--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক কলো  দেখি, এক কলোঁ লেখি, হা দৈ বোলোঁতেই ওলাল হাৰ ডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল... অসমীয়া এই খণ্ডবাক্যটো অলপ সাল-সলনি কৰি কব পাৰি—মিছাৰ জাল ফালি ওলাল আৰিয়ান, এতিয়াহে পৰিল সমীৰৰ মৰণৰ পাল! সমীৰ মানে সমীৰ ৱাংখেৰে। যোৱা বছৰ বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ পুক্ৰ আৰিয়ানক ড্ৰাগছৰ গোচৰৰে সাঙুৰি গ্ৰেপ্তাৰ কৰাৰ পাছত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল সমীৰ ৱাংখেৰে। পিছে জুইৰ সৈতে ধেমালি কৰি তেওঁৰ নিজৰেই হাত জ্বলাই পেলোৱাটো স্পষ্ট হৈ পৰিল। সমীৰ ৱাংখেৰে নানা দুষ্কাৰ্য পোহৰলৈ আহিল আৰিয়ান খান কাণ্ডৰ তদন্তৰ আঁত ধৰি।

 

মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপি নেতা নবাৱ মালিকে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল তেওঁ জাতিগত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি চাকৰি লোৱাটো। জন্মসূ্ত্ৰে মুছলমান তথা মুছলমান ৰীতি অনুসৰি প্ৰথমবাৰ বিয়া কৰোঁৱা সমীৰ ৱাংখেৰেই পৰৱৰ্তী সময়ত ধৰ্মান্তৰিত হোৱাৰ লগতে ভুৱা জাতিগত প্ৰমাণপত্ৰ দাখিল কৰা বুলিও অভিযোগ উঠিছিল। তেওঁৰ বিৰুদ্ধে উঠা দুৰ্নীতিৰ অভিযোগৰো এতিয়া তদন্ত হৈ আছে। 


কিন্তু এতিয়া শ্বাহৰুখ তনয় আৰিয়ান দোষমুক্ত হোৱাৰ পাছতে সমীৰ ৱাংখেৰে বিপদত পৰাটো নিশ্চিত হৈ পৰিছে। ভুৱা জাতিগত প্ৰমাণপত্ৰ দাখিল কৰা আৰু আৰিয়ান খান গোচৰৰ নিকৃষ্ট তদন্ত কৰাৰ অভিযোগত সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এই বিষয়টোৰ সৈতে সম্পৰ্ক থকা কেন্দ্ৰীয় গৃহ বিভাগত এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।কৰ্তৃত্বশীল কৰ্তৃপক্ষই সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছে। তেওঁ গোচৰৰ নিকৃষ্ট তদন্ত কৰা তথা ভুৱা জাতিগত প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত ব্যৱস্থা গ্ৰহণৰ বাবে কোৱা হৈছে। গৃহ বিভাগৰ উচ্চস্তৰীয় সূত্ৰটোৱে এই কথা প্ৰকাশ কৰে।

 

উল্লেখ্য যে, কেৱল আৰিয়ান খানেই নহয় বলীউডৰ বিভিন্নজন চেলিব্ৰিটীৰ বিৰুদ্ধে তদন্ত চলাই থকা সমীৰৰ মুখা খুলিবলৈ ঘটনাক্ৰমৰ মাজত সোমাই পৰিছিল মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক। তেওঁ সমীৰ ৱাংখেৰেৰ বিৰু্দ্ধে নানা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। সমীৰ ৱাংখেৰেই বলীউড তাৰকাক ব্লেকমেইল কৰা তথা ভুৱা গোচৰ ৰুজু কৰি ধন আদায় কৰাৰ দৰে নানা অভিযোগ উত্থাপন হৈছিল সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। অভিযোগ উঠিছিল আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ আঁৰত ১৮ কোটি টকাৰ ডীল হোৱাৰ কথা। এনেবোৰ অভিযোগৰ পাছকে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল এনচিবি-এ। কেৱল এয়াই নহয়, তেওঁক অব্যাহতি দিয়া হৈছিল এনচিবিৰ পৰাও।

 

ম্বে উচ্চ ন্যায়ালয়ে আৰিয়ানৰ বিৰুদ্ধে ড্ৰাগছ গ্ৰহণ তথা সৰবৰাহৰ কোনো প্ৰমাণ নথকা বুলি উল্লেখ কৰি জামিন প্ৰদান কৰিছিল। তাৰ পাছত একেই প্ৰমাণৰ অভাৱত আৰিয়ানক দোষমুক্ত ঘোষণা কৰিলে এনচিবি-এ। কৰ্ডেলিয়া প্ৰমোদ তৰীৰ ড্ৰাগছৰ গোচৰ সন্দৰ্ভত এনচিবি-এ ৬০০০ পৃষ্ঠাৰ এখন চাৰ্জশ্বীট দাখিল কৰিছে আৰু তাতেই শ্বাহৰুখ তনয়ক ক্লীন শ্বীট দিয়া হৈছে।

 

এতিয়া গোচৰটোক নিকৃষ্টধৰণে বা উদ্দেশ্য প্ৰণোদিত ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগতে সমীৰ ৱাংখেৰে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হবলগীয়া হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement