--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া এজন পুৰুষৰ বয়সে ৩৫ বছৰ অতিক্ৰম কৰে, তেতিয়া শৰীৰৰ বহু পৰিৱৰ্তন হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ সমস্যাবোৰো বাঢ়ি যায়। অৱশ্যে বৰ্তমান যুগত কম বয়সৰ লোকসকলো ডায়েবেটিছ, মেদবহুলতা আৰু উচ্চ ৰক্তচাপত ভূগা দেখা যায়। অতি কম বয়সতে কেন্সাৰ আৰু হাৰ্ট এটেকৰ ফলত বহু মানুহে প্ৰাণ হেৰুৱাইছে। এনে ক্ষেত্ৰত মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক। গতিকে বয়স বৃদ্ধিৰ লগে লগে পুৰুষে নিয়মীয়াকৈ কিছুমান পৰীক্ষা কৰাটো প্ৰয়োজনীয়।

১/দন্ত পৰীক্ষাঃ বয়স বৃদ্ধিৰ লগে লগে দাঁতৰ সমস্যা হোৱাটো অনিবাৰ্য, লগতে বহু সময়ত দাঁতৰ বিষ, মুখৰ গোন্ধ বাঢ়িবলৈ আৰম্ভ কৰে। এনে অৱস্থাত আপুনি এজন ভাল দন্ত চিকিৎসকৰ পৰা দাঁত পৰীক্ষা কৰাব লাগে যাতে পিছত সমস্যাৰ সন্মুখীন হ’ব নালাগে।

২/ বি এম আই পৰীক্ষাঃ বডি মাছ ইনডেক্স টেষ্ট, যাক BMI বুলিও কোৱা হয়, য’ত এজন ব্যক্তিৰ উচ্চতা আৰু তেওঁৰ ওজনৰ অনুপাত গণনা কৰা হয়, যাতে সেই ব্যক্তিজন কিমান ফিট সেই কথা জানিব পৰা যায়। ওজন বৃদ্ধি হোৱাটো বৰ্তমান যুগৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে, গতিকে ওজনৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। ১৮.৫ৰ পৰা ২৪.৯ৰ ভিতৰত থকা বিএমআই সঠিক বুলি ধৰা হয়। যদি সঠিক নহয় তেন্তে ৱৰ্কআউট আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাত মনোনিৱেশ কৰক।

৩/ কলেষ্টেৰল পৰীক্ষাঃ যদি শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়, তেন্তে উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, যিটো মাৰাত্মক প্ৰমাণিত হ’ব পাৰে। গতিকে প্ৰায় ৬ মাহত এবাৰ হ’লেও কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি ল’ব লাগে।

৪/ ব্লাড ছুগাৰ পৰীক্ষাঃ বয়সৰ লগে লগে পুৰুষসকলৰ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, এয়া এনেকুৱা এটা ৰোগ যে এবাৰ কাৰোবাৰ হ’লেই গোটেই জীৱনত ই পিছ নেৰে। সেইবাবেই নিয়মিতভাৱে ব্লাড চুগাৰ টেষ্ট কৰি থকাটো গুৰুত্বপূৰ্ণ, যাতে আৰু কোনো সমস্যাৰ সৃষ্টি নহয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী