--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এইবাৰ ৪০ লাখ ট্ৰেক্টৰ লৈ দিল্লীত সমদল কৰিব প্ৰতিবাদী কৃষকে। কৃষক মহাপঞ্চায়তত এই হুংকাৰ দিলে কৃষক নেতা ৰাকেশ টিকাইটে। মঙলবাৰে মহাপঞ্চায়তত ভাষণ প্ৰদান কৰি টিকাইটে কয়, চৰকাৰে যদিও কৃষি আইন তিনিখন প্ৰত্যাহাৰ নকৰে তেন্তে প্ৰতিবাদৰত কৃষকসকলে দেশৰ সংসদ ভৱন ঘেৰাও কৰিব। তেওঁ কৃষকসকলক ‘দিল্লী মাৰ্চ’ৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়। যিকোনো সময়তে এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব পাৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : ‘নিসংগতা মন্ত্ৰী’ : আত্মহত্যা ৰোধৰ বাবে সৃষ্টি হ’ল নতুন দপ্তৰ

ৰাজস্থানৰ শিকাৰত সংযুক্ত কৃষক মৰ্চাৰ মহাপঞ্চায়তত ভাষণ দিয়াৰ সময়ত তেওঁ কয়, ‘এইবাৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। আমি এই ঘোষণাৰ পাছতে দিল্লীলৈ সমদল উলিয়াম। এইবাৰ চাৰি লাখৰ সলনি ৪০ লাখ ট্ৰেক্টৰে এই সমদলত ভাগ ল’ব।’

আৰু পঢ়িব পাৰিব : অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, পাহাৰ জ্বলালে নগাই

তেওঁ লগতে কয় যে, প্ৰতিবাদী কৃষকসকলে ইণ্ডিয়া গেটৰ সমীপৰ উদ্যানত হাল চলাব আৰু তাতে খেতি কৰিব। সংযুক্ত কৃষক মৰ্চাৰ নেতাসকলে এই আন্দোলনৰ দিন ঠিক কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ২৬ জানুৱাৰীত কৃষকৰ আন্দোলনৰ সময়ত হোৱা হিংসাৰ আঁৰত ষড়যন্ত্ৰ লুকাই থকা বুলি প্ৰকাশ কৰি তেওঁ কয়, ‘দেশৰ কৃষকসকলে ত্ৰিৰংগাক ভাল পায় কিন্তু দেশৰ নেতাসকলক নহয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ