--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত নৱজাতকৰ মৃত্যুৰ হাৰ সম্পৰ্কীয় এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। দেশত শেহতীয়াকৈ নৱজাতকৰ মৃত্যুৰ হাৰ ভালেখিনি হ্ৰাস হৈছে যদিও ই এতিয়াও উদ্বেগৰ বিষয় হৈয়েই ৰৈছে। শেহতীয়া এক চৰকাৰী তথ্য অনুসৰি দেশত প্ৰতি ৩৬টা শিশুৰ ভিতৰৰ এটাই প্ৰথম জন্মদিনৰ পূৰ্বেই আঁকোৱালি লয় মৃত্যুক। তাৎপৰ্যপূৰ্ণভাৱে নৱজাতকৰ মৃত্যুৰ হাৰৰ তথ্যক এখন দেশ বা এটা অঞ্চলৰ সামগ্ৰিক স্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতিৰ ক্ৰুড ইণ্ডিকেটৰ বা অপৰিশোধিত সূচক হিচাপে গন্য কৰা হয়। নৱজাতক শিশু অৰ্থাৎ এবছৰতকৈ কম বয়সৰ এহেজাৰ শিশুৰ ভিতৰত কিমানে অকাল মৃত্যুক আকোঁৱালি লয় তাৰ ওপৰত ভিত্তি কৰি এই তথ্য যুগুত কৰা হয়।

‘ৰেজিষ্টাৰ জেনেৰেল অব ইণ্ডিয়া’ই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়া দেশত নৱজাতকৰ মৃত্যুৰ হাৰ ১৯৭১ চনৰ তুলনাত চাৰিভাগৰ এভাগতকৈও কম। ২০২০ চনৰ তথ্য অনুসৰি প্ৰতি ১০০০ নৱজাতকৰ ভিতৰত দেশত এতিয়া ২৮টি শিশুৰ মৃত্যু হয়। আনহাতে ১৯৭১ চনত প্ৰতি এহেজাৰৰ ভিতৰত মৃত্যু হৈছিল ১২৯টি শিশুৰ। বিগত ১০ বছৰত আইএমআৰ অৰ্থাৎ নৱজাতকৰ মৃত্যুৰ হাৰ ৩৬ শতাংশ হ্ৰাস পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত বিগত দশকটোত এই হাৰ ৪৪ শতাংশৰ পৰা ২৮ লৈ হ্ৰাস পাইছে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি গ্ৰামাঞ্চলত এই হাৰ ৪৮ৰ পৰা ৩১ লৈ হ্ৰাস পাইছে আৰু চহৰ অঞ্চলত হ্ৰাস পাইছে ২৯ৰ পৰা ১৯লৈ। আনহাতে এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে, দেশত আইএমআৰ হ্ৰাস পাই আহিলেও প্ৰতি ৩৬ টি নৱজাতকৰ ভিতৰত এটিয়ে মৃত্যুক আকোঁৱালি লয় তেওঁৰ প্ৰথম জন্মদিনৰ পূ্ৰ্বেই। ২০২০ চনত শিশুৰ মৃত্যুৰ হাৰৰ ফালৰ পৰা শীৰ্ষত আছিল মধ্যপ্ৰদেশ আৰু মিজোৰাম আছিল আটাইতকৈ উন্নত স্থানত। মধ্যপ্ৰদেশত প্ৰতি ১০০০ নৱজাতকৰ ভিতৰত ৪৩টিৰ মৃত্যু হোৱাৰ বিপৰীতে মিজোৰামত প্ৰতি এহেজাৰ নৱজাতকৰ ভিতৰত ৩টিৰ মৃত্যু হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ