--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ভাৰতীয় সেনাৰ সাতজনকৈ জোৱানৰ। লাডাখত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে শুকুৰবাৰে সদৰি কৰিছে ভাৰতীয় সেনাই। ২৬জনকৈ সেনা জোৱানক কঢ়িয়াই নিয়া এখন বাহন পথৰ পৰা পিছলি লাডাখৰ শ্যোক নদীত পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

সেনাৰ এগৰাকী মুখপাত্ৰই এই দুৰ্ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কৈছে যে, ‘২৬জন সেনা জোৱানৰ এটা দলে ছাব ছেক্টৰ হানিফৰ পাৰ্টাপুৰত থকা ট্ৰেনজিত কেম্পৰ ফালে হৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ৯ বজাত ‘থৈছে’ৰ পৰা ২৫ কিলোমিটাৰ আঁতৰত বাহনখন পথৰ পৰা পিছলি শ্যোক নদীত পৰি যায়। 

বাহনখন পিছলি পৰা স্থানৰ গভীৰতা আছিল ৫০ৰ পৰা ৬০ ফুট।’ সকলো আৰোহী কম বেছি পৰিমাণে আহত হোৱা বুলি প্ৰকাশ কৰা হৈছে। আনহাতে ৭জন সেনা জোৱানৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে।

সাতজন জোৱানে প্ৰাণ হেৰুওৱাৰ তথ্য নিশ্চিত কৰি সেনাৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, আহতসকলক উপযুক্ত চিকিতসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৰুতৰভাৱে আঘাত পোৱাসকলক যাতে উন্নত চিকিতসা প্ৰদান কৰিব পৰা যায় তাৰ বাবে বায়ুসেনাৰ পৰা আকাশী পৰিবহনৰ সুবিধাও গ্ৰহণ কৰা হৈছে যাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক স্থানান্তৰ কৰিব পৰা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ