--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাৰ বাসিন্দা সুজিত স্বামীয়ে ৰে’লৱেৰ বিৰুদ্ধে ৫ বছৰীয়া আইনী যুঁজৰ অন্তত বাতিল হোৱা টিকটৰ ৩৫ টকা অৱশেষত ঘূৰাই পালে। সুজিত স্বামীৰ শেহতীয়া সফলতাৰ বাবে  আৰু প্ৰায় ৩ লাখ লোক উপকৃত হৈছে যিসকলে একেধৰণৰ অভিজ্ঞতা লাভ কৰিছে। সেই তিনি লাখ লোকক ধন ঘূৰাই দিয়া হ’ব বুলি ৰে’লৱে বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। পেছাত সুজিত এজন অভিযন্তা। ২০১৬ চনৰ ২ জুলাইত তেওঁ কোটাৰ পৰা নতুন দিল্লীলৈ যোৱাৰ উদ্দেশ্যে গোল্ডেন টেম্পল মেইলৰ টিকট ক্ৰয় কৰিছিল। কিন্তু ইয়াৰ ঠিক আগদিনাই প্ৰৱৰ্তন হৈছিল জিএছটিৰ। কিন্তু এক কাৰণবশতঃ সুজিতে বাতিল কৰিছিল ৰে’ল টিকট। টিকটৰ মূল্য আছিল ৭৬৫ টকা। কিন্তু টিকট বাতিল কৰাত ৰে’লৱে ৭৫ টকাৰ পৰিৱৰ্তে ১০০ টকা কৰ্তন কৰি বাকী ৭৫ টকাহে ঘূৰাই দিছিল সুজিতক।

জিএছটি প্ৰৱৰ্তনৰ পিছতে তেওঁৰ পৰা কিয় অতিৰিক্ত ৩৫ টকা ছাৰ্ভিচ টেক্স লোৱা হ’ল, ইয়াৰ উত্তৰ বিচাৰিছিল সুজিতে। ৰে’লৱে আবণ্টন দিয়া অতিৰিক্ত ৩৫ টকা ঘূৰাই পাবলৈ সুজিতে আইনী যুঁজত নামি পৰে। তথ্যৰ অধিকাৰ আইনৰ অধীনত গোচৰ তৰিছিল সুজিতে।

আৰ টি আইৰ উত্তৰত ৰে’লৱেই যুক্তি দিছিল যে, ৰে’ল মন্ত্ৰালয়ৰ ৪৩ নং বাণিজ্যিক বিজ্ঞপ্তি অনুসৰি ব্যক্তিজনে জিএছটি প্ৰৱৰ্তনৰ পূৰ্বে টিকটটো ক্ৰয় কৰিছিল আৰু জিএছটি প্ৰৱৰ্তনৰ পিছত বাতিল কৰিছিল। যিহেতু জিএছটি প্ৰৱৰ্তনৰ পূৰ্বে টিকট ক্ৰয় কৰিছিল, সেয়েহে সেই সময়ত আৰোপ কৰা সেৱা কৰ নন-ৰিফাণ্ডেবল।’

সুজিতে পিটিআইক কয়, ‘প্ৰধানমন্ত্ৰী, ৰে’লমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, জিএছটি পৰিষদ আৰু বিত্তমন্ত্ৰীলৈ বাৰে বাৰে প্ৰাপ্য ধন ঘূৰাই দিবলৈ টুইট কৰি আছে। আৰু এই টুইটোৱে প্ৰাপ্য ধন ঘূৰাই পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’

২০১৯ চনৰ ১ মে’ত ৰে’ল বিভাগে সুজিতৰ বেংক একাউণ্টত ৩৩ টকা ঘূৰাই দিছিল। অৱশ্যে, ২ টকা কৰ্তন কৰা হৈছিল। কিন্তু সুজিতে ২টকা এৰিব কিয়? সেই দুটকা ঘূৰাই পাবৰ বাবেও যুঁজি গৈছিল তেওঁ৷ বিগত সপ্তাহত ৰে’লৱেই সুজিতক উভতাই দিয়ে দুটকা।

৩৫ টকাৰ বাবে যুঁজ দিছিল সুজিতে। কিন্তু তেওঁৰ এই দীঘলীয়া আইনী যুঁজত উপকৃত হ’ল ২ লাখ ৯৬ হাজাৰ লোক। আই আৰ চি টি চিৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে, ৰে’লৱেই ২ লাখ ৯৬ হাজাৰ লোকক সেই ধন পৰিশোধ কৰিব। ইয়াৰ বাবে ২ কোটি ৪৩ লাখ টকা খৰচ বহন কৰিব লাগিব ৰে’ল বিভাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ