--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ প্ৰায় ৯৫ শতাংশ লোকেই দিনটো একাপ চাহ বা কফিৰে আৰম্ভ কৰে। পুৱাৰ চাহ বা কফি নোপোৱালৈকে যে কোনো কাম কৰাটো কঠিন হৈ পৰে, কিন্তু আপুনি জানেনে যে চাহ বা কফিৰে দিনটো আৰম্ভ কৰাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই অভ্যাসক শুভ বুলি গণ্য কৰা নহয়। পুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত চাহ বা কফি খোৱাৰ অভ্যাসে আপোনাৰ ৰক্তচাপ, হৃদস্পন্দন আৰু উশাহ-নিশাহত প্ৰভাৱ পেলাব পাৰে। বিশেষজ্ঞসকলৰ মতে, পুৱা সাৰ পোৱাৰ লগে লগে চাহ-কফি বা চিগাৰেটৰ দৰে বস্তু ব্যৱহাৰ কৰাটো বদঅভ্যাস। চাহ বা কফিৰে (য’ত কেফেইন থাকে) দিনটো কিয় আৰম্ভ কৰিব নালাগে জানো আহক।

 চাহ-কফিৰে দিনটো আৰম্ভ কৰিলে কি কি ক্ষতি হ’ব পাৰে?

 ১. পুৱা চাহ-কফি খালে তেজৰ শৰ্কৰা বৃদ্ধি পায়। চাহ বা কফিৰে দিনটো আৰম্ভ কৰিলে তেজত চেনিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ উদ্দীপকতাই তেজৰ শৰ্কৰা বৃদ্ধি কৰে আৰু কোষবোৰক শূন্যপুষ্টি প্ৰদান কৰে। ইয়াৰ বাহিৰেও পুৱাৰ চাহ বা কফিয়ে শৰীৰৰ এচিড-এলকেলাইন ভাৰসাম্যতাত ব্যাঘাত জন্মাই বমিৰ দৰে সমস্যাবোৰ বৃদ্ধি কৰে। সেয়েহে পুৱাৰ চাহ বা কফি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

 ২. চাহ-কফি খালে ভোক কমি যায়-

পুৱা সাৰ পোৱাৰ লগে লগে চাহ বা কফি সেৱন কৰিলে ভোক কমি যায়। ইয়াৰ সেৱনৰ বাবে মানুহে বহুদিনলৈ ভোক অনুভৱ নকৰে আৰু দীৰ্ঘদিন ভোকত থকাৰ বাবে শৰীৰত কেলৰিৰ নাটনি হয়। এই অভাৱৰ বাবে মানুহে অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতা বৃদ্ধি পায় আৰু ই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

 ৩. চাহ-কফিয়ে বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে-

চাহ বা কফিৰে দিনটো আৰম্ভ কৰিলে আপোনাৰ ভোক কমি যায় বা নাইকিয়া হয়, এনে অৱস্থাত আপোনাৰ একো খাবলৈ মন নাযায়। এই অভ্যাসে বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে আৰু পাচনতন্ত্ৰতো প্ৰত্যক্ষ প্ৰভাৱ পেলায়। আনহাতে, পুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট খালে আপোনাৰ বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পায়।

 ৪. গেষ্ট্ৰিক সমস্যা বাঢ়িব পাৰে-

খালী পেটত চাহ বা কফি খালে গেষ্ট্ৰিক সমস্যা বৃদ্ধি পাব পাৰে, কিয়নো চাহ আৰু কফিত কেফেইন থাকে। খালী পেটত কেফেইন সেৱন কৰিলে গেষ্ট্ৰিক কোষবোৰ উদ্দীপিত হয়, যাৰ ফলত হাৰ্টবাৰ্ণ আৰু এচিড ৰিফ্লাক্স হ’ব পাৰে। এনে অৱস্থাত ই শৰীৰত অতি বেয়া প্ৰভাৱ পেলাব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক