--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকী লৰিব নেকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। এতিয়া দেশৰ ৰাজনীতিত এয়া এটা চৰ্চাৰ বিষয় হৈ পৰিছে। ২০২৪ৰ লোকসভা নিৰ্বাচনত  উত্তৰ প্ৰদেশত বিজেপিয়ে সন্মুখীন হোৱা নিৰ্বাচনী বিপৰ্যয়ৰ পিছত উত্তৰ প্ৰদেশৰ ভোটাৰৰ আস্থা ঘূৰাই অনাৰ  উপায় সন্ধান কৰিছে বিজেপিয়ে। উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত ৮০খন আসনেই  লাভ কৰিম বুলি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে  দাবী কৰিছিল যদিও দলটোৱে  ৪০খন আসনো লাভ কৰিব নোৱাৰিলে।

এই  পৰাজয়ৰ ফলত দলটোৰ ভিতৰতে এতিয়া আৰম্ভ হৈছে ব্যাপক আত্মনিৰীক্ষণ। বহুতে এইবুলিও দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হয়তো মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰা হ’ব। বিগত দুদিন ধৰি  উত্তৰ প্ৰদেশ বিজেপিৰ দুই জ্যেষ্ঠ নেতাই দলৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পিছতে বিষয়টোৱে  অধিক চৰ্চা লাভ কৰিছে। উত্তৰ প্ৰদেশৰ  উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই ৪৮ ঘন্টাৰ ভিতৰত দুবাৰকৈ জে পি নাড্ডাক সাক্ষাৎ কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দলটোৰ নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব  স্বীকাৰ কৰে। খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদ ত্যাগ কৰিবলৈ চৌধুৰীয়ে প্ৰস্তাৱ আগবঢ়াইছে।তাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। নাড্ডাৰ সৈতে মৌৰ্যৰ সাক্ষাতৰ কিছু সময়ৰ পাছতেই যোগী আদিত্যনাথক অপসাৰণৰ জল্পনা-কল্পনা ৰাজনৈতিক মহলত আৰম্ভ হয়।  আনকি বিৰোধী নেতাসকলেও কয় যে বিজেপিত ক্ষমতাৰ যুঁজখন এতিয়া তীব্ৰতৰ  হৈ পৰিছে।

 যোগী আদিত্যনাথক অপসাৰণ কৰাৰ কথাটো বিভিন্ন মহলত চৰ্চা হৈছে যদিও  বিজেপিয়ে শেহতীয়াকৈ যি  নিৰ্বাচনী লোকচান ভৰিছে সেয়া কিদৰে পূৰণ কৰিব তাকেলৈ পিছে নভবাকৈ থকা নাই।   ২০২৭ চনত উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ দৰে যাতে অৱস্থা নহয় তাৰ বাবে  বিজেপিয়ে  অ’বিচিৰ এজন নেতাক মুখ্যমন্ত্ৰী হিচাবে  নিযুক্তি দিবলৈ আগ্ৰহী বুলি বহুতে ধাৰণা কৰিছে। বৰ্তমানৰৰাজ্যিক বিজেপিৰ মুৰব্বী  ভূপেন্দ্ৰ চৌধুৰী এজন জাট নেতা।  চৌধুৰীক  জাট সম্প্ৰদায়ৰ মাজত  বিজেপিৰ প্ৰতি থকা অসন্তুষ্টিৰ সমাধানৰ বাবে ২০২২ চনত উত্তৰ প্ৰেশ বিজেপিৰ সভাপতি হিচাবে নিযুক্তি দিয়া হৈছিল। ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত জাট সকলৰ মন জয় কৰাৰ বাবে বিজেপিয়ে আদিত্যনাথৰ ঠাইত ভূপেন্দ্ৰ চৌধুৰীক মুখ্যমন্ত্ৰী হিচাবে নিযুক্ত কৰিব পাৰে বুলিও বহু মহলত চৰ্চা হৈছে। একে সময়তে নাম উচ্চাৰিত হৈছে কেশৱ প্ৰসাদ মৌৰ্যৰো।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ