--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ভাৰতীয় সেনাৰ সাতজনকৈ জোৱানৰ। লাডাখত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে শুকুৰবাৰে সদৰি কৰিছে ভাৰতীয় সেনাই। ২৬জনকৈ সেনা জোৱানক কঢ়িয়াই নিয়া এখন বাহন পথৰ পৰা পিছলি লাডাখৰ শ্যোক নদীত পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

সেনাৰ এগৰাকী মুখপাত্ৰই এই দুৰ্ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কৈছে যে, ‘২৬জন সেনা জোৱানৰ এটা দলে ছাব ছেক্টৰ হানিফৰ পাৰ্টাপুৰত থকা ট্ৰেনজিত কেম্পৰ ফালে হৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ৯ বজাত ‘থৈছে’ৰ পৰা ২৫ কিলোমিটাৰ আঁতৰত বাহনখন পথৰ পৰা পিছলি শ্যোক নদীত পৰি যায়। 

বাহনখন পিছলি পৰা স্থানৰ গভীৰতা আছিল ৫০ৰ পৰা ৬০ ফুট।’ সকলো আৰোহী কম বেছি পৰিমাণে আহত হোৱা বুলি প্ৰকাশ কৰা হৈছে। আনহাতে ৭জন সেনা জোৱানৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে।

সাতজন জোৱানে প্ৰাণ হেৰুওৱাৰ তথ্য নিশ্চিত কৰি সেনাৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, আহতসকলক উপযুক্ত চিকিতসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৰুতৰভাৱে আঘাত পোৱাসকলক যাতে উন্নত চিকিতসা প্ৰদান কৰিব পৰা যায় তাৰ বাবে বায়ুসেনাৰ পৰা আকাশী পৰিবহনৰ সুবিধাও গ্ৰহণ কৰা হৈছে যাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক স্থানান্তৰ কৰিব পৰা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!