--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমাজবাদী পাৰ্টীৰ সাংসদ প্ৰিয়া সৰোজ আৰু ক্ৰিকেটাৰ ৰিংকু সিঙৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ১৮ নৱেম্বৰত দুয়োজনে বিবাহপাশত আৱদ্ধ হ’ব।বিবাহৰ পূৰ্বে ৮ জুনত দুয়োৰে আঙঠি পিন্ধোৱা অনুষ্ঠান অনুষ্ঠিত হ’ব লক্ষ্ণৌৰ এখন হোটেলত, য’ত পৰিয়াল আৰু ঘনিষ্ঠ লোক জড়িত থাকিব।

 চলিত বৰ্ষৰ জানুৱাৰী মাহত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ সৈতে ক্ৰিকেটাৰ ৰিংকু সিঙৰ সম্পৰ্ক নিশ্চিত হৈছিল। 

ৰিংকুৰ হ’বলগীয়া পত্নী হৈছে সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজ। ২৬ বছৰীয়া সৰোজে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ টিকটত মাছলিশ্বহৰ আসনৰ পৰা জয়লাভ কৰিছিল। বি পি সৰোজক ৩৫৮৫০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ১৯৯৮ চনৰ ২৩ নৱেম্বৰত বাৰাণসীত জন্মগ্ৰহণ কৰিছিল প্ৰিয়া সৰোজে।

প্ৰিয়াই নতুন দিল্লীৰ এয়াৰ ফৰ্চ গোল্ডেন জুবলী ইনষ্টিটিউটৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত নয়ডাৰ এমিটি ইউনিভাৰ্চিটিৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে। প্ৰিয়া সৰোজৰ পিতৃ টুফানী সৰোজেও তিনিবাৰকৈ লোকসভাৰ সাংসদ হৈ আহিছে। বৰ্তমান সমাজবাদী পাৰ্টিৰ টিকটত কেৰাকাট আসনৰ পৰা বিধায়ক হিচাপে কৰ্মৰত হৈ আছে টুফনী সৰোজ।

উল্লেখ্য যে প্ৰিয়া সৰোজ ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা সাংসদ। প্ৰিয়া লোকসভালৈ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২৫ বছৰ ৬ মাহ ১২ দিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ