--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমাজবাদী পাৰ্টীৰ সাংসদ প্ৰিয়া সৰোজ আৰু ক্ৰিকেটাৰ ৰিংকু সিঙৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ১৮ নৱেম্বৰত দুয়োজনে বিবাহপাশত আৱদ্ধ হ’ব।বিবাহৰ পূৰ্বে ৮ জুনত দুয়োৰে আঙঠি পিন্ধোৱা অনুষ্ঠান অনুষ্ঠিত হ’ব লক্ষ্ণৌৰ এখন হোটেলত, য’ত পৰিয়াল আৰু ঘনিষ্ঠ লোক জড়িত থাকিব।

 চলিত বৰ্ষৰ জানুৱাৰী মাহত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ সৈতে ক্ৰিকেটাৰ ৰিংকু সিঙৰ সম্পৰ্ক নিশ্চিত হৈছিল। 

ৰিংকুৰ হ’বলগীয়া পত্নী হৈছে সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজ। ২৬ বছৰীয়া সৰোজে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ টিকটত মাছলিশ্বহৰ আসনৰ পৰা জয়লাভ কৰিছিল। বি পি সৰোজক ৩৫৮৫০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ১৯৯৮ চনৰ ২৩ নৱেম্বৰত বাৰাণসীত জন্মগ্ৰহণ কৰিছিল প্ৰিয়া সৰোজে।

প্ৰিয়াই নতুন দিল্লীৰ এয়াৰ ফৰ্চ গোল্ডেন জুবলী ইনষ্টিটিউটৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত নয়ডাৰ এমিটি ইউনিভাৰ্চিটিৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে। প্ৰিয়া সৰোজৰ পিতৃ টুফানী সৰোজেও তিনিবাৰকৈ লোকসভাৰ সাংসদ হৈ আহিছে। বৰ্তমান সমাজবাদী পাৰ্টিৰ টিকটত কেৰাকাট আসনৰ পৰা বিধায়ক হিচাপে কৰ্মৰত হৈ আছে টুফনী সৰোজ।

উল্লেখ্য যে প্ৰিয়া সৰোজ ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা সাংসদ। প্ৰিয়া লোকসভালৈ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২৫ বছৰ ৬ মাহ ১২ দিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত