--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে বহু আশাৰে বিয়া পাতে কিন্তু সেই বিয়া কেতিয়াবা বেছিদিন নিটিকে। মাত্ৰ ৪৩ দিন সংসাৰ চলিছিল এহাল দম্পতীৰ। উচ্চতম ন্যায়ালয়ে তেওঁলোকক বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিছে। আচৰিত কথা যে মাত্ৰ ৪৩ দিন সংসাৰ চলা দম্পতীটোৰ বিবাহ বিচ্ছেদ হ’বলৈ সময় লাগিল ২২ বছৰ সময়।

বিশেষ অনুচ্ছেদ ১৪২ৰ অধীনত আদালতে এই সিদ্ধান্ত দিছে। ২০০২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ বিবাহ হয়। কিন্তু ১৭ মাৰ্চৰ পৰা দুয়োজনে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে। ২০০৫ চনত আদালতে দম্পতীটোক পুনৰ মিলনৰ বাবে ২০ দিন একেলগে থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁলোকৰ সম্পৰ্কত কোনো উন্নতি হোৱা নাছিল।

এতিয়া এই বিষয়ত ১০ জুলাইত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে কয়,

‘২২ বছৰৰ দীঘলীয়া সময়ছোৱাত দুয়োপক্ষৰ বিবাহৰ অস্তিত্ব বন্ধ হৈ গৈছে। ধাৰাবাহিকভাৱে চলি থকা আইনী যুঁজৰ বাবে দুয়োৰে মাজত সম্পৰ্ক অৱনতি ঘটিছে। এই সকলোবোৰ কথা মনত ৰাখি দুয়োকে বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিয়া হৈছে।"

স্বামী-স্ত্ৰী দুয়োজনেই চিকিৎসা বৃত্তিৰ লগত জড়িত। এই বিষয়ত আদালতে কয় যে "তেওঁলোকৰ আয় একে। দুয়ো পক্ষ পেছাত যোগ্য চিকিৎসক। তেওঁলোকৰ উপাৰ্জন পৰ্যাপ্ত আৰু সমান। সেয়েহে আমি কোনো স্থায়ী ৰক্ষণাবেক্ষণ দিবলৈ ইচ্ছুক নহয়।"

প্ৰতিবেদন অনুসৰি পত্নীয়ে নিজৰ আবেদনত কৈছিল যে তেওঁ একেলগে থাকিব বিচাৰে। কাৰণ তেওঁ বিবাহৰ পবিত্ৰতাত বিশ্বাস কৰে। এই সন্দৰ্ভত আদালতে কয়,

"২২ বছৰৰ দীৰ্ঘদিন সময় একেলগে থাকিবলৈ কোনোৱে বাধা দিয়া নাছিল, তেতিয়া কিয় নাথাকিল। আনহাতে স্বামীয়ে কয় যে পত্নীয়ে একেলগে থাকিবলৈ ইচ্ছাৰ দাবী কেৱল আদালতক বিপথে পৰিচালিত কৰিবলৈ, কাৰ্য্যবিধি পলম কৰিবলৈ আৰু তেওঁক হাৰাশাস্তি কৰিবলৈহে কৰা হৈছে।"

বিচাৰপীঠে নিজৰ সিদ্ধান্ত দি কয় যে, "বৰ্তমানৰ গোচৰটোলৈ চাই আমি ক'ব পাৰো যে এই বিবাহ সম্পূৰ্ণ বিফল হৈছে। দুয়োপক্ষই একেলগে থকাৰ কোনো সম্ভাৱনা নাই। কাৰণ এতিয়া দুয়োপক্ষৰ বয়স ৫০ বছৰতকৈও অধিক আৰু পৃথকে পৃথকে জীয়াই আছে।"

প্ৰতিবেদন অনুসৰি দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে কেইবাখনো আইনী যুঁজ চলাইছে। ২০০২ চনৰ পৰা এতিয়ালৈকে ৬টা গোচৰ ৰুজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন