--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিহাৰত এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত ৰাজ্যখনৰ ভোটাৰ তালিকাত প্রায় ৬৫ লাখ নাম কর্তন হৈছিল। সেই সময়ত বিৰোধী দল আৰু অধিকাৰকৰ্মীসকলে অভিযোগ কৰিছিল যে নির্বাচন আয়োগে বিজেপিৰ স্বাৰ্থত কাম কৰি নাগৰিকৰ নাম কৰ্তন কৰিছে।

ডিজিটেল ডেস্ক: বৰ্তমান দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত চলি থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ)-এ এটা বছৰ অতিক্ৰম কৰিলে আৰু এই ভোটাৰ তালিকা সংশোধনত ইতিমধ্যে দেশত ৬ কোটি নাম কৰ্তন কৰা হ'ল। 


উল্লেখযোগ্য যে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ আগত যোৱা বছৰ ২৪ জুনত ৰাজ্যখনত এছ আই আৰৰ প্ৰাৰম্ভিক (পাইলট) অনুশীলন আৰম্ভ হৈছিল। বিহাৰত এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত ৰাজ্যখনৰ ভোটাৰ তালিকাত প্রায় ৬৫ লাখ নাম কর্তন হৈছিল। সেই সময়ত বিৰোধী দল আৰু অধিকাৰকৰ্মীসকলে অভিযোগ কৰিছিল যে নির্বাচন আয়োগে বিজেপিৰ স্বাৰ্থত কাম কৰি নাগৰিকৰ নাম কৰ্তন কৰিছে।


মাৰ্চত উচ্চতম ন্যায়ালয়ে ভাৰতৰ নিৰ্বাচন আয়োগৰ এছ আই আৰ কৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখিছিল। ইফালে পশ্চিম বংগ আৰু বিহাৰৰ যিসকলৰ নাম এছ আই আৰৰ পাছত ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছিল, তেওঁলোকক ৰাজ্যৰ চৰকাৰী কল্যাণমূলক আঁচনি লাভৰ পৰা বঞ্চিত কৰা হৈছিল। 


যোৱা বছৰ ২৭ অক্টোবৰত ঘোষণা কৰা এছ আই আৰ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশ, পশ্চিম বংগ, তামিলনাডু, ৰাজস্থান, ছট্টীশগড়, কেৰালা, পুডুচেৰী, আন্দামান-নিকোবৰ, লাক্ষাদ্বীপ, গুজৰাট, মধ্য প্রদেশ আৰু গোৱাক। এছ আই আৰৰ আগত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুঠ ভোটাৰ ৫০.৯৯ কোটিতকৈ বেছি আছিল। এছ আই আৰৰ পাছত ৫.১৮ কোটি হ্রাস পাই ৪৫.৮১ কোটি হয়। ভোটাৰৰ সংখ্যা ১০.২ শতাংশ হ্রাস পালে।


আয়োগৰ মতে ভোটাৰ তালিকাৰ পৰা ৬৬,৮৮,৬৩৬ গৰাকী মৃত ব্যক্তিৰ নাম কৰ্তন কৰা হয়। এইসকলৰ ভিতৰত আটাইতকৈ বেছি কর্তন হয় উত্তৰ প্ৰদেশত (২৫.৪৭লাখ) আৰু তাৰ পাছতে পশ্চিম বংগৰ (২৪.১৬ লাখ)। ইয়াৰ উপৰি এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত আপত্তি আৰু মীমাংসাৰ পাছত অতিৰিক্তভাৱে ৬৩.১৬ লাখ নাম কর্তন হৈছিল। 


এছ আই আৰৰ তৃতীয় পৰ্যায়ত ১৬ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয়শাসিত অঞ্চল সামৰি লোৱা হৈছে। ৰাজ্যবোৰ হৈছে অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ওড়িশা, পঞ্জাব, ছিকিম, ত্ৰিপুৰা, তেলেংগানা আৰু উত্তৰাখণ্ড; আনহাতে কেন্দ্রীয়শাসিত অঞ্চল তিনিটা হৈছে দিল্লী, চণ্ডীগড় তথা দাদৰা-নগৰ হাৱেলী আৰু দমন-ডিউ।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী