--°C
Loading...
Listen to Article
2 min read
80%

ম’টেৰা : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি মুকলি কৰিলে নতুন ৰূপেৰে গঢ় দিয়া আহমেদাবাদৰ ম’টেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়াম। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হিচাপে চিহ্নিত হোৱা এই ষ্টেডিয়ামখনক এতিয়াৰে পৰা জনা যাব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হিচাপে। চৰ্দাৰ বল্লভ ভাই পেটেল স্প’ৰ্টছ এনক্লেভৰ অংশ ষ্টেডিয়ামখন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজু, বিচিচিআইৰ সচিব জয় শ্বাহকে ধৰি আন ভালেমান বিশিষ্ট অতিথিৰ উপস্থিতিত ৰাষ্ট্ৰপতিয়ে মুকলি কৰে।

আৰু পঢ়িব পাৰিব : ‘কনা হাঁহক পতান’ দিয়াৰ দৰে চাহ শ্ৰমিকক মজুৰি দিছে চৰকাৰে

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট দিবা-নৈশ ৰূপত আজিৰ পৰা এই ষ্টেডিয়ামত আৰম্ভ হ’ব। গুলপীয়া বলেৰে এই ষ্টেডিয়ামত খেলা হ’ব চতুৰ্থ টেষ্টো। ৬৩একৰ ভূমি আৱৰা এই ষ্টেডিয়ামখনত ১লাখ ১০হাজাৰ দৰ্শক বহিব পৰা ব্যৱস্থা আছে। ষ্টেডয়ামখনৰ পুনৰ নিৰ্মাণত খৰচ হৈছে প্ৰায় ৮০০ কোটি টকা। ষ্টেডিয়ামখন আকাৰত ৩২খন অলিম্পিকৰ ফুটবল খেলপথাৰৰ সমান। ২০১৫ চনত এই ঐতিহাসিক ষ্টেডিয়ামখন নতুনকৈ নিৰ্মাণৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

আৰু পঢ়িব পাৰিব : ৪০ লাখ ট্ৰেক্টৰ লৈ সংসদ ভৱন ঘেৰাও কৰিব কৃষকে!

ভালেমান ঐতিহাসিক ক্ৰিকেটীয় ঘটনাৰ সাক্ষী এই ষ্টেডিয়ামখনতে কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ১৯৮৭ চনত পাকিস্তানৰ বিৰুদ্ধে খেলি ১০হাজাৰ ৰাণ অতিক্ৰম কৰিছিল। এই ষ্টেডিয়ামতে কপিলদেৱে ৪৩২সংখ্যক টেষ্ট উইকেট দখল কৰিছিল আৰু ইয়াৰ জৰিয়তে ১৯৯৪চনত তেওঁ বিশ্বৰ সৰ্বাধিক উইকেট দখলকাৰীৰ খিতাপ অৰ্জন কৰিছিল। মেলব’ৰ্ন ক্ৰিকেট ষ্টেডিয়ামৰ আৰ্হি বা ডিজাইন প্ৰস্তুত কৰা আৰ্কিটেক্ট প্ৰতিষ্ঠান ‘পপুলাছ’ৰ নেতৃত্বত এই ষ্টেডিয়ামৰ ডিজাইন প্ৰস্তুত কৰা হৈছে। ষ্টেডিয়ামখনত মুঠ ১১খন পিটছ আছে। আৰু মূল আৰু অনুশীলন পিটছত একেই মাটি ব্যৱহাৰ কৰা এইখন হৈছে বিশ্বৰ প্ৰথমখন ক্ৰিকেট ষ্টেডিয়াম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ