--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলডিল খাই প্ৰায় সকলো লোকেই ভাল পায়। বহু মানুহৰে প্ৰিয় পাচলি কলডিল। কলডিলৰ ভিতৰত ভীমকলৰ কলডিল অতি সুস্বাদু। সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে। ক্ৰমান্বয়ে ইয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো বৃদ্ধি পাবলৈ ধৰিছে। কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্নও। পাৰ মাংস আৰু কলডিল অসমীয়া সমাজত অত্যন্ত জনপ্ৰিয় ৰেচিপি। 

কোনোৱে কলডিল মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায়। ইয়াত জালুক, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মচলা সঠিক পৰিমাণত পৰিলে সোৱাদ দুগুণে চৰে। বহুতে কলডিল আৰু বুটৰ ভাজি খাই ভাল পায়। কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পছন্দ কৰে। কোনোৱে চাটনি বা ছুপো বনাই খায়। কোনোৱে বইল কৰি পিটিকা কৰি খায়। কিন্তু লাগতিয়াল কথাটো হ’ল, আপুনি যেনেকৈ খালেও কলডিলৰ উপকাৰিতাখিনি পাবই। 

কলডিলত কি কি উপাদান থাকে?

কলডিলত থাকে প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট। কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায়ক। ইয়াত ছ’ডিয়াম, পটাছিয়াম আৰু আয়োডিনো পোৱা যায়।

কলডিলৰ কি কি উপকাৰিতা আছে?

১)কলডিল খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।

২)কলডিল ডায়েবেটিজ ৰোগীয়ে খালে তেজৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।

৩)ইয়াত আয়ৰণ যথেষ্ট পৰিমাণে থাকে বাবে গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য।

৪)ইয়াত প্ৰচুৰ পৰিমাণে(আঁহ) থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।

৫)ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়। 

৬)পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে বেচ সুফল পোৱা যায়।

৭)কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।

৮)ফ্ৰী ৰেডিকেলৰ কু প্ৰভাৱত মানুহ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে। কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ সৈতে যুঁজ দিয়ে। নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে।

৯) কলডিলত থকা ফাইবাৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল নিষ্কাশনত সহায় কৰে। কলডিলত থকা ফাইবাৰে শৌচ কচা আঁতৰায়। গতিকে গৰ্ভাৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খুৱাব লাগে। 

১০)কলডিলে আভোক আৰু বদহজমীও দূৰ কৰে।

১১)কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দুঃচিন্তা আঁতৰোৱাত সহায় কৰে। আগতেই কোৱা হৈছে যে কলডিলে নানাবিধ স্নায়ৱিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে। ডিপ্ৰেছন আঁতৰাই মুড ভালে ৰখাত কলডিল সহায়ক।

১২)কলডিলে শৰীৰৰ প্ৰজেষ্টৰৰ হৰম’নৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়া অতিস্ৰাৱ ৰোধ হয়। 

১৩) কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়।

১৪)জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয়।

১৫)শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।

১৬)কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।

১৭) কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘা সোনকালে শুকোৱা দেখা যায়।

১৮)কলডিল খালে হিম’গ্ল’বিনৰ উন্নতি হয়।

১৯) কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। 

গতিকে বাৰীতে পোৱা কলডিলেই হওক বা বজাৰতে পোৱা কলডিলেই হওক, খাওক আৰু সুস্থ থাকক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ