--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ বাবে সমঅধিকাৰৰ বিষয়ত বাংলাদেশৰ অন্তৰ্বতী চৰকাৰৰ বিৰুদ্ধে শনিবাৰে ২০ সহস্রাধিক ইছলামপন্থী প্রতিবাদকাৰীয়ে উত্তাল কৰে দেশখনৰ ৰাজধানী ঢাকাৰ ৰাজপথ। 

দেশখনত মহিলাৰ বাবে (বিশেষকৈ মুছলমান মহিলা) সমঅধিকাৰ প্ৰদানৰ ক্ষেত্ৰত অন্তবর্তী চৰকাৰখনৰ প্ৰস্তাৱিত অনুমোদনক গৰিহণা দি ঢাকাত শনিবাৰে ২০,০০০তকৈ অধিক এটা ইছলামিক গোটৰ সমর্থকসকলে প্রবল প্রতিবাদ সাব্যস্ত কৰে। হিফাজত-ই-ইছলাম গোটৰ নেতাই কয় যে প্ৰস্তাৱিত আইন সংস্কাৰখন হৈছে শ্বৰীয়া আইন-বিৰোধী। ঢাকা বিশ্ববিদ্যালয়ৰ সমীপত সমৱেত হোৱা ইছলামিক গোটটোৰ ২০ সহস্রাধিক অনুগামীয়ে হাতে হাতে বেনাৰ আৰু প্লে'কার্ড লৈ কয়, 'আমাৰ মহিলাৰ ওপৰত পশ্চিমীয়া আইন জাপি নিদিব, বাংলাদেশ জাগি উঠক।' যদি দেশখনৰ অন্তৰ্বৰ্তী চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে, তেনেহ'লে ইছলামিক গোটটোৱে ভাবুকি দিয়ে যে অহা ২৩ মে'ত দেশজুৰি তেওঁলোকে জনসভাৰ আয়োজন কৰিব। 

ইছলামিক গোটটোৰ নেতা মামুনুল হকে দাবী কৰে যে অন্তৱৰ্তী চৰকাৰৰ সংস্কাৰ আয়োগখন বাতিল কৰিব লাগে আৰু প্ৰস্তাৱিত সালসলনিৰ বাবে ইয়াৰ সদস্য সকলক শাস্তি দিব লাগে। তদুপৰি গোটটোৱে দেশখনত শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰে পৰা দেশখনত ইছলামিক গোটসমূহৰ কাৰ্যকলাৰ বৃদ্ধি পাইছে ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ