--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী-নামেই যাৰ পৰিচয়।দ্ৰুত গতিত প্ৰতিপক্ষৰ বিৰুদ্ধে ৰান সংগ্ৰহ কৰা ৰান মেছিন হিচাপে খ্যাত তেওঁ। পিছে একেগৰাকী ৰান মেছিনে এতিয়া হৈ পৰিছে সকলোৰে বাবে চিন্তাৰ কাৰণ। কোহলীৰ শেহতীয়া ফৰ্মে উদ্বিগ্ন কৰি তুলিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড অৰ্থাত্‍ বিচিচিআইক। সম্প্ৰতি চলি থকা আইপিএলতো আগৰ ফৰ্ম নাই কোহলীৰ। চলিত ছিজনতে দুবাৰকৈ গ’ল্ডেন ডাক লাভ কৰিছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীয়ে। আইপিএল যেন তেন, ইফালে সমাগত টি-২০ বিশ্বকাপ। বিশ্বকাপলৈ মাজত মাত্ৰ পাঁচমাহ। বিশ্বকাপৰ পূৰ্বে কোহলীৰ ফৰ্ম উন্নত হোৱাটো কিমান জৰুৰী সেয়া সকলোৰে অৱগত।

ইফালে বিশ্বকাপৰ পূৰ্বে ভাৰতে কেইবাখনো টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব। সন্মুখত দক্ষিণ আফ্ৰিকা ভ্ৰমণ। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীয়ে খেলিব নে নাই সেয়া নিশ্চিত নহয়। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও দিনদিয়েক আগেয়ে কোহলীক বিশ্ৰামৰ পৰামৰ্শ দিছিল। কেৱল শাস্ত্ৰীয়েই নহয় ক্ৰীড়া জগতৰ বহু বিশ্লেষকে কোহলীক বিশ্ৰামৰ পৰামৰ্শ দিছে। তেনেক্ষেত্ৰত, এতিয়া সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিছে বিৰাট কোহলীৰ ওপৰত। দৰাচলতে তেওঁ কি বিচাৰে? নিৰ্বাচকসকলে বিৰাটৰ সৈতে আলোচনাত বহাৰো খবৰ ওলাইছে। 

স্বাভাৱিকতে, আইপিএলৰ অন্তত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। ইয়াৰ পিছতে আছে ইংলেণ্ড ভ্ৰমণ। গতিকে কোহলীক বিশ্ৰাম দিয়া হ’ব নে কোহলীয়ে নিজে ল’বলৈ সেয়া কিছুদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব। কিন্তু বিশ্বকাপৰ পূৰ্বে ব’ৰ্ডে কোহলীৰ বিকল্প কিবা চিন্তা চৰ্চা কৰা বুলিও সংবাদ মাধ্যমত বাতৰি চৰ্চা হৈছে। সম্প্ৰতি, আইপিএলত কোইবাগৰাকী তৰুণ ক্ৰিকেটাৰে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। তেনেস্থলত বিশ্বকাপত কোহলীৰ বিকল্পৰ সন্ধান কৰিবলগীয়া পৰ্যায়লৈকেও যাব পাৰে নেকি ব’ৰ্ডে। এনে কথাবোৰে এতিয়া চিন্তিত কৰি তুলিছে কোহলী অনুৰাগীক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত