--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱিত প্ৰথম পত্নী। তথাপিও দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন অৰুণ লাল (Arun Lal)। ৬৬ বছৰীয়া প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকীয়ে ২ মে'ত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। কইনাগৰাকী হৈছে ৩৭ বছৰীয়া বুলবুল সাহা। বুলবুল অৰুণ লালৰ দীৰ্ঘদিনীয়া প্ৰেমিকা। বিয়াখন কলকাতাত অনুষ্ঠিত হ'ব। 

অনুষ্ঠানটোত দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ লোক, বেংগল ক্ৰিকেট দলৰ সদস্য আৰু চিএবি বিষয়াসকল উপস্থিত থাকিব। খবৰ অনুসৰি বিবাহৰ কাৰ্ড বিতৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ব'ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক বিবাহ অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে। সূত্ৰ অনুসৰি অৰুণ লাল আৰু বুলবুলৰ এমাহ আগতে বাগদান হৈছিল। এতিয়া সামাজিকভাৱে দুয়ো বিবাহত বহিব। প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকী দীৰ্ঘদিন ধৰি বুলবুলৰ সৈতে সম্পৰ্কত আছে। কিন্তু প্ৰশ্ন উত্থাপিত হয়, প্ৰথম পত্নী থকা স্বত্বেও দ্বিতীয় বিবাহ কিয়? 


অৰুণ লালে নিজেই বিষয়টোত মন্তব্য দিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে লালজীৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে যে অৰুণ লালে তেওঁৰ প্ৰথম পত্নীৰ অনুমতিত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে। অৰুণ লালে পূৰ্বে ৰীণাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও পৰৱৰ্তী সময়ত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটে। বিবাহ বিচ্ছেদ ঘটিলেও অৰুণ লালে এতিয়াও প্ৰথম পত্নীৰ সৈতেই আছে। দৰাচলতে অৰুণ লালৰ প্ৰথম পত্নী ৰীনা অসুস্থ। বুলবুলে তেওঁৰ অসুস্থতাৰ বিষয়ে জানে। শুনা গৈছে যে বুলবুলে ৰীনা দেৱীৰ যত্ন ল'ব। 



দিল্লীত জন্মগ্ৰহণ কৰা অৰুণ লালে ৰাজধানী দিল্লীত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। দিল্লীৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰম্ভ কৰাৰ পাছত তেওঁ কলকাতালৈ গুচি যায়। অৰুণ লালে ১৯৮২-৮৯ চনলৈ ভাৰতীয় দলৰ হৈ ১৬ খন টেষ্ট আৰু ১৬ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল। তেওঁ কোৱাৰ্টাৰ ফাইনেলত মুম্বাই দলৰ বিৰুদ্ধে ১৮৯ ৰাণ কৰিছিল। তেওঁ ৰীনাক কলকাতাত প্ৰেম বিবাহ কৰাইছিল। অৰুণ লাল ২০১৬ চনত হনুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। কিন্তু অৰুণ লালে হাৰ মনা নাছিল। তেওঁ সুস্থ হৈ উঠিছিল আৰু তেওঁৰ প্ৰশিক্ষণ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বেংগল ক্ৰিকেট দলৰ দায়িত্ব গ্ৰহণ কৰিছিল। এইবাৰ অৰুণ লালে আন এটা দায়িত্বৰ সৈতে জীৱনৰ এক নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?