--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলডিল খাই প্ৰায় সকলো লোকেই ভাল পায়। বহু মানুহৰে প্ৰিয় পাচলি কলডিল। কলডিলৰ ভিতৰত ভীমকলৰ কলডিল অতি সুস্বাদু। সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে। ক্ৰমান্বয়ে ইয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো বৃদ্ধি পাবলৈ ধৰিছে। কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্নও। পাৰ মাংস আৰু কলডিল অসমীয়া সমাজত অত্যন্ত জনপ্ৰিয় ৰেচিপি। 

কোনোৱে কলডিল মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায়। ইয়াত জালুক, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মচলা সঠিক পৰিমাণত পৰিলে সোৱাদ দুগুণে চৰে। বহুতে কলডিল আৰু বুটৰ ভাজি খাই ভাল পায়। কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পছন্দ কৰে। কোনোৱে চাটনি বা ছুপো বনাই খায়। কোনোৱে বইল কৰি পিটিকা কৰি খায়। কিন্তু লাগতিয়াল কথাটো হ’ল, আপুনি যেনেকৈ খালেও কলডিলৰ উপকাৰিতাখিনি পাবই। 

কলডিলত কি কি উপাদান থাকে?

কলডিলত থাকে প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট। কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায়ক। ইয়াত ছ’ডিয়াম, পটাছিয়াম আৰু আয়োডিনো পোৱা যায়।

কলডিলৰ কি কি উপকাৰিতা আছে?

১)কলডিল খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।

২)কলডিল ডায়েবেটিজ ৰোগীয়ে খালে তেজৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।

৩)ইয়াত আয়ৰণ যথেষ্ট পৰিমাণে থাকে বাবে গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য।

৪)ইয়াত প্ৰচুৰ পৰিমাণে(আঁহ) থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।

৫)ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়। 

৬)পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে বেচ সুফল পোৱা যায়।

৭)কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।

৮)ফ্ৰী ৰেডিকেলৰ কু প্ৰভাৱত মানুহ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে। কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ সৈতে যুঁজ দিয়ে। নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে।

৯) কলডিলত থকা ফাইবাৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল নিষ্কাশনত সহায় কৰে। কলডিলত থকা ফাইবাৰে শৌচ কচা আঁতৰায়। গতিকে গৰ্ভাৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খুৱাব লাগে। 

১০)কলডিলে আভোক আৰু বদহজমীও দূৰ কৰে।

১১)কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দুঃচিন্তা আঁতৰোৱাত সহায় কৰে। আগতেই কোৱা হৈছে যে কলডিলে নানাবিধ স্নায়ৱিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে। ডিপ্ৰেছন আঁতৰাই মুড ভালে ৰখাত কলডিল সহায়ক।

১২)কলডিলে শৰীৰৰ প্ৰজেষ্টৰৰ হৰম’নৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়া অতিস্ৰাৱ ৰোধ হয়। 

১৩) কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়।

১৪)জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয়।

১৫)শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।

১৬)কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।

১৭) কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘা সোনকালে শুকোৱা দেখা যায়।

১৮)কলডিল খালে হিম’গ্ল’বিনৰ উন্নতি হয়।

১৯) কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। 

গতিকে বাৰীতে পোৱা কলডিলেই হওক বা বজাৰতে পোৱা কলডিলেই হওক, খাওক আৰু সুস্থ থাকক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?