--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি মাতৃক খবৰ দিয়াত মাতৃ আৰু আইতাক গৈ শিশুটিৰ বান্ধি থোৱাৰ পৰা গাঁঠি খুলিব খোজে যদিও দোকান খনৰ মালিকে গাঁঠি খুলিব নিদিয়ে। অৱশেষত শিশুটিৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত গৈ শিশুটি উদ্ধাৰ কৰে।

ডিজিটেল ডেস্ক: মঙলদৈত মৰেল পুলিচৰ ঘটনা। ৫ বছৰীয়া শিশুক অকথ্য নিৰ্যাতন। প্ৰায় তিনি ঘণ্টা তামোল গছত বান্ধি নিৰ্যাতন কৰে এটি পৰিয়ালে। মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক। শিশুটিয়ে ঘৰৰ ওচৰৰে দোকানৰ পৰা চিপছ্ কিনিবলৈ গৈ পইছা চুৰি কৰা বুলি সন্দেহত তামোল গছত বান্ধি নিৰ্যাতন চলায়। এই ঘটনা মঙলদৈ থানাৰ অন্তৰ্গত গেৰিমাৰীত।


স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি মাতৃক খবৰ দিয়াত মাতৃ আৰু আইতাক গৈ শিশুটিৰ বান্ধি থোৱাৰ পৰা গাঁঠি খুলিব খোজে যদিও দোকান খনৰ মালিকে গাঁঠি খুলিব নিদিয়ে। অৱশেষত শিশুটিৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত গৈ শিশুটি উদ্ধাৰ কৰে।


শিশুটিৰ পৰিয়ালে ইতিমধ্যে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে আৰু ঘটনাৰ লগত জড়িত থকা দোকানৰ মালিক গৌৰী দাস আৰু নাবালক পুত্ৰক থানালৈ লৈ আনে। পৰৱৰ্তী সময়ত আইনে এই মৰেল পুলিচৰ ঘটনাৰ লগত জড়িত লোকসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।


উল্লেখযোগ্য যে শিশুটিৰ বুকুত, ডিঙিত আৰু ভৰিত বেয়াকৈ আঘাত কৰে বুলি মন্তব্য কৰে মাতৃয়ে। মঙলদৈ আৰক্ষীয়ে শিশুটিৰ চিকিৎসাৰ ব্যৱস্থাও কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ