--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশৰ মাজত ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে ভাৰতে বাংলাদেশলৈ নিৰ্মাণ কৰি থকা ৫ হাজাৰ কোটিটকীয়া ৰে'লৱে প্ৰকল্প স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এই ৰে'লৱে প্ৰকল্পসমূহৰ জৰিয়তে বাংলাদেশলৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সুস্থিৰতা আৰু কৌশলগত নিৰাপত্তা সুৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ বাংলাদেশলৈ নির্মীয়মাণ ৰে'ল প্রকল্পটো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। বাংলাদেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে ভাৰতে এই সিদ্ধান্ত লৈছে।

বাংলাদেশে শেহতীয়াকৈ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সৈতে বাণিজ্যিক মিতিৰালি বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত উদ্বিগ্ন হৈ আৰু বাংলাদেশত বিশেষকৈ ভাৰত-বিৰোধী প্ৰতিবাদবোৰ চলি থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ সৈতে থকা সম্পর্কক একাষৰীয়া কৰি চীন আৰু পাকিস্তানক গুৰুত্ব দিয়াৰ বাবেই লোৱা এই সিদ্ধান্তই ৰে'লৱেৰ মুখ্য প্রকল্প, যেনে-আখাউৰা-আগৰতলা ৰে'ল সংযোগী আৰু খুলানা-মুংগলা ৰে'ল প্ৰকল্পও ব্যাহত হ'ব। তদুপৰি, দুয়োখন দেশৰ আঞ্চলিক সংযোগ থকা ৰে'ল আৰু জলপথো ব্যাহত হ'ব। 

এই সিদ্ধান্তৰ ফলত ঢাকা-তংগি জয়দেৱপুৰ ৰে'ল সম্প্ৰসাৰণ প্ৰকল্পও ব্যাহত হ'ব। আনহাতে, আন পাঁচটা ৰে'ল প্ৰকল্পও বন্ধ কৰা হ'ব। 

উল্লেখযোগ্য যে কিছুদিন পূর্বে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত কৰা মন্তব্যৰ পাছৰে পৰাই ভাৰত-বাংলাদেশৰ সম্পৰ্কত যথেষ্ট অৱনতি ঘটিছে। ইয়াৰ পাছতে বাংলাদেশে বাণিজ্যৰ বাবে ভাৰতৰ ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও ভাৰতে ঘোষণা কৰিছিল। এইবাৰ ভাৰতে উত্তৰ-পূৰ্বাঞ্চল সংযোগী বাংলাদেশলৈ থকা ৰে'ল প্রকল্পসমূহ বন্ধ কৰাটো যথেষ্ট লক্ষণীয় হৈ পৰিছে। বাংলাদেশ সংযোগী এই ৰে'ল প্রকল্পসমূহত ভাৰতে ইতিমধ্যে বহু ধন বিনিয়োগ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ