--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অহা সাত মে'ত দেশৰ কেইবাখনো ৰাজ্যত একে সময়তে বাজিব যুদ্ধৰ ছাইৰেন। সন্ত্রাসবাদীয়ে ২৬জন নিৰীহ পৰ্যটকৰ তেজেৰ ৰাঙলী কৰা পহলগামৰ আক্ৰমণটোৰ পাছত পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দেশৰ কেইবাখনো ৰাজ্যক নাগৰিক সুৰক্ষা অনুশীলন (চিভিল ডিফেন্স ড্রিল) কৰাৰ নিৰ্দেশ জাৰি কৰে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, এই মকড্ৰিলৰ সময়ত বিমান আক্ৰমণৰ সতর্কবাণী দিয়া ছাইৰেন (এয়াৰ ৰেইড বার্নিং ছাইৰেন) বজোৱা হ'ব আৰু সাধাৰণ নাগৰিক তথা ছাত্র-ছাত্রীসকলক শত্ৰুৰ আক্ৰমণৰ সময়ত নিজকে কেনেকৈ সুৰক্ষা দিব তাৰ প্ৰশিক্ষণ দিয়া হ'ব। 

ইয়াৰ অনুশীলনৰ সময়ত ব্লেকআউটৰ (নিশা লাইট বন্ধ কৰি থোৱাৰ) সময়ত প্রস্তুতি, গুৰুত্বপূর্ণ প্রকল্প তথা প্রতিষ্ঠানসমূহক শত্ৰুৰ দৃষ্টিৰ পৰা বচাই ৰখাৰ (কেম'ফ্লেজ) ব্যৱস্থা গ্রহণ কৰা হ'ব। ইয়াৰ লগতে জনসাধাৰণক নিৰাপদ স্থানলৈ নিয়াৰ (ইভাকুৱেশ্যন) অভিযান কেনেকৈ উন্নত কৰিব লাগে আৰু ইয়াৰ অনুশীলন কৰিব লাগে তাৰ ম'কড্রিল কৰা হ'ব যাতে জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্রহণ কৰিব পাৰি। 

অভ্যন্তৰীণ নিৰাপত্তা আৰু জৰুৰী অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ উদ্দেশ্যে এই অনুশীলন কৰা হ'ব বুলি সূত্ৰসমূহে প্রকাশ কৰে। সাত মে'ত হ'বলগীয়া 'মক ড্রিল'ৰ সময়ত গুৰুত্ব দিবলগীয়া বিষয়সমূহ হ'ল ক্রমে বিমান আক্ৰমণৰ সময়ত ছাইৰেন বজোৱা, আক্ৰমণৰ সময়ত নিজকে সুৰক্ষিত কৰাৰ কাৰণে নাগৰিক তথা ছাত্র-ছাত্রীক প্রশিক্ষণ দিয়া, আক্ৰমণৰ সময়ত লাইট নুমুৱাই দিয়া (ব্লেক আউট), গুৰুত্বপূৰ্ণ প্রকল্প তথা প্রতিষ্ঠানক আক্ৰমণৰ সময়ত শত্ৰুৰ দৃষ্টিৰ পৰা লুকুৱাই ৰখা, জনসাধাৰণক কোনো স্থান খালী কৰোঁৱাৰ বাবে আন স্থানলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনাৰ অনুশীলন কৰা। 

উল্লেখযোগ্য যে দেশত এনে ধৰণৰ মকড্রিল অন্তিমবাৰ হৈছিল ১৯৭১ চনৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত। সেইবাৰ যুদ্ধৰ মাজত এই মকড্রিল হৈছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ