--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এনে কিছুমান ৰোগ বা সমস্যা আছে যিবোৰ বয়স বা লিংগৰ ভিত্তিত নাহে অৰ্থাৎ যিকোনো সময়তে, যিকোনো লোকৰে হ’ব পাৰে। তেনে এটা সমস্যা হ’ল শিৰাবন্ধ হোৱা বা স্নায়ুৰ বিষ। যদি কোনো লোকৰ শিৰাবন্ধ হোৱা বা স্নায়ুৰ বিষ হয়, তেতিয়া আমি হতাশ হৈ পৰো আৰু বিষটোও অসহনীয় হৈ পৰে। এনে অৱস্থাত স্নায়ু বিষ হোৱাৰ বহু কাৰণ আছে যদিও আজি আমি ইয়াৰ কাৰণৰ কথা নকৈ ইয়াৰ সহজ প্ৰতিকাৰৰ কথাহে কৈছো। দ্ৰুত ঘৰুৱা উপায়ৰ সহায়ত আপুনি কেনেকৈ স্নায়ুৰ বিষৰ পৰা মুক্তি পাব পাৰি জানো আহক।

 ১. গা ধোৱাৰ সময়ত কৰক এই কাম-

যদি আপোনাৰ শৰীৰৰ কোনো অংগৰ স্নায়ুত বিষ হৈছে, তেন্তে গা ধোৱাৰ সময়ত সৈন্ধৱ নিমখ ব্যৱহাৰ কৰক, ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত। নিমখত মেগনেছিয়াম থাকে আৰু সেয়েহে গা ধোৱাৰ সময়ত গা ধোৱাৰ পানীত দুকাপ খনিজ লৱণ মিহলাই বিষ হোৱা ঠাইখিনি প্ৰায় আধা ঘণ্টামান তিয়াই ৰাখে তেন্তে ই আপোনাৰ বিষত যথেষ্ট উপকাৰ দিব।

 ২. খাদ্যত ব্যৱহাৰ কৰক এই মছলা-

স্নায়ুৰ বিষৰ পৰা উপশম পাবলৈ খাদ্যত হালধি অন্তৰ্ভুক্ত কৰিব লাগে। হালধি এবিধ এন্টি-ইনফ্লেমেটৰী, সেয়েহে স্নায়ুৰ বিষৰ পৰা উপশম পাব পাবলৈ হালধি ব্যৱহাৰ কৰিব লাগে। এগিলাচ গাখীৰত ১-৪ চামুচ হালধি গুড়ি দি তাত এচিকুট জালুকৰ গুড়িও মিহলাই ল’ব। এতিয়া এই গাখীৰ গৰম কৰি খাব, পাৰিলে প্ৰতি সপ্তাহত এবাৰ হ’লেও খাব লাগে।

 ৩. আপেল চাইডাৰ ভিনেগাৰো এটা ভাল চিকিৎসা-

আপেল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰি শৰীৰৰ বহু সমস্যা দূৰ কৰিব পাৰি আৰু এই সমস্যাবোৰৰ ভিতৰত স্নায়ুজনিত সমস্যাৰ বাবে অতি উত্তম। আপেল ভিনেগাৰত মেগনেছিয়াম, ফছফৰাছ, কেলচিয়াম আৰু পটাছিয়াম থাকে আৰু ইয়াৰ প্ৰভাৱ স্নায়ুৰ বিষত অতি গুৰুত্বপূৰ্ণ হয়। এগিলাচ গৰম পানীত ২-৩ চামুচ আপেল চাইডাৰ ভিনেগাৰ দি তাৰ লগত অলপ মৌ মিহলাই সপ্তাহত দুবাৰকৈ খালে স্নায়ুৰ বিষ হ্ৰাস হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ