--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এইবাৰ ৪০ লাখ ট্ৰেক্টৰ লৈ দিল্লীত সমদল কৰিব প্ৰতিবাদী কৃষকে। কৃষক মহাপঞ্চায়তত এই হুংকাৰ দিলে কৃষক নেতা ৰাকেশ টিকাইটে। মঙলবাৰে মহাপঞ্চায়তত ভাষণ প্ৰদান কৰি টিকাইটে কয়, চৰকাৰে যদিও কৃষি আইন তিনিখন প্ৰত্যাহাৰ নকৰে তেন্তে প্ৰতিবাদৰত কৃষকসকলে দেশৰ সংসদ ভৱন ঘেৰাও কৰিব। তেওঁ কৃষকসকলক ‘দিল্লী মাৰ্চ’ৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়। যিকোনো সময়তে এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব পাৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : ‘নিসংগতা মন্ত্ৰী’ : আত্মহত্যা ৰোধৰ বাবে সৃষ্টি হ’ল নতুন দপ্তৰ

ৰাজস্থানৰ শিকাৰত সংযুক্ত কৃষক মৰ্চাৰ মহাপঞ্চায়তত ভাষণ দিয়াৰ সময়ত তেওঁ কয়, ‘এইবাৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। আমি এই ঘোষণাৰ পাছতে দিল্লীলৈ সমদল উলিয়াম। এইবাৰ চাৰি লাখৰ সলনি ৪০ লাখ ট্ৰেক্টৰে এই সমদলত ভাগ ল’ব।’

আৰু পঢ়িব পাৰিব : অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, পাহাৰ জ্বলালে নগাই

তেওঁ লগতে কয় যে, প্ৰতিবাদী কৃষকসকলে ইণ্ডিয়া গেটৰ সমীপৰ উদ্যানত হাল চলাব আৰু তাতে খেতি কৰিব। সংযুক্ত কৃষক মৰ্চাৰ নেতাসকলে এই আন্দোলনৰ দিন ঠিক কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ২৬ জানুৱাৰীত কৃষকৰ আন্দোলনৰ সময়ত হোৱা হিংসাৰ আঁৰত ষড়যন্ত্ৰ লুকাই থকা বুলি প্ৰকাশ কৰি তেওঁ কয়, ‘দেশৰ কৃষকসকলে ত্ৰিৰংগাক ভাল পায় কিন্তু দেশৰ নেতাসকলক নহয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ