--°C
Loading...
Listen to Article
2 min read
80%

ম’টেৰা : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি মুকলি কৰিলে নতুন ৰূপেৰে গঢ় দিয়া আহমেদাবাদৰ ম’টেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়াম। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হিচাপে চিহ্নিত হোৱা এই ষ্টেডিয়ামখনক এতিয়াৰে পৰা জনা যাব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হিচাপে। চৰ্দাৰ বল্লভ ভাই পেটেল স্প’ৰ্টছ এনক্লেভৰ অংশ ষ্টেডিয়ামখন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজু, বিচিচিআইৰ সচিব জয় শ্বাহকে ধৰি আন ভালেমান বিশিষ্ট অতিথিৰ উপস্থিতিত ৰাষ্ট্ৰপতিয়ে মুকলি কৰে।

আৰু পঢ়িব পাৰিব : ‘কনা হাঁহক পতান’ দিয়াৰ দৰে চাহ শ্ৰমিকক মজুৰি দিছে চৰকাৰে

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট দিবা-নৈশ ৰূপত আজিৰ পৰা এই ষ্টেডিয়ামত আৰম্ভ হ’ব। গুলপীয়া বলেৰে এই ষ্টেডিয়ামত খেলা হ’ব চতুৰ্থ টেষ্টো। ৬৩একৰ ভূমি আৱৰা এই ষ্টেডিয়ামখনত ১লাখ ১০হাজাৰ দৰ্শক বহিব পৰা ব্যৱস্থা আছে। ষ্টেডয়ামখনৰ পুনৰ নিৰ্মাণত খৰচ হৈছে প্ৰায় ৮০০ কোটি টকা। ষ্টেডিয়ামখন আকাৰত ৩২খন অলিম্পিকৰ ফুটবল খেলপথাৰৰ সমান। ২০১৫ চনত এই ঐতিহাসিক ষ্টেডিয়ামখন নতুনকৈ নিৰ্মাণৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

আৰু পঢ়িব পাৰিব : ৪০ লাখ ট্ৰেক্টৰ লৈ সংসদ ভৱন ঘেৰাও কৰিব কৃষকে!

ভালেমান ঐতিহাসিক ক্ৰিকেটীয় ঘটনাৰ সাক্ষী এই ষ্টেডিয়ামখনতে কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ১৯৮৭ চনত পাকিস্তানৰ বিৰুদ্ধে খেলি ১০হাজাৰ ৰাণ অতিক্ৰম কৰিছিল। এই ষ্টেডিয়ামতে কপিলদেৱে ৪৩২সংখ্যক টেষ্ট উইকেট দখল কৰিছিল আৰু ইয়াৰ জৰিয়তে ১৯৯৪চনত তেওঁ বিশ্বৰ সৰ্বাধিক উইকেট দখলকাৰীৰ খিতাপ অৰ্জন কৰিছিল। মেলব’ৰ্ন ক্ৰিকেট ষ্টেডিয়ামৰ আৰ্হি বা ডিজাইন প্ৰস্তুত কৰা আৰ্কিটেক্ট প্ৰতিষ্ঠান ‘পপুলাছ’ৰ নেতৃত্বত এই ষ্টেডিয়ামৰ ডিজাইন প্ৰস্তুত কৰা হৈছে। ষ্টেডিয়ামখনত মুঠ ১১খন পিটছ আছে। আৰু মূল আৰু অনুশীলন পিটছত একেই মাটি ব্যৱহাৰ কৰা এইখন হৈছে বিশ্বৰ প্ৰথমখন ক্ৰিকেট ষ্টেডিয়াম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ