--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহিৰ্জগতৰ প্ৰাণী বা এলিয়েনক লৈ নানা কল্পকাহিনীৰ সৃষ্টি হৈছে। চলচ্চিত্ৰও নিৰ্মাণ হৈছে। প্ৰচাৰ হৈছে নানা গুজবো। কিন্তু তাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্যই সকলোকে চমকিত কৰি তুলিছে। এই তথ্যত দাবী কৰা হৈছিল যে, পৃথিৱীলৈ এলিয়েন অথবা বহিঃগ্ৰহৰ প্ৰাণীয়ে প্ৰেৰণ কৰিছিল ছিগনেল বা তৰংগ। এই ছিগনেলৰ ভেদ ভাঙিবলৈ নিৰন্তৰ চেষ্টা চলোৱাৰ পাছত এতিয়া এটা সিদ্ধান্ত উপনীত হৈছে জ্যোতিৰ্বিজ্ঞানীসকল।

প্ৰায় আধা দশক আগেয়ে, অৰ্থাত ১৯৭৭ চনৰ ১৫ আগষ্টৰ নিশা ১১.১৬ মিনিটত এটা আচহুৱা ৰেডিঅতৰংগ ধৰা পৰিছিল। মিনিট ১২ ছেকেণ্ড দৈৰ্ঘ্যৰ এই তৰংগ ধৰা পৰিছিল ৰেডিঅটেলিস্কপত। বিগ ইয়াৰ ৰেডিঅটেলিস্কপত ধৰা পৰা এই ৰহস্যময় তৰংগক আজিও অলৌকিক বুলি গণ্য কৰা হৈ আহিছে। আৰু ইয়াৰ ভেদ ভাঙিবলৈ জ্যোতিৰ্বিজ্ঞানীয়ে নিৰন্তৰে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে।

 

এই ৰেডিঅতৰংগৰ প্ৰিণ্ট আউট উলিয়াই লৈ জ্যোতিৰ্বিজ্ঞানী জেৰী এহমানে এই আচহুৱা তৰংগৰ ভেদ ভঙাৰ চেষ্টা কৰে আৰু এই তৰংগ ডি-কোড কৰি ইংৰাজী WOW’ শব্দটো তেওঁ চিহ্নিত কৰি উলিয়ায়। তেওঁ গৱেষণা তথা তৰংগ বিশ্লেষণৰ দ্বাৰা লাভ কৰা এই শব্দটোক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

এতিয়া এই ৰহস্যময় ‘WOW’ শব্দটোৰ উতসৰ অনুসন্ধান কৰি কৰি মহাকাশ বিজ্ঞানীসকলে এটা ধাৰণাত উপনীত হৈছে যে, এই শব্দটো সূৰ্যৰ দৰে কোনো নক্ষত্ৰলৈ প্ৰেৰণ কৰ ছিগনেল হব পাৰে। পৃথিৱীৰ পৰা ১৮০০ আলোকবৰ্ষ দূৰত অৱস্থিত কোনো তাৰকামণ্ডলীৰ পৰা এই ছিগনেল পৃথিৱীলৈ অহা বুলি ধাৰণা কৰা হৈছে। বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰত থাকিব পৰা কোনো প্ৰাণী বা বুদ্ধিমত্তাসম্পন্ন জীৱৰ গৱেষণাত অহৰহ ব্ৰতী হৈ থকা গৱেষকসকলৰ বাবে এই ‘WOW’ শব্দটো গভীৰ আগ্ৰহ আৰু ঔসুকতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁলোকে ব্ৰহ্মাণ্ডৰ অনাৱিস্কৃত ৰহস্যৰ ভেদ ভঙাৰ বাবে নিৰন্তৰে চেষ্টা চলাই আছে আৰু এই ৰেডিঅ ছিগনেল তেওঁলোকৰ বাবে এটা ডাঙৰ এক গুৰুত্বপূৰ্ণ গৱেষণাৰ বিষয় হিচাপে চিহ্নিত হৈছে।

 

এই সম্পৰ্কীয় গৱেষণাৰ প্ৰতিবেদনখন প্ৰকাশ পাইছে ইণ্টাৰনেচনেল জাৰ্নেল ফৰ এষ্ট্ৰনমীত। এই প্ৰতিবেদনত কোৱা হৈছে যে, এই ৰহস্যময় তৰংগৰ উঁহৰ অনুসন্ধানৰ বাবে ৬৬টা জি আৰু কে টাইপনক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। এইসমূহৰ ভিতৰত এটা মাত্ৰ নক্ষত্ৰকহে সূৰ্যৰ অনুৰূপ বুলি তেওঁলোকে তথ্য লাভ কৰিছে।

এই অধ্যয়নক নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞানী এলবাৰ্টো কাবালেৰোৱে 2MASS 19281982-2640123 ক এই ছিগনেলৰ টেকনো-ছিগনেচাৰ নিৰীক্ষণৰ বাবে উপযুক্ত বুলি অভিহিত কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, যদিও ৭২ ছেকেণ্ড ধৰি এই আচহৱা ছিগনেল বা তৰংগ প্ৰেৰণ কৰা হৈছিল তথাপি তাৰ পাছৰ ৪৫ বছৰত কিন্তু এনে কোনো তৰংগ ধৰা পৰা নাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement