--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটক অন্য এক শিখৰলৈ গতি দিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদান আছে এম এছ ধোনী। ধোনীৰ নেতৃত্বতে ভাৰতৰ হৈ অভিষেক ঘটিছিল বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, অশ্বিনৰ দৰে তাৰকা খেলুৱৈ। পিছলৈ এইসকল খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটক অভূতপূৰ্ব উচ্চতালৈ লৈ যাবলৈ সক্ষম হৈছে। বিশ্ব ক্ৰিকেটত কোহলী আৰু ৰোহিত দুজন শ্ৰেষ্ঠ বেটছমেন হোৱাৰ বিপৰীতে অশ্বিন বিবেচিত হৈছে শ্ৰেষ্ঠ টেষ্ট স্পিনাৰ হিচাপে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰিছে জাদেজাই

 

২০১ চনত এম এছ ধোনীৰ নেতৃত্বতে আন এজন প্ৰতিশ্ৰুতিশীল অলৰাউণ্ডাৰৰ অভিষেক ঘটিছিলনাম- হাৰ্দিক পাণ্ডিয়া। কিছুদিন ভাৰতীয় দলৰ পৰা বাহিৰত থকা পাণ্ডিয়াই ২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ ঘূৰি আহি পুনৰবাৰ নিজকে প্ৰমাণ কৰিলে। কেৱল বেট-লেৰে প্ৰদৰ্শন কৰাই নহয়, গুজৰাট টাইটানছৰ অধিনায়ক হৈ আইপিএলৰ খিতাপো দখল কৰিছে। ভাৰতৰ হৈ অভিষেক ঘটাৰ কথা স্মৰণ কৰি হার্দিকে কয়, ‘ এম এছ ধোনীৰ পৰা লাভ কৰা সমর্থন অতুলনীয়৷

স্মৰ্তব্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বলিং কৰাৰ সময়ত হাৰ্দিক পাণ্ডিয়াই প্ৰথম অভাৰত ২১ ৰান দিছিল। আন কোনো অধিনায়ক থাকিলে তৰুণ খেলুৱৈজনক আন এটা অভাৰ কৰিবলৈ নিদিলেহেঁতেন। কিন্তু ধোনীয়ে হাৰ্দিকৰ হাততে তুলি দিছিল বল। পিছত হার্দিকে ফৰ্মলৈ ঘূৰি আহি ৩৬ ৰানত দুটা উইকেট দখল কৰে। এম এছ ধোনীৰ পৰা যথেষ্ট সহায় লাভ কৰা বাবেই আজি প্ৰতিস্থিত হোৱা বুলি মন্তব্য কৰিছে হাৰ্দিক পাণ্ডিয়াই৷ 

ভাৰতীয় দলত যোগদান কৰাৰ সময়ত সুৰেশ ৰাইনা, হৰভজন সিং, যুৱৰাজ সিং, এম এছ ধোনী, বিৰাট কোহলী, আশীষ নেহৰাৰ দৰে কিংবদন্তি দলত আছিল বুলিও কয় হাৰ্দিকে। হাৰ্দিকে কয়, ‘এনে এটা দলত সুযোগ পোৱাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল। সেই মেচখনত মই প্ৰথম অভাৰতে ২১ ৰান দিছিলো। মই ভাবিছিলো হয়তো এইটোৱেই মোৰ শেষ অভাৰ  কিন্তু মাহী ভাইয়ে মোক আৰু এটা সুযোগ দিলে আৰু মই দুটা উইকেট পাইছিলোঁ

তিনিখন মেচত হার্দিকে বেট কৰাৰ সুযোগ নাপালে যদিও ৩টা উইকেট দখল কৰিছিল৷ ধোনীয়ে হাৰ্দিকক লৈ ইমানেই আপ্লুত হৈছিল যে তেওঁ বিশ্বকাপৰ দলত ভাৰতৰ অলৰাউণ্ডাৰ হিচাপে তেওঁৰ আগমনৰ ভৱিষ্যদ্বাণী কৰিছিল।  হাৰ্দিকে কয়, ‘মোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ তৃতীয়খন খেলৰ ঠিক পিছতেই মাহী ভাইয়ে মোক কৈছিল যে মই বিশ্বকাপৰ দলত থাকিম। যেতিয়া মই দলত যোগদান কৰিছিলো, তেতিয়া মোৰ স্বপ্নপূৰণ হোৱা যেন লাগিছিল।’ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ