--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ অনুৰাগীৰ যেন কোনো অভাৱ নাই। কোহলীৰ অনুৰাগী ক্ৰিকেট জগতৰ বাহিৰৰ ক্ষেত্ৰখনতো যথেষ্ট আছে। তেওঁলোকৰ মাজৰ এজন হৈছে ইংলেণ্ডৰ ফুটবল দলৰ জাতীয় অধিনায়ক হেৰী কেন।

 

কোহলীক কিছু সময়ৰ পৰা ক্ৰিকেটৰ পূৰ্বৰ ছন্দত দেখা পোৱা নাই। আই পি এলত তেওঁ বেটেৰে তেওঁ সংগ্ৰহ কৰা ৰাণ খৰাং। তেওঁ একেৰাহে দুখন খেলৰ প্ৰথম বলত আউট হৈছিল। বহুলোকে কোহলীৰ বেটিংক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

 

কিন্তু কেন সদায় কোহলীৰ বেটিংৰ অনুৰাগী আছিল। দুয়ো কেইবাবাৰো লগ পাইছে। এই কথা স্মৰণ কৰি ইংলেণ্ডৰ ফুটবল অধিনায়কজনে কয়, "মোৰ প্ৰিয় দল হৈছে আৰচিবি। মই ভাগ্যৱান কাৰণ মই বিৰাট কোহলীক কেইবাৰমান লগ পোৱা আৰু কথা পাতিবলৈ সুযোগ পাইছো। কোহলীৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ বিষয়ে উল্লেখ কৰি ইংলেণ্ডৰ ফুটবলাৰজনে লগতে কয়, "কোহলীৰ বেটিং দেখি আচৰিত লাগে। তেওঁৰ বেটিংত জুই আছে, আৱেগ আছে। তেওঁক খেলি থকা দেখি সঁচাকৈয়ে ভাল লাগিছে। ''

 

বেংগালুৰু দলক লৈ আশাবাদী হৈ কেনে কয়, "এইবাৰ দলটোত কেইবাজনো ভাল ক্ৰিকেটাৰক বাছনি কৰা হৈছে। ভাগ্য যোৱা বছৰ তেওঁলোকৰ বাবে উপযুক্ত নাছিল। কিন্তু এইবাৰ তেওঁলোকে সঠিক কাম কৰিছিল। প্ৰতিযোগিতাখনৰ আৰম্ভণি ভাল আছিল। এইবাৰ আই পি এলত কিছুমান শক্তিশালী দল আছে। মই তেওঁলোক সকলোকে খেলি থকা দেখি ভাল লাগে। আশা কৰোঁ আৰচিবি ভালদৰে আগবাঢ়িব। এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত, তেওঁ কিয় ক্ৰিকেট ভাল পায় সেই বিষয়েও কৈছিল। কেনে কৈছিল: "আমি ক্ৰিকেট খেলিবলৈ ভাল পাওঁ। মই এই মুহূৰ্তত আই পি এলক লৈ খুব উৎসাহী। ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ