--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এলানি শৃংখলাত দক্ষিণ আফ্ৰিকাৰ দলটোত কেইবাজনো প্ৰতিভাৱান ক্ৰিকেটাৰৰ উন্মেষ ঘটিব। সদ্যসমাপ্ত ২০২২ চনৰ আইপিএলত তেওঁলোকৰ একাংশ খেলুৱৈয়ে আকৰ্ষণীয় প্ৰদৰ্শনো আগবঢ়াইছে। সেয়েহে আইপিএলত খেলা খেলুৱৈসকলে ভাৰতৰ বিৰুদ্ধে আগন্তুক ছিৰিজতো ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলি আশাবাদী প্ৰটিয়াছ শিবিৰ। নতুন দিল্লীত ৯ জুনত আৰম্ভ হ’বলগীয়া মেন ইন ব্লুৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ ছিৰিজৰ বাবে সাজু হৈছে দক্ষিণ আফ্ৰিকা। অৱশ্যে, ভাৰতীয় যুৱ খেলুৱৈক লৈ উদ্বিগ্ন দক্ষিণ আফ্ৰিকা।

ভাৰতৰ আনকেপড তাৰকা উমৰাণ মালিকক লৈ উদ্বিগ্ন প্ৰটিয়াছ শিবিৰ। উমৰাণৰ বলৰ গতিবেগৰ সন্মুখীন হোৱাটো যে সহজ নহ’ব সেই কথা স্বীকাৰ কৰিছে টেম্বা বাভুমাই। ২০২২ চনৰ আইপিএলত দুৰন্ত প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সুযোগ পোৱা দুগৰাকী খেলুৱৈৰ ভিতৰত তেওঁ অন্যতম।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল উমৰাণ মালিকে। প্ৰতিযোগিতাখনৰ ১৫ সংখ্যক সংস্কৰণত উমৰাণৰ বিস্ময়কৰ গতিৰ লগতে উইকেট লোৱাৰ ক্ষমতাত হতচকিত ক্ৰীড়াবিশ্ব। 

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই স্বীকাৰ কৰিছে যে, ‘কোনো বেটছমেনে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক গতি প্ৰদান কৰা বলাৰৰ সন্মুখীন হ’ব নিবিচাৰিব। ১৫০ তকৈ অধিক বেগত বলিং অব্যাহত আছে উমৰাণৰ।’

সাংবাদিকৰ সৈতে হোৱা কথোপকথনত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই কয় যে, উমৰাণ মালিক ভাৰতীয় দলৰ বাবে এজন গুৰুত্বপূৰ্ণ উদীয়মান পেচ বলাৰ। ভাৰতীয় ক্ৰিকেটৰ বাবে আইপিএল অনন্য প্ৰতিযোগিতা। কাৰণ, তেওঁলোকে এই সকলোবোৰ দ্ৰুত বলিং বিকল্প বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। মই ভাবো আমি দক্ষিণ আফ্ৰিকাত দ্ৰুত বলাৰৰ সন্মুখীন হৈয়ে ডাঙৰ হৈছো। তথাপি, কোনো বেটছমেনে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত কৰা বলৰ সৈতে মোকাবিলা কৰিবলৈ ভাল নাপায়। কিন্তু আমি  প্ৰস্তুতি চলাই গৈছো।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ