--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অহা সাত মে'ত দেশৰ কেইবাখনো ৰাজ্যত একে সময়তে বাজিব যুদ্ধৰ ছাইৰেন। সন্ত্রাসবাদীয়ে ২৬জন নিৰীহ পৰ্যটকৰ তেজেৰ ৰাঙলী কৰা পহলগামৰ আক্ৰমণটোৰ পাছত পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দেশৰ কেইবাখনো ৰাজ্যক নাগৰিক সুৰক্ষা অনুশীলন (চিভিল ডিফেন্স ড্রিল) কৰাৰ নিৰ্দেশ জাৰি কৰে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, এই মকড্ৰিলৰ সময়ত বিমান আক্ৰমণৰ সতর্কবাণী দিয়া ছাইৰেন (এয়াৰ ৰেইড বার্নিং ছাইৰেন) বজোৱা হ'ব আৰু সাধাৰণ নাগৰিক তথা ছাত্র-ছাত্রীসকলক শত্ৰুৰ আক্ৰমণৰ সময়ত নিজকে কেনেকৈ সুৰক্ষা দিব তাৰ প্ৰশিক্ষণ দিয়া হ'ব। 

ইয়াৰ অনুশীলনৰ সময়ত ব্লেকআউটৰ (নিশা লাইট বন্ধ কৰি থোৱাৰ) সময়ত প্রস্তুতি, গুৰুত্বপূর্ণ প্রকল্প তথা প্রতিষ্ঠানসমূহক শত্ৰুৰ দৃষ্টিৰ পৰা বচাই ৰখাৰ (কেম'ফ্লেজ) ব্যৱস্থা গ্রহণ কৰা হ'ব। ইয়াৰ লগতে জনসাধাৰণক নিৰাপদ স্থানলৈ নিয়াৰ (ইভাকুৱেশ্যন) অভিযান কেনেকৈ উন্নত কৰিব লাগে আৰু ইয়াৰ অনুশীলন কৰিব লাগে তাৰ ম'কড্রিল কৰা হ'ব যাতে জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্রহণ কৰিব পাৰি। 

অভ্যন্তৰীণ নিৰাপত্তা আৰু জৰুৰী অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ উদ্দেশ্যে এই অনুশীলন কৰা হ'ব বুলি সূত্ৰসমূহে প্রকাশ কৰে। সাত মে'ত হ'বলগীয়া 'মক ড্রিল'ৰ সময়ত গুৰুত্ব দিবলগীয়া বিষয়সমূহ হ'ল ক্রমে বিমান আক্ৰমণৰ সময়ত ছাইৰেন বজোৱা, আক্ৰমণৰ সময়ত নিজকে সুৰক্ষিত কৰাৰ কাৰণে নাগৰিক তথা ছাত্র-ছাত্রীক প্রশিক্ষণ দিয়া, আক্ৰমণৰ সময়ত লাইট নুমুৱাই দিয়া (ব্লেক আউট), গুৰুত্বপূৰ্ণ প্রকল্প তথা প্রতিষ্ঠানক আক্ৰমণৰ সময়ত শত্ৰুৰ দৃষ্টিৰ পৰা লুকুৱাই ৰখা, জনসাধাৰণক কোনো স্থান খালী কৰোঁৱাৰ বাবে আন স্থানলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনাৰ অনুশীলন কৰা। 

উল্লেখযোগ্য যে দেশত এনে ধৰণৰ মকড্রিল অন্তিমবাৰ হৈছিল ১৯৭১ চনৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত। সেইবাৰ যুদ্ধৰ মাজত এই মকড্রিল হৈছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা