--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীতৰ বাদ্যযন্ত্ৰৰ শব্দসমূহ বাহনৰ হর্ন হিচাপে ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিবলৈ এখন আইন প্রণয়নৰ বিবেচনা কৰি আছে ভাৰত চৰকাৰে। 

কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গডকাৰিয়ে সোমবাৰে এই কথা ঘোষণা কৰে। এটা অনুষ্ঠানত ভাষণ দি গডকাৰিয়ে কয় যে বাঁহী, তবলা, ভায়লিন আৰু হাৰমনিয়ামৰ দৰে শব্দসমূহ ব্যৱহাৰ কৰি বাহনৰ হৰ্নৰ শব্দ অধিক সুমধুৰ কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। তেওঁ আৰু কয় যে দেশৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ৪০ শতাংশ বায়ু প্ৰদূষণ পৰিবহণ খণ্ডৰ পৰা হয়। এই বিষয়ত ফলপ্রসূ সমাধান উলিয়াবলৈ মোদী চৰকাৰে বাহনসমূহৰ বাবে মিথানল আৰু ইথানলৰ দৰে সেউজীয়া আৰু জৈৱ ইন্ধন ব্যৱহাৰ কৰিবলৈ উদগনি জনাই আহিছে। 

দেশৰ অটোম'বাইল উদ্যোগৰ সামৰ্থ্যৰ বিষয়ত আলোকপাত কৰি গডকাৰিয়ে কয় যে দুচকীয়া আৰু কাৰসমূহ ৰপ্তানি কৰি দেশে গুৰুত্বপূৰ্ণ ৰাজহ সংগ্ৰহ কৰিছে। ২০১৪ চনত অটোম'বাইল উদ্যোগটো ১৪ লাখ কোটি টকা মূল্যৰ আছিল আৰু এতিয়া বিকাশ হৈ ২২ লাখ কোটি টকা হ'ল। 

কেন্দ্রীয় মন্ত্রী গডকাৰিয়ে আৰু কয় যে জাপানক অতিক্রম কৰি ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অটোম'বাইল খণ্ডৰ বজাৰ হিচাপে আমেৰিকা আৰু চীনৰ পাছতেই স্থান লাভ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ