--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঝাৰখণ্ডৰ সংখ্যালঘু কল্যাণ মন্ত্রী হাফিজুল হাচানে বেংগালুৰৰ ভাৰত ভার্চুৱেল ইউনিভাৰ্ছিটি ফৰ পীচ এণ্ড এডুকেশ্যনৰ পৰা লাভ কৰা ডক্টৰেট ডিগ্ৰী হেনো ভুৱা। এতিয়া এই দাবী উত্থাপন কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰিছে ঝাৰখণ্ড বিজেপিয়ে। ঝাৰখণ্ডৰ বিজেপিয়ে দাবী কৰিছে যে এখন ভুৱা বিশ্ববিদ্যালয়ৰ পৰা ভুৱা ডিগ্রী গ্রহণ কৰা মন্ত্ৰীজনক মন্ত্রীসভাৰ পৰা অপসাৰণ কৰিব লাগে। এইখিনিলৈকে সকলো ঠিকেই আছিল। 

কিন্তু কথা এষাৰ আছে নহয়, দিন বেয়া পৰিলে পোৰা মাছেও প্রাণ পাই নদীলৈ জঁপিয়াই বুলি। সেই একে কথাই প্রযোজ্য হৈছে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ক্ষেত্ৰত। তুলিৰামৰ ২০০ কোটি টকীয়া ফার্ম হাউছ বিতর্ক ভালকৈ শাম কটাই নাই, এইবাৰ ঝাৰখণ্ডৰ মন্ত্ৰীজনৰ ভুৱা ডিগ্ৰীৰ লগতো সাঙোৰ খাই পৰিছে তুলিৰামৰ নাম। কাৰণ ঝাৰখণ্ডৰ মন্ত্ৰীজনে যিখন ভুৱা বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰিছিল বুলি বিজেপিয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে, সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই তুলিৰামেও ২০২১ চনৰ ৭নৱেম্বৰত লাভ কৰিছিল ডক্টৰেট ডিগ্রী। হয়তো বেয়া দিন পৰিলে এনে হয়েই! তুলিৰামে ইমানদিন গোপন কৰি ৰখা কথাবোৰ এতিয়া পাকচক্রত পৰি আপোনবোৰৰ বাবেই এটাৰ পাছত এটাকৈ মুকলি হৈ পৰিছে। 

তুলিৰামৰ ২০০ কোটি টকীয়া 'মাল্টি মিলিয়নাৰ' ফার্ম হাউছটোৰ কথা তেওঁৰে বিশ্বস্ত মুম্বাইৰ ইণ্টিৰিয়ৰ ডিজাইনাৰজনে গাই দিলে। এইবাৰ আকৌ ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভুৱা ডিগ্ৰীক লৈ বিজেপিয়ে প্রশ্ন কৰাত নিজ দলৰে তুলিৰামো লগতে উদং হৈ পৰিল। অৱশ্যে ঝাৰখণ্ডৰ মন্ত্ৰী হাফিজুল হাচানৰ ভুৱা ডিগ্ৰীৰ বিৰুদ্ধে ঝাৰখণ্ডত যি ধৰণৰ বৃহৎ প্ৰতিবাদৰ সৃষ্টি হৈছে সেই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট লাভ কৰাৰ পাছতো কিন্তু তুলিৰামৰ বিৰুদ্ধে অসমত সেই ধৰণৰ প্ৰতিবাদৰ সৃষ্টি হোৱা নাই। গতিকে তুলিৰাম কিছু ৰক্ষা পৰি আছে সেইফালৰ পৰা। কিন্তু অনাগত দিনত কাৰ কাহিনী উলিয়াবলৈ যাওঁতে তুলিৰামৰ কাহিনীও ওলাই পৰে তাৰ একো গেৰেন্টি নাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ