--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ জনৰ নাম য়ুৰি গেলাৰ (Uri Geller)।দহ বছৰ পিছত কি ঘটিব বা দহ হাজাৰ মাইল দূৰৈত কি ঘটি আছে সেয়া তেওঁ নেদেখাকৈয়ে কৈ দিব পাৰে। ইজৰাইলী-ব্ৰিটিছ মূলৰ এইগৰাকী পেৰাচাইকোলজিষ্টক সেয়ে টেলিপেথিৰ ৰজা বুলি কোৱা হয়।  বহু কথাই আগতীয়াকৈ কৈ চৰ্চাৰ শীৰ্ষত আৰোহণ কৰা য়ুৰি গেলাৰে শেহতীয়াকৈ কৰা এক ঘোষণাই বিশ্বৰ বিজ্ঞানীমহলকো আনকি চিন্তিত কৰি তুলিছে। য়ুৰি গেলাৰে শেহতীয়াকৈ কৰা ঘোষণা অনুসৰি অহা পাঁচ বছৰৰ ভিতৰত বৰ্হিজগতৰ প্ৰাণী এলিয়েনে পৃথিৱীত প্ৰৱেশ কৰিব। এলিয়েনে পৃথিৱীৰ মানুহক আক্ৰমণ কৰিব নেকি সেই বিষয়ত তেওঁ পিছে বিশেষ একো কথা কোৱা নাই।

অদ্ভুত মানসিক সামৰ্থ্যৰ অধিকাৰী ভৱিষ্যতবক্তা য়ুৰি গেলাৰে বিশ্বাস কৰে যে অহা পাঁচ বছৰৰ ভিতৰত এলিয়েন পৃথিৱীলৈ আহিব পাৰে। য়ুৰিয়ে দাবী কৰিছে যে এলিয়েনে ইতিমধ্যে মানৱ জাতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আছে। মানুহে এলিয়েনৰ গতিবিধিৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখি অহাৰ বাবেই এলিয়েনেও মানুহৰ ওপৰত দৃষ্টি ৰাখিছে। ৭৫ বছৰীয়া য়ুৰীয়ে লগতে দাবী কৰিছিল যে মঙ্গল গ্ৰহত দেখা পোৱা দুৱাৰৰ দৰে অৱয়ব দৰাচলতে এলিয়েনে লেজাৰ ৰশ্মিৰ দ্বাৰা খোদিত কৰা বিশেষ অৱয়বহে। 

গেলাৰে এই প্ৰসংগত কয় "দূৰৱৰ্তী দৰ্শনৰ জৰিয়তে মই এলিয়েনবোৰক দেখিবলৈ সক্ষম হৈছো"। য়ুৰীয়ে কৈছে যে অহা পাঁচৰ পৰা ২৫ বছৰৰ ভিতৰত এলিয়েনসকল পৃথিৱীলৈ আহিব আৰু পৃথিৱীত অৱতৰণ কৰিবলৈ এখন ভাল ঠাই বিচাৰি উলিয়াব। এলিয়েনবোৰে পৃথিৱীলৈ মানুহক আক্ৰমণৰ বাবে নহয়,বন্ধুত্বৰ বাবে আহিব। য়ুৰি গেলাৰ এজন ইজৰাইলী-ব্ৰিটিছ যাদুকৰ। অন্য গ্ৰহৰ প্ৰাণী এলিয়েনৰ অৱস্থিতি শেহতীয়াকৈ বহু দেশৰ শীৰ্ষ বিজ্ঞানীয়ে  একপ্ৰকাৰ মানি লোৱাৰ সময়তে ভিন্ন গ্ৰহৰ পৰা অহা কেতবোৰ ৰহস্যজনক ৰেডিঅ’ তৰংগই এলিয়েনৰ উপস্থিতিৰ কথা প্ৰমাণ কৰাৰ দিশে অগ্ৰসৰ হৈছে।শেহতীয়াকৈ পৃথিৱীৰ পৰা ৫২ আলোকবৰ্ষ নিলগৰ পৰা আহিছে এক ৰহস্যজনক ৰেডিঅ’ তৰংগ।

নেদাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে ধৰা পেলাইছে এই আচৰিত ৰেডিঅ’ তৰংগ।নেদাৰলেণ্ডৰ এটা ৰেডিঅ’ টেলিস্কোপত ধৰা পৰা এই ৰহস্যজনক ৰেডিঅ’ তৰংগই এতিয়া বিশ্বৰ বিজ্ঞানী মহলৰ মাজত তুমুল হৈচৈৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।‘এষ্ট্ৰন’মি এণ্ড এষ্ট্ৰ’ ফিজিক্স জাৰ্ণাল’ত প্ৰকাশিত এক নিৱন্ধত নেদাৰলেণ্ডৰ বিজ্ঞানীৰ দলটোৱে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বাহিৰৰ পৰা ভাঁহি অহা ৰহস্যজনক ৰেডিঅ’ তৰংগৰ কথা উল্লেখ কৰিছে।তেওঁলোকৰ মতে কেৱল এটা গ্ৰহই নহয়, মহাকাশৰ আৰু দুটা বিশেষ স্থানৰ পৰা এক ধৰণৰ ৰেডিঅ’ তৰংগ আহিছে।টাউ বুটেছ নক্ষত্ৰমণ্ডলীৰ অন্তৰ্গত গেছেৰে ভৰি থকা এটা গ্ৰহৰ পৰা ৰেডিঅ’ তৰংগ ভাঁহি অহাৰ কথাও তেওঁলোকে নিশ্চিত কৰিছে।সেই ৰেডিঅ’ তৰংগ কোনে প্ৰেৰণ কৰিছে? নিশ্চয় মানুহৰ দৰে সক্ৰিয় কোনো প্ৰাণীৰেই কাম হ’ব এয়া।এই প্ৰশ্নসমূহৰ উত্তৰ লাভৰ বাবে কল্পবিজ্ঞানীসকলে অনুসন্ধান অব্যাহত ৰাখিছে।

জাপানৰ এজন পদাৰ্থবিজ্ঞানী তথা বিশ্ববিখ্যাত কল্পবিজ্ঞান লেখক মিচিও কাকুৱে (Michio Kaku) এলিয়েন সম্পৰ্কে এটা নতুন ধাৰণা দিছে।

তেওঁৰ মতে, এলিয়েনবিলাক বন্ধুত্বপূৰ্ণও হ’ব পাৰে, কিন্তু পৰিস্থিতি অনুযায়ী হিংস্ৰও হ’ব পাৰে। উল্লেখযোগ্য যে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বিজ্ঞানী মিচিঅ’ কাকু পদাৰ্থবিজ্ঞানৰ ‘ষ্ট্ৰিং ফিল্ড থিয়ৰী’ (String field theory) নামৰ এটা তত্বৰ বাবে বিশ্ববিখ্যাত।তেওঁ ‘ফিজিকছ অৱ দ্যা ইম্পচিবল’, ‘ফিজিকছ অৱ দ্যা ফিউচাৰ’, ‘দ্যা ফিউচাৰ অৱ দ্যা মাইণ্ড’ আদি বিজ্ঞানবিষয়ক গ্ৰন্থৰে একৈশ শতিকাৰ এজন উল্লেখযোগ্য বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিছে। এনেবোৰ কথাৰ মাজতে সেয়ে য়ুৰি গেলাৰৰ ঘোষণাই এতিয়া বহুতোকে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে।গেলাৰে আগতে কৰা সকলো  ভৱিষ্যতবাণীয়েই প্ৰায় মিলিছে। এইবাৰো তেওঁৰ ভৱিষ্যতবাণী নিমিলেতো!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ