--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত নৱজাতকৰ মৃত্যুৰ হাৰ সম্পৰ্কীয় এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। দেশত শেহতীয়াকৈ নৱজাতকৰ মৃত্যুৰ হাৰ ভালেখিনি হ্ৰাস হৈছে যদিও ই এতিয়াও উদ্বেগৰ বিষয় হৈয়েই ৰৈছে। শেহতীয়া এক চৰকাৰী তথ্য অনুসৰি দেশত প্ৰতি ৩৬টা শিশুৰ ভিতৰৰ এটাই প্ৰথম জন্মদিনৰ পূৰ্বেই আঁকোৱালি লয় মৃত্যুক। তাৎপৰ্যপূৰ্ণভাৱে নৱজাতকৰ মৃত্যুৰ হাৰৰ তথ্যক এখন দেশ বা এটা অঞ্চলৰ সামগ্ৰিক স্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতিৰ ক্ৰুড ইণ্ডিকেটৰ বা অপৰিশোধিত সূচক হিচাপে গন্য কৰা হয়। নৱজাতক শিশু অৰ্থাৎ এবছৰতকৈ কম বয়সৰ এহেজাৰ শিশুৰ ভিতৰত কিমানে অকাল মৃত্যুক আকোঁৱালি লয় তাৰ ওপৰত ভিত্তি কৰি এই তথ্য যুগুত কৰা হয়।

‘ৰেজিষ্টাৰ জেনেৰেল অব ইণ্ডিয়া’ই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়া দেশত নৱজাতকৰ মৃত্যুৰ হাৰ ১৯৭১ চনৰ তুলনাত চাৰিভাগৰ এভাগতকৈও কম। ২০২০ চনৰ তথ্য অনুসৰি প্ৰতি ১০০০ নৱজাতকৰ ভিতৰত দেশত এতিয়া ২৮টি শিশুৰ মৃত্যু হয়। আনহাতে ১৯৭১ চনত প্ৰতি এহেজাৰৰ ভিতৰত মৃত্যু হৈছিল ১২৯টি শিশুৰ। বিগত ১০ বছৰত আইএমআৰ অৰ্থাৎ নৱজাতকৰ মৃত্যুৰ হাৰ ৩৬ শতাংশ হ্ৰাস পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত বিগত দশকটোত এই হাৰ ৪৪ শতাংশৰ পৰা ২৮ লৈ হ্ৰাস পাইছে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি গ্ৰামাঞ্চলত এই হাৰ ৪৮ৰ পৰা ৩১ লৈ হ্ৰাস পাইছে আৰু চহৰ অঞ্চলত হ্ৰাস পাইছে ২৯ৰ পৰা ১৯লৈ। আনহাতে এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে, দেশত আইএমআৰ হ্ৰাস পাই আহিলেও প্ৰতি ৩৬ টি নৱজাতকৰ ভিতৰত এটিয়ে মৃত্যুক আকোঁৱালি লয় তেওঁৰ প্ৰথম জন্মদিনৰ পূ্ৰ্বেই। ২০২০ চনত শিশুৰ মৃত্যুৰ হাৰৰ ফালৰ পৰা শীৰ্ষত আছিল মধ্যপ্ৰদেশ আৰু মিজোৰাম আছিল আটাইতকৈ উন্নত স্থানত। মধ্যপ্ৰদেশত প্ৰতি ১০০০ নৱজাতকৰ ভিতৰত ৪৩টিৰ মৃত্যু হোৱাৰ বিপৰীতে মিজোৰামত প্ৰতি এহেজাৰ নৱজাতকৰ ভিতৰত ৩টিৰ মৃত্যু হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি
ই-নিলাম আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ১৩০০টা উপহাৰৰ!  ই-নিলামৰ ধন যাব গংগা পৰিষ্কৰণ প্ৰকল্পলৈ
'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে ট্রাম্পৰ মানহানিৰ গোচৰ
জীৱনদায়িনী ঔষধ অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে
অৰুণাচলত নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ