--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঝাৰখণ্ডৰ সংখ্যালঘু কল্যাণ মন্ত্রী হাফিজুল হাচানে বেংগালুৰৰ ভাৰত ভার্চুৱেল ইউনিভাৰ্ছিটি ফৰ পীচ এণ্ড এডুকেশ্যনৰ পৰা লাভ কৰা ডক্টৰেট ডিগ্ৰী হেনো ভুৱা। এতিয়া এই দাবী উত্থাপন কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰিছে ঝাৰখণ্ড বিজেপিয়ে। ঝাৰখণ্ডৰ বিজেপিয়ে দাবী কৰিছে যে এখন ভুৱা বিশ্ববিদ্যালয়ৰ পৰা ভুৱা ডিগ্রী গ্রহণ কৰা মন্ত্ৰীজনক মন্ত্রীসভাৰ পৰা অপসাৰণ কৰিব লাগে। এইখিনিলৈকে সকলো ঠিকেই আছিল। 

কিন্তু কথা এষাৰ আছে নহয়, দিন বেয়া পৰিলে পোৰা মাছেও প্রাণ পাই নদীলৈ জঁপিয়াই বুলি। সেই একে কথাই প্রযোজ্য হৈছে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ক্ষেত্ৰত। তুলিৰামৰ ২০০ কোটি টকীয়া ফার্ম হাউছ বিতর্ক ভালকৈ শাম কটাই নাই, এইবাৰ ঝাৰখণ্ডৰ মন্ত্ৰীজনৰ ভুৱা ডিগ্ৰীৰ লগতো সাঙোৰ খাই পৰিছে তুলিৰামৰ নাম। কাৰণ ঝাৰখণ্ডৰ মন্ত্ৰীজনে যিখন ভুৱা বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰিছিল বুলি বিজেপিয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে, সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই তুলিৰামেও ২০২১ চনৰ ৭নৱেম্বৰত লাভ কৰিছিল ডক্টৰেট ডিগ্রী। হয়তো বেয়া দিন পৰিলে এনে হয়েই! তুলিৰামে ইমানদিন গোপন কৰি ৰখা কথাবোৰ এতিয়া পাকচক্রত পৰি আপোনবোৰৰ বাবেই এটাৰ পাছত এটাকৈ মুকলি হৈ পৰিছে। 

তুলিৰামৰ ২০০ কোটি টকীয়া 'মাল্টি মিলিয়নাৰ' ফার্ম হাউছটোৰ কথা তেওঁৰে বিশ্বস্ত মুম্বাইৰ ইণ্টিৰিয়ৰ ডিজাইনাৰজনে গাই দিলে। এইবাৰ আকৌ ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভুৱা ডিগ্ৰীক লৈ বিজেপিয়ে প্রশ্ন কৰাত নিজ দলৰে তুলিৰামো লগতে উদং হৈ পৰিল। অৱশ্যে ঝাৰখণ্ডৰ মন্ত্ৰী হাফিজুল হাচানৰ ভুৱা ডিগ্ৰীৰ বিৰুদ্ধে ঝাৰখণ্ডত যি ধৰণৰ বৃহৎ প্ৰতিবাদৰ সৃষ্টি হৈছে সেই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট লাভ কৰাৰ পাছতো কিন্তু তুলিৰামৰ বিৰুদ্ধে অসমত সেই ধৰণৰ প্ৰতিবাদৰ সৃষ্টি হোৱা নাই। গতিকে তুলিৰাম কিছু ৰক্ষা পৰি আছে সেইফালৰ পৰা। কিন্তু অনাগত দিনত কাৰ কাহিনী উলিয়াবলৈ যাওঁতে তুলিৰামৰ কাহিনীও ওলাই পৰে তাৰ একো গেৰেন্টি নাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত