--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে বহু আশাৰে বিয়া পাতে কিন্তু সেই বিয়া কেতিয়াবা বেছিদিন নিটিকে। মাত্ৰ ৪৩ দিন সংসাৰ চলিছিল এহাল দম্পতীৰ। উচ্চতম ন্যায়ালয়ে তেওঁলোকক বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিছে। আচৰিত কথা যে মাত্ৰ ৪৩ দিন সংসাৰ চলা দম্পতীটোৰ বিবাহ বিচ্ছেদ হ’বলৈ সময় লাগিল ২২ বছৰ সময়।

বিশেষ অনুচ্ছেদ ১৪২ৰ অধীনত আদালতে এই সিদ্ধান্ত দিছে। ২০০২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ বিবাহ হয়। কিন্তু ১৭ মাৰ্চৰ পৰা দুয়োজনে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে। ২০০৫ চনত আদালতে দম্পতীটোক পুনৰ মিলনৰ বাবে ২০ দিন একেলগে থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁলোকৰ সম্পৰ্কত কোনো উন্নতি হোৱা নাছিল।

এতিয়া এই বিষয়ত ১০ জুলাইত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে কয়,

‘২২ বছৰৰ দীঘলীয়া সময়ছোৱাত দুয়োপক্ষৰ বিবাহৰ অস্তিত্ব বন্ধ হৈ গৈছে। ধাৰাবাহিকভাৱে চলি থকা আইনী যুঁজৰ বাবে দুয়োৰে মাজত সম্পৰ্ক অৱনতি ঘটিছে। এই সকলোবোৰ কথা মনত ৰাখি দুয়োকে বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিয়া হৈছে।"

স্বামী-স্ত্ৰী দুয়োজনেই চিকিৎসা বৃত্তিৰ লগত জড়িত। এই বিষয়ত আদালতে কয় যে "তেওঁলোকৰ আয় একে। দুয়ো পক্ষ পেছাত যোগ্য চিকিৎসক। তেওঁলোকৰ উপাৰ্জন পৰ্যাপ্ত আৰু সমান। সেয়েহে আমি কোনো স্থায়ী ৰক্ষণাবেক্ষণ দিবলৈ ইচ্ছুক নহয়।"

প্ৰতিবেদন অনুসৰি পত্নীয়ে নিজৰ আবেদনত কৈছিল যে তেওঁ একেলগে থাকিব বিচাৰে। কাৰণ তেওঁ বিবাহৰ পবিত্ৰতাত বিশ্বাস কৰে। এই সন্দৰ্ভত আদালতে কয়,

"২২ বছৰৰ দীৰ্ঘদিন সময় একেলগে থাকিবলৈ কোনোৱে বাধা দিয়া নাছিল, তেতিয়া কিয় নাথাকিল। আনহাতে স্বামীয়ে কয় যে পত্নীয়ে একেলগে থাকিবলৈ ইচ্ছাৰ দাবী কেৱল আদালতক বিপথে পৰিচালিত কৰিবলৈ, কাৰ্য্যবিধি পলম কৰিবলৈ আৰু তেওঁক হাৰাশাস্তি কৰিবলৈহে কৰা হৈছে।"

বিচাৰপীঠে নিজৰ সিদ্ধান্ত দি কয় যে, "বৰ্তমানৰ গোচৰটোলৈ চাই আমি ক'ব পাৰো যে এই বিবাহ সম্পূৰ্ণ বিফল হৈছে। দুয়োপক্ষই একেলগে থকাৰ কোনো সম্ভাৱনা নাই। কাৰণ এতিয়া দুয়োপক্ষৰ বয়স ৫০ বছৰতকৈও অধিক আৰু পৃথকে পৃথকে জীয়াই আছে।"

প্ৰতিবেদন অনুসৰি দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে কেইবাখনো আইনী যুঁজ চলাইছে। ২০০২ চনৰ পৰা এতিয়ালৈকে ৬টা গোচৰ ৰুজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন