--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ জনৰ নাম য়ুৰি গেলাৰ (Uri Geller)।দহ বছৰ পিছত কি ঘটিব বা দহ হাজাৰ মাইল দূৰৈত কি ঘটি আছে সেয়া তেওঁ নেদেখাকৈয়ে কৈ দিব পাৰে। ইজৰাইলী-ব্ৰিটিছ মূলৰ এইগৰাকী পেৰাচাইকোলজিষ্টক সেয়ে টেলিপেথিৰ ৰজা বুলি কোৱা হয়।  বহু কথাই আগতীয়াকৈ কৈ চৰ্চাৰ শীৰ্ষত আৰোহণ কৰা য়ুৰি গেলাৰে শেহতীয়াকৈ কৰা এক ঘোষণাই বিশ্বৰ বিজ্ঞানীমহলকো আনকি চিন্তিত কৰি তুলিছে। য়ুৰি গেলাৰে শেহতীয়াকৈ কৰা ঘোষণা অনুসৰি অহা পাঁচ বছৰৰ ভিতৰত বৰ্হিজগতৰ প্ৰাণী এলিয়েনে পৃথিৱীত প্ৰৱেশ কৰিব। এলিয়েনে পৃথিৱীৰ মানুহক আক্ৰমণ কৰিব নেকি সেই বিষয়ত তেওঁ পিছে বিশেষ একো কথা কোৱা নাই।

অদ্ভুত মানসিক সামৰ্থ্যৰ অধিকাৰী ভৱিষ্যতবক্তা য়ুৰি গেলাৰে বিশ্বাস কৰে যে অহা পাঁচ বছৰৰ ভিতৰত এলিয়েন পৃথিৱীলৈ আহিব পাৰে। য়ুৰিয়ে দাবী কৰিছে যে এলিয়েনে ইতিমধ্যে মানৱ জাতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আছে। মানুহে এলিয়েনৰ গতিবিধিৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখি অহাৰ বাবেই এলিয়েনেও মানুহৰ ওপৰত দৃষ্টি ৰাখিছে। ৭৫ বছৰীয়া য়ুৰীয়ে লগতে দাবী কৰিছিল যে মঙ্গল গ্ৰহত দেখা পোৱা দুৱাৰৰ দৰে অৱয়ব দৰাচলতে এলিয়েনে লেজাৰ ৰশ্মিৰ দ্বাৰা খোদিত কৰা বিশেষ অৱয়বহে। 

গেলাৰে এই প্ৰসংগত কয় "দূৰৱৰ্তী দৰ্শনৰ জৰিয়তে মই এলিয়েনবোৰক দেখিবলৈ সক্ষম হৈছো"। য়ুৰীয়ে কৈছে যে অহা পাঁচৰ পৰা ২৫ বছৰৰ ভিতৰত এলিয়েনসকল পৃথিৱীলৈ আহিব আৰু পৃথিৱীত অৱতৰণ কৰিবলৈ এখন ভাল ঠাই বিচাৰি উলিয়াব। এলিয়েনবোৰে পৃথিৱীলৈ মানুহক আক্ৰমণৰ বাবে নহয়,বন্ধুত্বৰ বাবে আহিব। য়ুৰি গেলাৰ এজন ইজৰাইলী-ব্ৰিটিছ যাদুকৰ। অন্য গ্ৰহৰ প্ৰাণী এলিয়েনৰ অৱস্থিতি শেহতীয়াকৈ বহু দেশৰ শীৰ্ষ বিজ্ঞানীয়ে  একপ্ৰকাৰ মানি লোৱাৰ সময়তে ভিন্ন গ্ৰহৰ পৰা অহা কেতবোৰ ৰহস্যজনক ৰেডিঅ’ তৰংগই এলিয়েনৰ উপস্থিতিৰ কথা প্ৰমাণ কৰাৰ দিশে অগ্ৰসৰ হৈছে।শেহতীয়াকৈ পৃথিৱীৰ পৰা ৫২ আলোকবৰ্ষ নিলগৰ পৰা আহিছে এক ৰহস্যজনক ৰেডিঅ’ তৰংগ।

নেদাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে ধৰা পেলাইছে এই আচৰিত ৰেডিঅ’ তৰংগ।নেদাৰলেণ্ডৰ এটা ৰেডিঅ’ টেলিস্কোপত ধৰা পৰা এই ৰহস্যজনক ৰেডিঅ’ তৰংগই এতিয়া বিশ্বৰ বিজ্ঞানী মহলৰ মাজত তুমুল হৈচৈৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।‘এষ্ট্ৰন’মি এণ্ড এষ্ট্ৰ’ ফিজিক্স জাৰ্ণাল’ত প্ৰকাশিত এক নিৱন্ধত নেদাৰলেণ্ডৰ বিজ্ঞানীৰ দলটোৱে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বাহিৰৰ পৰা ভাঁহি অহা ৰহস্যজনক ৰেডিঅ’ তৰংগৰ কথা উল্লেখ কৰিছে।তেওঁলোকৰ মতে কেৱল এটা গ্ৰহই নহয়, মহাকাশৰ আৰু দুটা বিশেষ স্থানৰ পৰা এক ধৰণৰ ৰেডিঅ’ তৰংগ আহিছে।টাউ বুটেছ নক্ষত্ৰমণ্ডলীৰ অন্তৰ্গত গেছেৰে ভৰি থকা এটা গ্ৰহৰ পৰা ৰেডিঅ’ তৰংগ ভাঁহি অহাৰ কথাও তেওঁলোকে নিশ্চিত কৰিছে।সেই ৰেডিঅ’ তৰংগ কোনে প্ৰেৰণ কৰিছে? নিশ্চয় মানুহৰ দৰে সক্ৰিয় কোনো প্ৰাণীৰেই কাম হ’ব এয়া।এই প্ৰশ্নসমূহৰ উত্তৰ লাভৰ বাবে কল্পবিজ্ঞানীসকলে অনুসন্ধান অব্যাহত ৰাখিছে।

জাপানৰ এজন পদাৰ্থবিজ্ঞানী তথা বিশ্ববিখ্যাত কল্পবিজ্ঞান লেখক মিচিও কাকুৱে (Michio Kaku) এলিয়েন সম্পৰ্কে এটা নতুন ধাৰণা দিছে।

তেওঁৰ মতে, এলিয়েনবিলাক বন্ধুত্বপূৰ্ণও হ’ব পাৰে, কিন্তু পৰিস্থিতি অনুযায়ী হিংস্ৰও হ’ব পাৰে। উল্লেখযোগ্য যে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বিজ্ঞানী মিচিঅ’ কাকু পদাৰ্থবিজ্ঞানৰ ‘ষ্ট্ৰিং ফিল্ড থিয়ৰী’ (String field theory) নামৰ এটা তত্বৰ বাবে বিশ্ববিখ্যাত।তেওঁ ‘ফিজিকছ অৱ দ্যা ইম্পচিবল’, ‘ফিজিকছ অৱ দ্যা ফিউচাৰ’, ‘দ্যা ফিউচাৰ অৱ দ্যা মাইণ্ড’ আদি বিজ্ঞানবিষয়ক গ্ৰন্থৰে একৈশ শতিকাৰ এজন উল্লেখযোগ্য বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিছে। এনেবোৰ কথাৰ মাজতে সেয়ে য়ুৰি গেলাৰৰ ঘোষণাই এতিয়া বহুতোকে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে।গেলাৰে আগতে কৰা সকলো  ভৱিষ্যতবাণীয়েই প্ৰায় মিলিছে। এইবাৰো তেওঁৰ ভৱিষ্যতবাণী নিমিলেতো!


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ