--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটক অন্য এক শিখৰলৈ গতি দিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদান আছে এম এছ ধোনীৰ। ধোনীৰ নেতৃত্বতে ভাৰতৰ হৈ অভিষেক ঘটিছিল বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, অশ্বিনৰ দৰে তাৰকা খেলুৱৈৰ। পিছলৈ এইসকল খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটক অভূতপূৰ্ব উচ্চতালৈ লৈ যাবলৈ সক্ষম হৈছে। বিশ্ব ক্ৰিকেটত কোহলী আৰু ৰোহিত দুজন শ্ৰেষ্ঠ বেটছমেন হোৱাৰ বিপৰীতে অশ্বিন বিবেচিত হৈছে শ্ৰেষ্ঠ টেষ্ট স্পিনাৰ হিচাপে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰিছে জাদেজাই।

 

২০১৬ চনত এম এছ ধোনীৰ নেতৃত্বতে আন এজন প্ৰতিশ্ৰুতিশীল অলৰাউণ্ডাৰৰ অভিষেক ঘটিছিল। নাম- হাৰ্দিক পাণ্ডিয়া। কিছুদিন ভাৰতীয় দলৰ পৰা বাহিৰত থকা পাণ্ডিয়াই ২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ ঘূৰি আহি পুনৰবাৰ নিজকে প্ৰমাণ কৰিলে। কেৱল বেট-বলেৰে প্ৰদৰ্শন কৰাই নহয়, গুজৰাট টাইটানছৰ অধিনায়ক হৈ আইপিএলৰ খিতাপো দখল কৰিছে। ভাৰতৰ হৈ অভিষেক ঘটাৰ কথা স্মৰণ কৰি হার্দিকে কয়, ‘ এম এছ ধোনীৰ পৰা লাভ কৰা সমর্থন অতুলনীয়৷’

স্মৰ্তব্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বলিং কৰাৰ সময়ত হাৰ্দিক পাণ্ডিয়াই প্ৰথম অ’ভাৰত ২১ ৰান দিছিল। আন কোনো অধিনায়ক থাকিলে তৰুণ খেলুৱৈজনক আন এটা অ’ভাৰ কৰিবলৈ নিদিলেহেঁতেন। কিন্তু ধোনীয়ে হাৰ্দিকৰ হাততে তুলি দিছিল বল। পিছত হার্দিকে ফৰ্মলৈ ঘূৰি আহি ৩৬ ৰানত দুটা উইকেট দখল কৰে। এম এছ ধোনীৰ পৰা যথেষ্ট সহায় লাভ কৰা বাবেই আজি প্ৰতিস্থিত হোৱা বুলি মন্তব্য কৰিছে হাৰ্দিক পাণ্ডিয়াই৷ 

ভাৰতীয় দলত যোগদান কৰাৰ সময়ত সুৰেশ ৰাইনা, হৰভজন সিং, যুৱৰাজ সিং, এম এছ ধোনী, বিৰাট কোহলী, আশীষ নেহৰাৰ দৰে কিংবদন্তি দলত আছিল বুলিও কয় হাৰ্দিকে। হাৰ্দিকে কয়, ‘এনে এটা দলত সুযোগ পোৱাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল। সেই মেচখনত মই প্ৰথম অ’ভাৰতে ২১ ৰান দিছিলো। মই ভাবিছিলো হয়তো এইটোৱেই মোৰ শেষ অ’ভাৰ।  কিন্তু মাহী ভাইয়ে মোক আৰু এটা সুযোগ দিলে আৰু মই দুটা উইকেট পাইছিলোঁ।’

তিনিখন মেচত হার্দিকে বেট কৰাৰ সুযোগ নাপালে যদিও ৩টা উইকেট দখল কৰিছিল৷ ধোনীয়ে হাৰ্দিকক লৈ ইমানেই আপ্লুত হৈছিল যে তেওঁ বিশ্বকাপৰ দলত ভাৰতৰ অলৰাউণ্ডাৰ হিচাপে তেওঁৰ আগমনৰ ভৱিষ্যদ্বাণী কৰিছিল।  হাৰ্দিকে কয়, ‘মোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ তৃতীয়খন খেলৰ ঠিক পিছতেই মাহী ভাইয়ে মোক কৈছিল যে মই বিশ্বকাপৰ দলত থাকিম। যেতিয়া মই দলত যোগদান কৰিছিলো, তেতিয়া মোৰ স্বপ্নপূৰণ হোৱা যেন লাগিছিল।’ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ