--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকী লৰিব নেকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। এতিয়া দেশৰ ৰাজনীতিত এয়া এটা চৰ্চাৰ বিষয় হৈ পৰিছে। ২০২৪ৰ লোকসভা নিৰ্বাচনত  উত্তৰ প্ৰদেশত বিজেপিয়ে সন্মুখীন হোৱা নিৰ্বাচনী বিপৰ্যয়ৰ পিছত উত্তৰ প্ৰদেশৰ ভোটাৰৰ আস্থা ঘূৰাই অনাৰ  উপায় সন্ধান কৰিছে বিজেপিয়ে। উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত ৮০খন আসনেই  লাভ কৰিম বুলি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে  দাবী কৰিছিল যদিও দলটোৱে  ৪০খন আসনো লাভ কৰিব নোৱাৰিলে।

এই  পৰাজয়ৰ ফলত দলটোৰ ভিতৰতে এতিয়া আৰম্ভ হৈছে ব্যাপক আত্মনিৰীক্ষণ। বহুতে এইবুলিও দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হয়তো মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰা হ’ব। বিগত দুদিন ধৰি  উত্তৰ প্ৰদেশ বিজেপিৰ দুই জ্যেষ্ঠ নেতাই দলৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পিছতে বিষয়টোৱে  অধিক চৰ্চা লাভ কৰিছে। উত্তৰ প্ৰদেশৰ  উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই ৪৮ ঘন্টাৰ ভিতৰত দুবাৰকৈ জে পি নাড্ডাক সাক্ষাৎ কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দলটোৰ নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব  স্বীকাৰ কৰে। খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদ ত্যাগ কৰিবলৈ চৌধুৰীয়ে প্ৰস্তাৱ আগবঢ়াইছে।তাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। নাড্ডাৰ সৈতে মৌৰ্যৰ সাক্ষাতৰ কিছু সময়ৰ পাছতেই যোগী আদিত্যনাথক অপসাৰণৰ জল্পনা-কল্পনা ৰাজনৈতিক মহলত আৰম্ভ হয়।  আনকি বিৰোধী নেতাসকলেও কয় যে বিজেপিত ক্ষমতাৰ যুঁজখন এতিয়া তীব্ৰতৰ  হৈ পৰিছে।

 যোগী আদিত্যনাথক অপসাৰণ কৰাৰ কথাটো বিভিন্ন মহলত চৰ্চা হৈছে যদিও  বিজেপিয়ে শেহতীয়াকৈ যি  নিৰ্বাচনী লোকচান ভৰিছে সেয়া কিদৰে পূৰণ কৰিব তাকেলৈ পিছে নভবাকৈ থকা নাই।   ২০২৭ চনত উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ দৰে যাতে অৱস্থা নহয় তাৰ বাবে  বিজেপিয়ে  অ’বিচিৰ এজন নেতাক মুখ্যমন্ত্ৰী হিচাবে  নিযুক্তি দিবলৈ আগ্ৰহী বুলি বহুতে ধাৰণা কৰিছে। বৰ্তমানৰৰাজ্যিক বিজেপিৰ মুৰব্বী  ভূপেন্দ্ৰ চৌধুৰী এজন জাট নেতা।  চৌধুৰীক  জাট সম্প্ৰদায়ৰ মাজত  বিজেপিৰ প্ৰতি থকা অসন্তুষ্টিৰ সমাধানৰ বাবে ২০২২ চনত উত্তৰ প্ৰেশ বিজেপিৰ সভাপতি হিচাবে নিযুক্তি দিয়া হৈছিল। ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত জাট সকলৰ মন জয় কৰাৰ বাবে বিজেপিয়ে আদিত্যনাথৰ ঠাইত ভূপেন্দ্ৰ চৌধুৰীক মুখ্যমন্ত্ৰী হিচাবে নিযুক্ত কৰিব পাৰে বুলিও বহু মহলত চৰ্চা হৈছে। একে সময়তে নাম উচ্চাৰিত হৈছে কেশৱ প্ৰসাদ মৌৰ্যৰো।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন