ।' কৃষক সিঙৰ ১২ একৰ কৃষিভূমি বালিয়ে পুতি পেলাইছে। বিপাশা নদীৰ বলিয়া বানে তেওঁৰ শ্রমক তচনচ কৰি পেলালে। 


উল্লেখযোগ্য যে আগষ্ট মাহত ৰাজ্যখনত হোৱা আকস্মিক বানে খেতিপথাৰ বুৰাই পেলোৱাৰ লগতে ঘৰ-দুৱাৰ আৰু পশুধনো উটুৱাই নিছিল। সমগ্ৰ ৰাজ্যখনত প্রায় ৩ লাখ লোক আক্রান্ত হৈছিল। এতিয়া ধানখেতি চপোৱাৰ সময়ত ৰাজ্যখনৰ কৃষকসকলৰ চকুৰ পানীৰে বাট নেদেখাৰ অৱস্থা হৈছে। আনহাতে, নৱেম্বৰত কৰিবলগা ঘেঁহু খেতিৰ বাবেও কৃষিভূমি উপযোগী হৈ থকা নাই। দেশৰ অধিকাংশ অঞ্চলতে ধান আৰু ঘেঁহু যোগানকাৰী ৰাজ্যখনৰ কৃষকৰ এই অৱস্থাই সমগ্র দেশৰ জনতাকে চিন্তিত কৰি তুলিছে যদিও কেন্দ্রীয় চৰকাৰে এই ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ