--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱিত প্ৰথম পত্নী। তথাপিও দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন অৰুণ লাল (Arun Lal)। ৬৬ বছৰীয়া প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকীয়ে ২ মে'ত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। কইনাগৰাকী হৈছে ৩৭ বছৰীয়া বুলবুল সাহা। বুলবুল অৰুণ লালৰ দীৰ্ঘদিনীয়া প্ৰেমিকা। বিয়াখন কলকাতাত অনুষ্ঠিত হ'ব। 

অনুষ্ঠানটোত দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ লোক, বেংগল ক্ৰিকেট দলৰ সদস্য আৰু চিএবি বিষয়াসকল উপস্থিত থাকিব। খবৰ অনুসৰি বিবাহৰ কাৰ্ড বিতৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ব'ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীক বিবাহ অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে। সূত্ৰ অনুসৰি অৰুণ লাল আৰু বুলবুলৰ এমাহ আগতে বাগদান হৈছিল। এতিয়া সামাজিকভাৱে দুয়ো বিবাহত বহিব। প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকী দীৰ্ঘদিন ধৰি বুলবুলৰ সৈতে সম্পৰ্কত আছে। কিন্তু প্ৰশ্ন উত্থাপিত হয়, প্ৰথম পত্নী থকা স্বত্বেও দ্বিতীয় বিবাহ কিয়? 


অৰুণ লালে নিজেই বিষয়টোত মন্তব্য দিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে লালজীৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে যে অৰুণ লালে তেওঁৰ প্ৰথম পত্নীৰ অনুমতিত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে। অৰুণ লালে পূৰ্বে ৰীণাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও পৰৱৰ্তী সময়ত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটে। বিবাহ বিচ্ছেদ ঘটিলেও অৰুণ লালে এতিয়াও প্ৰথম পত্নীৰ সৈতেই আছে। দৰাচলতে অৰুণ লালৰ প্ৰথম পত্নী ৰীনা অসুস্থ। বুলবুলে তেওঁৰ অসুস্থতাৰ বিষয়ে জানে। শুনা গৈছে যে বুলবুলে ৰীনা দেৱীৰ যত্ন ল'ব। 



দিল্লীত জন্মগ্ৰহণ কৰা অৰুণ লালে ৰাজধানী দিল্লীত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। দিল্লীৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰম্ভ কৰাৰ পাছত তেওঁ কলকাতালৈ গুচি যায়। অৰুণ লালে ১৯৮২-৮৯ চনলৈ ভাৰতীয় দলৰ হৈ ১৬ খন টেষ্ট আৰু ১৬ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল। তেওঁ কোৱাৰ্টাৰ ফাইনেলত মুম্বাই দলৰ বিৰুদ্ধে ১৮৯ ৰাণ কৰিছিল। তেওঁ ৰীনাক কলকাতাত প্ৰেম বিবাহ কৰাইছিল। অৰুণ লাল ২০১৬ চনত হনুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। কিন্তু অৰুণ লালে হাৰ মনা নাছিল। তেওঁ সুস্থ হৈ উঠিছিল আৰু তেওঁৰ প্ৰশিক্ষণ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বেংগল ক্ৰিকেট দলৰ দায়িত্ব গ্ৰহণ কৰিছিল। এইবাৰ অৰুণ লালে আন এটা দায়িত্বৰ সৈতে জীৱনৰ এক নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ