--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী-নামেই যাৰ পৰিচয়।দ্ৰুত গতিত প্ৰতিপক্ষৰ বিৰুদ্ধে ৰান সংগ্ৰহ কৰা ৰান মেছিন হিচাপে খ্যাত তেওঁ। পিছে একেগৰাকী ৰান মেছিনে এতিয়া হৈ পৰিছে সকলোৰে বাবে চিন্তাৰ কাৰণ। কোহলীৰ শেহতীয়া ফৰ্মে উদ্বিগ্ন কৰি তুলিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড অৰ্থাত্‍ বিচিচিআইক। সম্প্ৰতি চলি থকা আইপিএলতো আগৰ ফৰ্ম নাই কোহলীৰ। চলিত ছিজনতে দুবাৰকৈ গ’ল্ডেন ডাক লাভ কৰিছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীয়ে। আইপিএল যেন তেন, ইফালে সমাগত টি-২০ বিশ্বকাপ। বিশ্বকাপলৈ মাজত মাত্ৰ পাঁচমাহ। বিশ্বকাপৰ পূৰ্বে কোহলীৰ ফৰ্ম উন্নত হোৱাটো কিমান জৰুৰী সেয়া সকলোৰে অৱগত।

ইফালে বিশ্বকাপৰ পূৰ্বে ভাৰতে কেইবাখনো টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব। সন্মুখত দক্ষিণ আফ্ৰিকা ভ্ৰমণ। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীয়ে খেলিব নে নাই সেয়া নিশ্চিত নহয়। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও দিনদিয়েক আগেয়ে কোহলীক বিশ্ৰামৰ পৰামৰ্শ দিছিল। কেৱল শাস্ত্ৰীয়েই নহয় ক্ৰীড়া জগতৰ বহু বিশ্লেষকে কোহলীক বিশ্ৰামৰ পৰামৰ্শ দিছে। তেনেক্ষেত্ৰত, এতিয়া সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিছে বিৰাট কোহলীৰ ওপৰত। দৰাচলতে তেওঁ কি বিচাৰে? নিৰ্বাচকসকলে বিৰাটৰ সৈতে আলোচনাত বহাৰো খবৰ ওলাইছে। 

স্বাভাৱিকতে, আইপিএলৰ অন্তত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। ইয়াৰ পিছতে আছে ইংলেণ্ড ভ্ৰমণ। গতিকে কোহলীক বিশ্ৰাম দিয়া হ’ব নে কোহলীয়ে নিজে ল’বলৈ সেয়া কিছুদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব। কিন্তু বিশ্বকাপৰ পূৰ্বে ব’ৰ্ডে কোহলীৰ বিকল্প কিবা চিন্তা চৰ্চা কৰা বুলিও সংবাদ মাধ্যমত বাতৰি চৰ্চা হৈছে। সম্প্ৰতি, আইপিএলত কোইবাগৰাকী তৰুণ ক্ৰিকেটাৰে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। তেনেস্থলত বিশ্বকাপত কোহলীৰ বিকল্পৰ সন্ধান কৰিবলগীয়া পৰ্যায়লৈকেও যাব পাৰে নেকি ব’ৰ্ডে। এনে কথাবোৰে এতিয়া চিন্তিত কৰি তুলিছে কোহলী অনুৰাগীক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ