--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পিছত এতিয়া জম্মু-কাশ্মীৰৰ উধমপুৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষত এজন জোৱান শ্বহীদ হয়।

চোৰাংচোৱা তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে আজি উধমপুৰৰ বসন্তগড়ত যৌথ অভিযান আৰম্ভ কৰে। 

দুয়োফালৰ পৰা প্ৰচণ্ড গুলীচালনা হয়। নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰে সন্ত্ৰাসবাদীক। এই সংঘৰ্ষতে এজন সেনা জোৱান শ্বহীদ হয়।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যোৱা ২৪ ঘন্টাত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তৃতীয়টো সংঘৰ্ষ হয়। ইয়াৰ পূৰ্বে কাশ্মীৰৰ কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল।

উল্লেখ্য যে উল্লেখ্য জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ইছলামিক সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বকে কঁপাই গৈছে। পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ