--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিশোধৰ এক কুটিল আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। যি ঘটনা কোনো চিনেমাৰ কাহিনীতকৈ কোনো গুণে কম নহয়।  এগৰাকী মহিলাই স্বামীৰ প্ৰেমিকাৰ ওপৰত পোতক তুলিবলৈ পাঁচজন গুণ্ডাৰ হতুৱাই দলবদ্ধ ধৰ্ষণ কৰোৱায়। স্বামীৰ প্ৰেমিকাক শিক্ষা দিবলৈ মহিলাগৰাকীয়ে সংঘটিত কৰিলে এই জঘন্য অপৰাধ। ৫ গুণ্ডাই স্বামীৰ প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ সময়ত মহিলাগৰাকীয়ে যুৱতীগৰাকীক ধৰি ৰাখি ধৰ্ষণকাণ্ড সংঘটিত হোৱাত সহায় কৰিছিল। ভুক্তভোগী যুৱতীগৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত মহিলাগৰাকীসহ ৫জন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আটাইকেইজন অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰা হৈছে। 

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামীয়ে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাই আছে। মহিলাগৰাকীৰ ৩২ বছৰীয়া স্বামীয়ে কোচিং ইনষ্টিটিউটত চিনাকি হৈছিল যুৱতীগৰাকীৰ সৈতে। ইউ পি এছ পিৰ পৰীক্ষাৰ বাবে দুয়ো একেলগে প্ৰস্তুতি চলাই আছিল। লাহে লাহে মহিলাগৰাকীৰ স্বামী আৰু যুৱতীগৰাকীৰ মাজত মধুৰ সম্পৰ্ক গঢ় লৈ উঠে। যুৱতীগৰাকী কেইবাবাৰো তেওঁলোকৰ ঘৰলৈও আহিছিল আৰু কেইদিনমানৰ পাছতে যুৱতীগৰাকীয়ে তেওঁলোক থকা এপাৰ্টমেণ্টতে ভাড়া কৰি থাকিবলৈ ল’লে। ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহলৈকে যুৱতীগৰাকী সেই ঘৰটোত আছিল। এই সময়ত মহিলাগৰাকী আৰু যুৱতীগৰাকীৰ মাজত কেইবাবাৰো কাজিয়াও হৈছিল। কাজিয়াৰ বাবে প্ৰেমিকাগৰাকীয়ে ঘৰ খালী কৰি আন ঠাইত থাকিবলৈ যায় যদিও মহিলাগৰাকীৰ স্বামীৰ সৈতে তেওঁৰ সম্পৰ্ক ৰৈ গ’ল। 

এই কথাবোৰত অতীষ্ঠ হৈ ২৬ মে’ত মহিলাগৰাকীয়ে বিবাদ নিষ্পত্তি কৰাৰ কথা কৈ যুৱতীগৰাকীক নিজৰ ঘৰলৈ মাতি আনে। যুৱতীগৰাকীয়ে ভয় খাই তেওঁৰ ঘৰলৈ আত্মীয়ৰ সৈতে আহিছিল যদিও মহিলাগৰাকীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক বাহিৰত থাকিবলৈ কয়। দুয়োগৰাকীয়ে ব্যক্তিগতভাৱে কথা পাতিব বুলি পৰিয়ালৰ লোকক জনায় মহিলাগৰাকীয়ে। এই কথা শুনি পৰিয়ালৰ লোকে বাহিৰত ৰৈ যায়। যুৱতীগৰাকীয়ে যেতিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া তেওঁ দেখিলে যে ইতিমধ্যে পাঁচজন অচিনাকি লোক কোঠাটোত উপস্থিত আছে। 

যুৱতীগৰাকী পলোৱাৰ আগতেই সকলোৱে তেওঁক জপটিয়াই ধৰে। সকলোৱে মিলি যুৱতীগৰাকীক মাটিত পেলায় মুখত কাপোৰ এখন ভৰাই দিয়ে। সকলোৱে প্ৰথমে তেওঁক মাৰপিট কৰিছিল। ইয়াৰ পিছতে চাৰিজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে। এই সময়ত মহিলাগৰাকীয়ে ভুক্তভোগী যুৱতীগৰাকীক ধৰি ৰাখিছিল। পঞ্চম অভিযুক্তই ধৰ্ষণ কৰাৰ আগতেই যুৱতীগৰাকীয়ে কেনেবাকৈ চিঞৰিবলৈ সুযোগ পালে। তেওঁৰ চিঞৰ শুনি ঘৰৰ বাহিৰত উপস্থিত থকা পৰিয়ালৰ লোকসকল উপস্থিত হ’ল৷ 

আত্মীয় আহি পোৱাৰ লগে লগে ধৰ্ষণকাৰী কেইটাই পলায়ন কৰে। যুৱতীগৰাকীয়ে ন্যায় বিচাৰি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে প্ৰথমে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আন ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাটো তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ গাচিবৌলিৰ। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ