--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিখুঁত লাইন-লেংথ, দুৰ্দান্ত গতি, ছুইং বাউন্সাৰ আৰু য়ৰ্কাৰ মিলি ৰিচাৰ্ড হেডলীৰ সৈতে শ্বেন এডৱাৰ্ড বণ্ড নিঃসন্দেহে নিউজিলেণ্ড ক্ৰিকেটৰ শ্ৰেষ্ঠ আৰু সফল পেচাৰ আৰু এজন ভয়ংকৰ উইকেট গ্ৰহণকাৰী আছিল। তেওঁৰ এক্সপ্ৰেছ স্পীডত লেট ছুইং সংযোজন কৰিলে বেটছমেনসকলৰ বাবে ৰীতিমতে তেওঁ হৈ পৰে আন প্লেয়েবল!

তেওঁ দুয়োফালে বল ছুইং কৰিব পাৰিছিল। বণ্ডে যিকোনো উইকেটত বল অতিৰিক্তভাৱে তুলিব পাৰিছিল। তেওঁৰ লেট ইনছুইঙত প্ৰৱেশ কৰা য়ৰ্কাৰবোৰ যেন ভয়ংকৰ মাৰানাস্ত্ৰ! তদুপৰি দ্ৰুতবেগী ‘ট’ ক্ৰাছিং’ য়ৰ্কাৰৰ ষ্টাম্পিং কৰাটো ক্ৰিকেট খেলপথাৰত যেন নিয়মীয়া দৃশ্যত পৰিণত হৈছিল।

আক্ৰমণাত্মক শৰীৰী ভাষা আৰু অদম্য মানসিকতাই তেওঁক সদায় প্ৰতিপক্ষতকৈ এখোজ আগুৱাই ৰাখিছিল। যিকোনো উইকেটতে চমকপ্ৰদ প্ৰদৰ্শনেৰে ধুমুহা তুলিব পাৰিছিল বণ্ডে! সফলতাৰ পথত মাৰাত্মক আঘাতৰ বাৰে বাৰে পুনৰাবৃত্তি নোহোৱাহেঁতেন হয়তো ক্ৰিকেটৰ ইতিহাসৰ ‘বেষ্ট অৱ অল টাইম’ বেগী বলাৰ সকলৰ ভিতৰত বণ্ডৰ নামো অন্তৰ্ভুক্ত হ’লহেঁতেন! আজি নিউজিলেণ্ডৰ এই ক্ৰিকেটাৰ গৰাকীৰ ৪৬ সংখ্যক জন্মদিন। ১৯৭৫ চনৰ ৭ জুনত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত জন্মগ্ৰহণ কৰিছিল বণ্ডে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ