--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ড্ৰেগন ফ্ৰুটৰ বহুতো স্বাস্থ্যসন্মত উপকাৰিতা আছে। ইয়াত যথেষ্ট পৰিমাণ ভিটামিন-‘চি’ পোৱা যায়। যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কৰ্কট ৰোগৰ পৰা ডায়েবেটিছ ৰোগ নিৰাময়তো এই ফল অতি ফলপ্ৰসূ। এই ফলে বেয়া কলেষ্টেৰল কমাই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ড্ৰেগন ফ্ৰুট খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস হয়।

আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে ড্ৰেগন ফ্ৰুট খোৱাৰ পাছত তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ডায়েবেটিছ ৰোগীসকলে দৈনিক খাদ্যৰ তালিকাত ড্ৰেগন ফ্ৰুট অন্তৰ্ভুক্ত কৰি সমস্যাৰ পৰা মুক্তি পাব পাৰে। বয়সৰ লগে লগে ডায়েবেটিছ ৰোগৰ পৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত এই ফল অতি ফলপ্ৰসূ। গৰ্ভৱতী মহিলাসকলৰ বাবেও এই ফল অতি উপকাৰী।

বয়সৰ ছাপ দূৰ কৰি ছালখনক শক্তিশালী কৰি ৰাখিবলৈ এন্টি-অক্সিডেন্টৰ অতি প্ৰয়োজন। ড্ৰেগন ফ্ৰুটত এন্টি-অক্সিডেন্টৰ উৎস বুলি কোৱা হয়। ড্ৰেগন ফ্ৰুটে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এই ফলত কেৰটিন থাকে, যিয়ে শৰীৰত থকা টিউমাৰবোৰ ধ্বংস কৰিব পাৰে।এই ড্ৰেগন ফ্ৰুটত ৰোগ প্ৰতিৰোধ কৰাৰ সকলো শক্তি আছে। বিশেষকৈ এই ড্ৰেগন ফ্ৰুটত ভিটামিন-‘চি’ প্ৰচুৰ পৰিমাণে থাকে। ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুণ্ণ হৈ থাকে। নিয়মিতভাৱে এই ফল খালে শৰীৰ সুস্থ হৈ থাকে।সেয়েহে দৈনন্দিন খাদ্য তালিকাত ড্ৰেগন ফ্ৰুট অন্তৰ্ভুক্ত কৰিব পাৰে। ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে পাচনতন্ত্ৰক সঠিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যিটো বদহজমতো ফলপ্ৰসূ।

এই ফলে বেয়া কলেষ্টেৰল হ্ৰাস কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ড্ৰেগন ফ্ৰুট খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হলে প্ৰায়ে ৰক্তবাহী নলীবোৰ বন্ধ হৈ মগজুলৈ তেজৰ গতিত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ডিঙি আৰু মূৰ-পিঠিত তীব্ৰ বিষ অনুভৱ হয়। তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে হৃদস্পন্দন অনিয়মিত হব পাৰে। যাৰ পৰা ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়। অতিৰিক্ত চৰ্বি থকা খাদ্য খালেও যিকোনো সময়তে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে।নিয়মীয়া ফলমূল আৰু শাক-পাচলিৰ লগতে ড্ৰেগন ফ্ৰুট দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ