--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাৰ বিখ্যাত গায়ক-অভিনেতা আৰু কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ অন্তেষ্টিক্ৰিয়া আজি সম্পন্ন হ’ল। তেওঁৰ জন্মস্থান মুছা গাঁৱত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় মুছেৱালাকতেওঁৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত সেই স্থানত উপস্থিত হৈছিল হাজাৰ হাজাৰ লোক। সিদ্ধু মুছেৱালাশেষ যাত্ৰা কৰোঁৱা হৈছিল তেওঁ প্ৰিয় ট্ৰেক্টৰত। তেওঁৰ মাক দেউতাকেও সেই ট্ৰেক্টৰত আৰোহন কৰি সংগ দিছিল পুত্ৰৰ শেষ যাত্ৰাত সিদ্ধুৰ পিতৃ স্বাভাৱিকতে পুত্ৰৰ শেষ যাত্ৰাক সময়ত অতি আৱেগিক হৈ পৰিছিল। তেওঁ পুত্ৰক মুখাগ্নি কৰাৰ পাছত নিজৰ টাৰ্বান খুলি হাতত তুলি লয় আৰু শিল্পীজনৰ হাজাৰ হাজাৰ গুণমুগ্ধৰ সন্মুখত অসহায়ভাৱে তুলি ধৰা দেখা যায়। ইয়াৰ জৰিয়তে তেওঁ সৰ্বস্ব হেৰুওৱাৰ কথাটোক ইংগিত কৰা বুলি বিভিন্নজনে মন্তব্য কৰিছে।

সিদ্ধু মুছেৱালাৰ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁক সংগ দিয়ে। সিদ্ধু মুছেৱালাৰ পিতৃয়ে প্ৰিয় পুত্ৰৰ মুখগ্নি কৰে। দেওবাৰে পঞ্জাৱৰ মানছা জিলাত অচিনাক্ত আক্ৰমণকাৰীয়ে মুছেৱালাক নৃশংস আক্ৰমণেৰে হত্যা কৰিছিল। উল্লেখ্য যে, গায়কজনক হত্যাৰ পাছতে আৰক্ষীৰ তদন্তত ভালেমান চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে সদৰি কৰা মতে তেওঁলৈ কমেও ত্ৰিছজাঁই গুলী চালনা কৰা হৈছিল। ৮-১০জন লোকৰ এটা দলে তেওঁৰ ওপৰত আকস্মিকভাৱে ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল। তাৰ পাছত গুলীবিদ্ধ মুছেৱালাৰ মৃত্যু হৈছে নে নাই সেয়া নৃশংস ঘাতকৰ দলটোৱে পৰীক্ষাও কৰিছিল।

 

তাৎপৰ্যপূৰ্ণ বিষয় হৈছে যে, তেওঁলৈ এ এন-৯৪ ৰাইফলেৰে গুলীচালনা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। এই ৰুছ ৰাইফলৰ ব্যৱহাৰ ভাৰতত বিৰল বুলি প্ৰকাশ পাইছে। মুছেৱালাৰ হত্যাৰ আঁৰত এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ নিহিত হৈ থকাটো এতিয়া স্পষ্ট হৈ পৰিছে। লৰেন্স বিষ্ণই গেঙে এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। উল্লেখ্য যে, এই গেঙৰ মুৰব্বী লৰেন্স বিষ্ণই তিহাৰ জেলত বন্দী হৈ আছে।

 

তিহাৰ জ’লৰ পৰাই মুছেৱালা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে তিহাৰ জেলত বন্দী লৰেন্স বিষ্ণইৰ সৈতে এই হত্যাকাণ্ডৰ সম্পৰ্ক বিচাৰি পাইছে। পঞ্জাব আৰক্ষীয়ে বিষ্ণইক জিম্মাত লোৱাৰ সম্ভাৱনাৰ মাজতে গেংষ্টাৰজনে আদালতত আবেদন জনাইছে যে, তেওঁক যাতে পঞ্জাব আৰক্ষীৰ হাতত গতাই দিয়া নহয়। আৰক্ষীয়ে তেওঁক হত্যা কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে গেংষ্টাৰজনে। উল্লেখ্য যে, লৰেন্স বিষ্ণইৰ পলাতক ভাতৃ গোল্ডী ব্ৰাৰে কানাডাৰ পৰা এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত বিষ্ণই সন্দেহৰ আৱৰ্তলৈ আহিছে।

 

ইফালে তদন্তকাৰী বিষয়াসকলে প্ৰকাশ কৰিছে যে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত সোমবাৰে ডেৰাডুনৰ পৰা পাঁচজন লোকক আটক কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে আক্ৰমণকাৰীসকলক ধৰিবলৈ আৰম্ভ কৰা প্ৰচেষ্টাৰ লগতে আৰক্ষীয়ে চিচিটিভি ফুটেজত দেখা পোৱা লোকসকলৰ ভূমিকাও অনুসন্ধান কৰি আছে, যিসকলে দেওবাৰে মানছাৰ এখন ধাবাত খাদ্য গ্ৰহণ কৰিছিল। এই চিচিটিভি ফুটেজটো একেখন ধাবাৰ।

ইফালে, সিদ্ধু মুছেৱালাৰ হত্যা সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে ৰাজ্য চৰকাৰে এই জঘন্য অপৰাধৰ জড়িসকলক ন্যায়ৰ আওতালৈ অনাৰ বাবে কোনো সুৰুঙা নাৰাখে। একে সময়তে, তেওঁ কয় যে তেওঁৰ চৰকাৰে পঞ্জা আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক সিদ্ধু মুছেৱালা হত্যাকাণ্ড গোচৰৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰাবলৈ অনুৰোধ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ